Sunday, March 27, 2022

Personal Finance: ভাগ ৪, সঞ্চয়

<< ভাগ ৩ ভাগ ৫ >>

সঞ্চয় (saving) কৰাতো অতি আৱশ্যকীয়। মানুহে সাধাৰণতে মাহৰ সকলোবোৰ খৰচ কৰাৰ পিচত যিখিনি বাচি থাকে তাক সঞ্চয় কৰে। কিন্তু ইয়াক নকৰি আৰম্ভণীতেই আগতে নিৰ্ধাৰিত পৰিমানৰ ধন সঞ্চয় কৰি বাচি থকা খিনিৰে মাহৰ খৰচ চলাব পাৰিলে ভাল।

আমি সদায় আমাৰ সঞ্চয় বঢ়াবলৈ চেষ্টা কৰিব লাগে। তাৰ বাবে আমি:

  1. আয় (income) বঢ়াব যত্ন কৰিব লাগে, যাৰ বাবে আমি:
    • কম দৰমহাৰ চাকৰি এৰি বেচি দৰমহাৰ চাকৰি ল'ব পাৰো।
    • আমাৰ নিজৰ দক্ষতা বঢ়োৱাৰ যত্ন কৰিব পাৰো, যেনে কিবা নতুন দক্ষতা (skill) শিকিব বা higher degree ল'ব পাৰো, যিয়ে আমাক বেচি দৰমহাৰ চাকৰি পোৱাত সহায়ক হ'ব পাৰে।
    • নতুন চাকৰি পোৱাৰ সময়ত বা বছৰেকীয়া increment ৰ সময়ত আলোচনা (negotiate) কৰি দৰমহা বঢ়াই ল'ব পাৰো।
    • আৰু আন কিবা income ৰ ব্যৱস্থা কৰিব পাৰো, যেনে চাকৰিৰ লগতে কিবা part time ব্যৱসায়।
    • চাব লাগে যাতে জমা কৰি থোৱা ধনে আমাক উপযুক্ত সুদ্ (return) দিয়ে। যেনে savings account ত নাৰাখি আমি আমাৰ সাঁচতীয়া ধন fixed deposit বা mutual fund ত ৰাখিব পাৰো। বেংকত FD নকৰি আন কোম্পানী (যেনে HDFC) ত কৰিলে হয়তো বেছি return পাব পাৰো।
  2. খৰচ কম কৰিবৰ বাবে আমি:
    • অনাৱশ্যকীয় সামগ্ৰী কিনা বন্ধ বা কম কৰিব পাৰো। আমি বজাৰত যাওতে আমাক লগা সামগ্ৰীৰ তালিকা লগত লৈ গৈ সেইমতে বস্তু কিনিব পাৰো। বহু সময়ত আমি দোকানত (বিশেষকে super market বিলাকত) গৈ ভাল লাগি কিছু সামগ্ৰী কিনি আনো যিবিলাক ঘৰত এনেয়ে পৰি থাকে।
    • মনৰ নিয়ন্ত্রণ নাথাকিলে card (বিশেষকে credit card) ব্যৱহাৰ কৰিব নালাগে, কিয়নো card ত বস্তু কিনিলে গাত নালাগে। পইচা দি কিনিলেহে বুজি পোৱা যায় যে জেপৰ পৰা ধন ওলাই গৈছে।
    • Impulse buying (বস্তু এটা দেখিলেই বা ভাল লাগিলেই কিনা) কৰিব নালাগে। ইয়াৰ বাবে আমি চাব লাগে যে বস্তু এটা আমাৰ জীৱনত কিমান প্ৰয়োজনীয়। যদি আমি কিছু দিন ৰৈ দেখো যে বস্তুটো নোহোৱাকেও আমি ঠিকেই চলি আছো, তেতিয়া আমি জানিম যে বস্তুটো ইমান প্ৰয়োজনীয় নহয়।
    • আজিকালি বহুত super market ত offer চলি থাকে, সেই হিচাবত বস্তু কিনিলে কম দামত কিনিব পাৰি। যেনে DMart ত সদায় কিবা নহয় কিবা buy 1 get 1 চলি থাকে, তাৰ পৰা ভালদৰে চাই কিনিলে বহুত বস্তু আধা দামত কিনিব পাৰি।
    • সঘনাই lifestyle উন্নত কৰা যথেষ্ট costly, যেনে গাড়ী, মোবাইল সলোৱা আদি। বহুত মানুহে লগৰ আন মানুহক দেখাক দেখি এনে কৰি পিচত অসুবিধাৰ সন্মুখিন হয়।
    • সঘনাই ৰেস্তোৰাত খোৱা স্বাস্থ্যৰ বাবে বৰ ভাল নহয়, খৰছো বেছি, কমাব পাৰিলে ভাল।
    • ভালদৰে income tax ৰ পৰিকল্পনা কৰি অতিৰিক্ত tax দিয়া কমাব পাৰি।
    • সকলো ধৰণৰ loan যিমান পাৰি সিমান সোনকালে পৰিশোধ কৰাৰ চেষ্টা কৰিব লাগে।
    • আমি আমাৰ মাহেকীয়া budget (কি বস্তুত কিমান পৰিমাণৰ ধন খৰচ কৰিম) প্ৰস্তুত কৰি সেইমতে চলিব পাৰো।

