Friday, January 14, 2022

নিজৰ জীৱনৰ দ্বায়িত্ববোধ: Be responsible for own life

আমাৰ জীৱনত যেতিয়া কিবা ভাল হয় তেতিয়া আমি নিজেই ইয়াৰ credit লওঁ। কিন্তু যেতিয়া কিবা বেয়া হয় তেতিয়া ? আমাৰ নিজৰ বাহিৰে সকলোকে দোষ দি ফুৰো - এই মানুহজনৰ কাৰণে এইটো হ'ল, সেই মানুহজনৰ বাবে সেইটো হ'ল ... কোনো মানুহ নাপালে ভগবান বা গ্ৰহৰ ওপৰত দোষ দিও, বা ভাগ্যক।

কিন্তু আমাৰ জীৱনত যিয়েই নহওক কিয়, তাৰ বাবে জগৰীয়া মাত্ৰ আমি নিজেই। যদি কিবা ভাল চিন্তা বা কাম কৰিছো তাৰ সুফল পাইছো, যদি কিবা ভূল কৰিছো (জানি বুজি বা নজনাকে) তাৰ পৰিনামো পাইছো, হয়তো লগে লগে বা কেতিয়াবা কিছু সময় পিচত।

সকলোৱে এইটো মনত ৰাখিব লাগে যে নিজৰ জীৱনটোৰ দ্বায়িত্ব সদায় নিজৰহে। সকলোৱে জীৱনত যি কৰিব বা হ'ব সেইটো মাত্ৰ নিজৰ বাবেহে। যদি কোনোবাই জীৱনত উন্নতি কৰিব পাৰে, তাৰ সুফল সেই মানুহজনে নিজেহে পাব, আনে নাপায়। গতিকে নিজৰ জীৱনতো যাতে ভাল হয় তাৰ বাবে সকলোৱে চেষ্টা কৰিব লাগে।

বহুত ক্ষেত্ৰত দেখা যায় যে এইকথাটো বহুত ল'ৰা ছোৱালীয়ে (আনকি বহুত ডাঙৰ মানুহেও) বুজি নাপায়। জীৱনতো কিবা কিবি কৰি চলায়, কটাব লাগে বাবেই কটায়। ভবিষ্যতত কি কৰিব বিশেষ যেন একো চিন্তাই নাই। বহুতে ভাবে যে জীৱনতো এতিয়া যেনেদৰে চলিছে আগলৈও তেনেদৰেই চলিব।

মানুহ মৰণশীল - এই কথাটো আমাৰ বেছিভাগেই প্ৰায়েই পাহৰি যায়। আমাৰ কিছুমান মানুহ বহুত ক্ষেত্ৰত আনৰ ওপৰত নিৰ্ভৰশীল। তেনেক্ষেত্ৰত এইটো চিন্তা কৰিব লাগে যে আমি নিৰ্ভৰ কৰি থকা মানুহজন যেতিয়া আমাৰ মাজৰপৰা নোহোৱা হ'ৱ, তেতিয়া কি হ'ব ? গতিকে তাৰ ব্যৱস্থা আগতেই কৰিব লাগে।

মানুহে যিমান পাৰি সিমান আত্মনিৰ্ভৰ হোৱাৰ যত্ন কৰিব লাগে। ল'ৰা ছোৱালীকো অভিভাবকে সৰুৰে পৰাই আত্মনিৰ্ভৰ হোৱাৰ শিক্ষা দিব লাগে। নিজৰ জীৱনতো ভালদৰে চলাই নিব পৰা সকলো ধৰণৰ শিক্ষাই ল'ৰা ছোৱালীক শিকাব লাগে। এই ক্ষেত্ৰত অভিভাৱকৰ যথেষ্ট গুৰুত্ব আছে। আমাৰ বেছিভাগ অভিভাৱকে নিজেই জীৱনৰ দ্বায়িত্ববোধ বুজি পোৱা যেন নালাগে, গতিকে ল'ৰা ছোৱালীকো সেইবিষয়ে একো শিকাব নোৱাৰে। বেছিভাগ অভিভাৱকে ভাবে যে এখন ভাল স্কুলত ল'ৰা ছোৱালীৰ নাম লগাই দিব পাৰিলেই দ্বায়িত্ব শেষ। ঘৰত বিশেষ একো যত্ন নাই, নিজেও চিৰিয়েল চিনেমা চাই, সৰু ল'ৰা ছোৱালীকো দেখুৱায়। চিনেমা চিৰিয়েলত সৰু ল'ৰা ছোৱালীৰ বাবে উপযুক্ত একো নাথাকে, যথেষ্ট বেয়া শিকনি দিয়া বস্তুহে থাকে, সেইবোৰ চাই থাকিলে সৰু ল'ৰা ছোৱালীৰ মনত ভ্ৰান্ত ধাৰণাই স্থান পায় (আনকি ডাঙৰ মানুহৰ মনতো)।

জীৱনৰ দ্বায়িত্ববোধ ল'ৰা ছোৱালীক সৰুৰে পৰাই শিকাব পাৰিলে ভাল, কিয়নো ultimately জীৱনতো সকলোৰে নিজৰ বাবেহে।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

No comments:

Post a Comment