Tuesday, January 25, 2022

পৰিবৰ্তন: Change is inevitable in life

পৰিবৰ্তন, আমাৰ জীৱনৰ এটা অভিন্ন অংগ।
আমি যদি ভালদৰে মন দিও দেখিম যে প্ৰায় সকলো ক্ষেত্ৰতে আমাৰ জীৱনত যথেষ্ট পৰিবৰ্তন আহিছে আৰু আগলৈও আহিব। প্ৰকৃততে আগলৈ আৰু বেছি পৰিবৰ্তনহে আহিব।

বহুত মানুহ আছে যিয়ে পৰিবৰ্তনৰ নাম শুনিলে ভয় খায়। তেনে মানুহে যেন জীৱনতো সদায় একে প্ৰকাৰেই চলাই নিব, একো বিশেষ উন্নতি নকৰিব।
এইখিনিতেই এটা পুৰণি ঘটনা মনত পৰে। মই এটা office automation কোম্পানীত Customer Support ইন্জীনিয়াৰ হিচাবে কাম কৰিছিলো। এবাৰ এটা চৰকাৰী বেংকত আমি নোট গনণা কৰা machine এটা দি তাৰ মানুহক কেনেকে চলাব লাগে ভালদৰে শিকাই দি আহিলো। কিছুদিন পিছত অফিচত বেংকৰ মেনেজাৰৰ ফোন আহিল যে machine টো চলা নাই। মই গৈ দেখিলো যে machine থিকেই আছে। পিছত গম পালো যে যিজন মানুহে টকা গনণা কৰে তেখেতে machine চলাব ইচ্ছা কৰা নাই, কিয়নো এটা নতুন বস্তু শিকিব লাগিল। Machine টোৱে আচলতে মানুহজনৰ জীৱন অতি সহজ কৰি তুলিলেহেতেন, কিন্তু তেখেত পৰিবৰ্তনৰ বাবে সাজু নাছিল।

আগৰ দিনত চৰকাৰী খন্ডত এনেদৰে মানুহ পৰিবৰ্তন নোহোৱাকে চলিবও পাৰিছিল, তেতিয়া union ও আছিল সহায়ৰ বাবে।
কিন্তু আজিকালি চলিব অসুবিধা, science আৰু technology ইমান ঘনে ঘনে সলনি হয় যে মানুহে প্ৰায়ে পুৰণি বস্তু এৰি নতুন বস্তু শিকিব বাধ্য হয়। বেচৰকাৰী খন্ডত চাকৰি কৰিলে কেতিয়াবা এনেও হয় যে মানুহে পৰিবৰ্তনৰ লগতে নিজকে সলনি নকৰিলে চাকৰিও হেৰুৱাব লগীয়া হয় আৰু বেলেগ চাকৰি পাবলৈও অসুবিধা হয়।

আমি আমাৰ ল'ৰা ছোৱালীক সৰুৰে পৰাই পৰিবৰ্তনৰ লগত নিজকে মিলাই চলিব পৰাৰ শিকনি দিব লাগে। পৰিবৰ্তন অনুসৰি নতুন নতুন কথা শিকিব পৰা মনোভাব এটাও সৰুৰে পৰা গঢ়ি তুলিব লাগে।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

No comments:

Post a Comment