আমি প্ৰতি মাহতে কিছু পৰিমানৰ ধন সাঁচিব যত্ন কৰিব লাগে, তেতিয়াহে তাক আমি আমাৰ আন কামত ব্যৱহাৰ কৰিব পাৰো।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

Wednesday, March 23, 2022

Personal Finance: ভাগ ৩, আয় (Income)

<< ভাগ ২ ভাগ ৪ >>

আয় (Income) হ'ল personal finance ৰ ভেঁটি (foundation), ই সকলো উৎসৰ পৰা হোৱা অৰ্থৰ প্ৰবাহক (inflow) বুজায়। যেনে দৰমহা, ঘৰৰ ভাড়া, বেংকৰ সুদ্, stock বা mutual fund ৰ পৰা পোৱা dividend আদি।

মুখ্যতঃ আয় দুই ধৰণৰ:

  • পৰিশ্ৰম ভিত্তিক: ইয়াত আমি দৈহিক বা মানসিক পৰিশ্ৰম কৰি ধন উপাৰ্জন কৰো, যেনে চাকৰি কৰা। ইয়াক active income বুলিও কোৱা হয় কিয়নো যেতিয়ালৈ মানুহজনে কাম কৰি থাকিব তেতিয়ালৈহে উপাৰ্জন হৈ থাকিব।
  • মূলধন ভিত্তিক: ইয়াত আমি আমাৰ ধন নিবেশ (invest) কৰি উপাৰ্জন কৰো, যেনে business ৰ পৰা অহা উপাৰ্জন, বেংকৰ সুদ্ আদি। ইয়াক passive income বুলিও কয়, ইয়াত উপাৰ্জন মানুহজনৰ ওপৰত নিৰ্ভৰ নকৰে।

আমি আমাৰ আয় বঢ়োৱাৰ ওপৰত গুৰুত্ব দিব লাগে। যিমান পাৰি ধন সঞ্চয় (save) কৰি তাক ভালদৰে নিবেশ (invest) কৰিব লাগে যাতে তাৰ পৰাও ভাল আয় হয়।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

Friday, March 11, 2022

Personal Finance: ভাগ ২

<< ভাগ ১ ভাগ ৩ >>

Personal finance বুলিলে অৰ্থৰ সকলো ধৰণৰ তত্ত্বাৱধান, সঞ্চয় (saving), আৰু বিনিয়োগ (investment) কৰা বুজাই যাতে অৰ্থৰ বৃদ্ধি হয়।

আমাৰ সকলোৰে জীৱনত অৰ্থৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। চৰকাৰী চাকৰিৰ সংখ্যা কমিছে, বেচৰকাৰি চাকৰিত একো সুৰক্ষা নাই, যিকোনো সময়তে চাকৰি বন্ধ হ'ব পাৰে, পেন্সন নাই আদি নানা সমস্যা। Personal finance ৰ জ্ঞানে আমাক বৰ্তমান আৰু ভবিষ্যত সময়ত জীৱন সুকলমে চলাই নিয়াত সহায় কৰে, আমাৰ জীৱনৰ প্ৰতিটো পৰ্যায়তে উপযুক্ত পৰিমানত অৰ্থৰ যোগান ধৰাত সহায়ক হয়।

