Wednesday, January 5, 2022

লক্ষ্যত সফলতাৰ বাবে পৰিকল্পনাৰ গুৰুত্ব: proper Planning and continuous Execution

আমি লক্ষ্য স্থাপন কৰাৰ পিচত তাক বিশদভাবে পৰিকল্পনা কৰিব লাগে। লক্ষ্যত উপনীত হ'বলৈ আমাক কি কি আৱশ্যক হ'ব পাৰে, সেই বিষয়ে ভালদৰে অনুসন্ধান কৰি সেইবিলাকৰ বিশদ তথ্য ল'ব লাগে।
উদাহৰণ হিচাবে যদি আমি এজন কলেজৰ ভাল lecturer হ'ব বিচাৰো, তেতিয়া আমি তাৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ এনে কৰিব পাৰো:
১) এজন ভাল lecturer ৰ লগত কথা হৈ বা তেখেতৰ লিখনি পঢ়ি বা video চাই বহুত জানিব পাৰো।
২) Google আৰু Youtube ৰ সহায় লৈও আমি বহুত জানিব পাৰো।

এনেদৰে লক্ষ্যত উপনীত হোৱাৰ বাবে সহায়ক দক্ষতা (skill) ৰ তালিকা প্ৰস্তুত কৰিব লাগে।
উদাহৰণ হিচাবে এজন ভাল lecturer হোৱাৰ বাবে লাগিব পৰা দক্ষতা বিলাক হ'ব পাৰে:

  • Phd in the subject
  • ভাল Communication skills
  • অসমীয়া আৰু English ভাষাৰ ভাল জ্ঞানৰ লগতে শুদ্ধ উচ্ছাৰণ আৰু ভাল vocabulary.
  • Public/stage speaking, Presentation Skills
  • Teaching skills
  • Pleasing personality

লক্ষ্যৰ সহায়ক দক্ষতাৰ তালিকা প্ৰস্তুত কৰাৰ পিচত, প্ৰতিটো দক্ষতাৰ বিষয়ে বিশদভাবে পৰিকল্পনা কৰিব লাগে। আমি প্ৰতিটো দক্ষতা কেনেকে আৰু কেতিয়া আহৰণ কৰিম তাৰ ওপৰত পৰিকল্পনা কৰিব লাগে। পৰিকল্পনা কৰোতে সদায় SMART শব্দটো তো মনত ৰাখিব লাগে (বিশেষ ইয়াত পাব)।
পৰিকল্পনা কৰোতে milestone (পৰ্যায়) হিচাবত কৰিলে ভাল, তেতিয়া পৰিকল্পনাৰ অগ্রগতি জানিব পাৰি। প্ৰতিটো পৰিকল্পনাৰ প্ৰতিটো milestone ৰ দৈনিক বা সাপ্তাহিক হিচাবত কার্য্য (task) থাকিব লাগে।

এখন sample overall plan, এজন HS পঢ়ি থকা ল'ৰাৰ বাবে

উদাহৰণ হিচাবে ভাল lecturer হ'বলৈ লগা communication skills, public speaking আৰু pleasing personality আমি আমাৰ দৈনন্দিন পঢ়া শুনাৰ লগতে শিকিব পাৰো। আমি সাপ্তাহিক কিবা course ও কৰিব পাৰো। দৈনিক বা সাপ্তাহিক হিচাবত আমি সময় নিৰ্ধাৰণ কৰিব লাগে আৰু তাক নিয়মিত হিচাবত কৰি যাব লাগে।

সকলো দক্ষতা একেলগতে শিকা সম্ভৱপৰ নহ'ব পাৰে, গতিকে দক্ষতাৰ গুৰুত্ব (importance) ৰ ওপৰত নিৰ্ভৰ কৰি শিকিব লাগে।
যেনে, ইয়াত দিয়া উদাহৰণত, Teaching skills আমি লাহে লাহে শিকিলেও হ'ব, গতিকে তাৰ বাবে আমি কিছু বছৰ পিচৰ পৰিকল্পনা কৰিলেও হ'ব। কিন্তু তাৰ বাবেও লিখিত পৰিকল্পনা কৰিব লাগে।

এখন sample detailed plan for acquiring communication skills

আমাৰ লক্ষ্যত লগা দক্ষতা বিলাক সুবিধা পালেই দৈনন্দিন কামত ব্যৱহাৰ কৰিব লাগে। উদাহৰণ হিচাবে public speaking ৰ বাবে য'তেই সুবিধা পোৱা যায় তাতেই stage বা বহুত মানুহৰ সমুখত কথা কোৱাৰ সুবিধা বিচাৰি ল'ব লাগে।

মাজে মাজে আমাৰ পৰিকল্পনা হিচাবে আমি দক্ষতা শিকি আছো নে নাই চাব লাগে। যদি হোৱা নাই তাৰ বাবে উপযুক্ত ব্যৱস্থা ল'ব লাগে।

Routine ৰ গুৰুত্ব:
আমাৰ সাপ্তাহিক routine থাকিব লাগে। প্ৰতিদিনে আমি কেতিয়া কি কি কৰিম, তাক লিখিত আকাৰে বনাই থ'ব লাগে। Routine ত পঢ়া শুনা, দক্ষতাৰ লগতে physical activity / game, creativity, মনোৰন্জন আদিৰ বাবেও সময় ৰাখিব লাগে।

এখন sample weekly routine

মাত্ৰ লক্ষ্য নিৰ্ধাৰণ কৰিলেই আমি লক্ষ্যত সফল হ'ব নোৱাৰো। সফলতাৰ বাবে এখন উপযুক্ত লিখিত পৰিকল্পনা প্ৰস্তুত কৰি সেই হিচাবত দৈনিক কাম কৰি যোৱাও যথেষ্ট দৰকাৰ। সাপ্তাহিক routine ৰ ব্যৱহাৰে আমাক লক্ষ্যত সফল হোৱাত সহায়ক হয়।

Related:

The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

No comments:

Post a Comment