Personal Finance ৰ পৰিকল্পনাৰ লগত জড়িত থকা বিষয় কেইটা হ'ল:

  1. আয় (income)
  2. খৰচ
  3. সঞ্চয় (saving)
  4. আৰ্থিক সুৰক্ষা (financial security): আমাৰ জীৱনত আহিব পৰা বিভিন্ন ধৰণৰ আৰ্থিক সংকট (risk) ৰ পৰা আমাক সুৰক্ষা দিব পৰা বিষয় বিলাক ইয়াত আহি পৰে।
  5. বিনিয়োগ (investment): আমাৰ জীৱনৰ বিভিন্ন আৰ্থিক লক্ষ্যৰ বাবে আমি ধন সাঁচিব লাগে। আমাৰ সাঁচতীয়া ধন ভালদৰে বৃদ্ধি কৰাৰ বিভিন্ন বিষয় বিলাক ইয়াত আহি পৰে।

ইয়াৰ পিচৰ ভাগত আয় (Income) ৰ বিষয়ে লিখিম।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

Friday, March 4, 2022

Personal Finance: ভাগ ১

ভাগ ২ >>

মই মোৰ ল'ৰাৰ লগত বহি তাৰ কাৰ্টুন চাই আছো, তেনেতে Ant and Grasshopper ৰ কাৰ্টুন এটা ওলাল। ইয়াত ফৰিংটোৱে ভৱিষ্যতৰ একো চিন্তা নকৰি দিনবোৰ আনন্দৰে কটায়। ইফালে পৰুৱাবোৰে কষ্ট কৰি ভৱিষ্যতৰ বাবে বস্তু গোটাই থয়। পৰুৱাবোৰে সোধাত ফৰিংটোৱে কয় যে চিন্তাৰ একো কাৰণ নাই, দিনবোৰ এতিয়াৰ দৰেই ভালে ভালে চলি যাব।
পিচত ঠান্ডা দিনত বৰফ পৰি সকলো বস্তু নোহোৱা হোৱাত ফৰিং বিপদত পৰে, কিন্তু পৰুৱাবোৰৰ তেতিয়াও একো অসুবিধা নহ'ল, সিহতৰ গোটাই থোৱা বস্তুৰে ভালদৰে চলি গ'ল।

ইয়াৰ পৰা আমাৰ কিছু শিকিব লগীয়া আছে। আমি উপাৰ্জন কৰি থকা সময়ত আমাৰ ভৱিষ্যতৰ কথা বিশেষ নাভাবো, ভৱিষ্যতত কি কি ধৰণৰ সমস্যা আহিব পাৰে তাৰ বাবে একো চিন্তা নকৰো আৰু একো প্ৰস্তুতিও নচলাওঁ। আমি বহুতেই এইটোও পাহৰি যাওঁ যে আমিও এদিন বুঢ়া হ'ম, আমিও বেমাৰত পৰিম, আমিও এদিন মৃত্যুৰ মূখত পৰিম, আমিও কেতিয়াবা আকস্মিক ভাবে দূৰ্ঘটনাৰ সন্মুখিন হ'ব লগা হ'ব পাৰে। আমি বেচিভাগেই এইবিলাকৰ প্ৰতি বেচি সজাগ নহও আৰু সেয়েহে জীৱনত যেতিয়া এই ধৰণৰ সমস্যাৰ সন্মুখিন হওঁ তেতিয়া অসুবিধাত পৰো।

আমাৰ জীৱনত আহিব পৰা এনে সমস্যাৰ বাবে আৰ্থিক দিশত প্ৰস্তুত হ'বলৈ আমাক Personal Finance ৰ জ্ঞান লাগে।
ইয়াত মই মোৰ অভিজ্ঞতা আৰু Certified Financial Planner ৰ বাবে কৰা অধ্যয়নৰ ভিত্তিত Personal Finance ৰ ওপৰত লিখিব ওলাইছোঁ, মুঠতে প্ৰায় ১৬ টা ভাগ আছে। আশাকৰো কোনোবা ইয়াৰ দ্বাৰা কিছু পৰিমানে হ'লেও লাভবান হ'ব।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.