Tuesday, July 12, 2022

Personal Finance: ভাগ ১২, Credit Rating

<< ভাগ ১১ ভাগ ১৩ >>

Credit Rating হ'ল প্ৰতিস্থান এটাৰ সময়মতে ঋণ পৰিশোধ কৰিব পৰা ক্ষমতাৰ সুচক। ই প্ৰতিস্থান এটাৰ বিভিন্ন কামত সহায়ক হয় যেনে

  1. বেংকৰ পৰা ঋণ (loan) লোৱা সময়ত প্ৰতিস্থান এটাৰ ভাল Credit rating থাকিলে ঋণ পোৱাত সুবিধা হয় আৰু ঋণ কম সুদতে পাব পাৰে।
  2. যেতিয়া প্ৰতিস্থান এটাই ইয়াক লগা ধন সংগ্ৰহ কৰিবলৈ FD বা Bond জাৰি কৰে তেতিয়া ইয়াৰ ভাল Credit rating থাকিলে মানুহে সহজতে ইয়াত ধন নিবেশ কৰে।

এই Credit Rating বিলাক কিছুমান Credit Rating Agency য়ে দিয়ে, তেনে কিছুমান agency হ'ল

  • CRISIL
  • ICRA
  • CARE
  • India Ratings
  • Brickwork Ratings
  • Infometrics Valuation

এই Credit Rating বিলাক AAA (আটাইতকৈ ভাল, highest safety) ৰ পৰা D (আটাইতকৈ বেয়া, high risky) লৈ থাকে, যেনে

Credit RatingMeaning
AAAHighest degree of safety and lowest credit risk
AAHigh degree of safety and low credit risk
AAdequate degree of safety and low credit risk
BBBModerate degree of safety and moderate credit risk
BBModerate risk of default
BHigh risk of default
CVery high risk of default
DAlready in default or expected to default

আমি প্ৰতিস্থান এটাৰ FD বা Bond অত ধন নিবেশ কৰাৰ সময়ত ভাল Credit Rating চাইহে ধন নিবেশ কৰিব লাগে।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

Sunday, July 10, 2022

Personal Finance: ভাগ ১১, ধন বিনিয়োগ

<< ভাগ ১০ ভাগ ১২ >>

আমি আমাৰ সাঁচতীয়া ধনৰ বৃদ্ধি কৰিবলৈ বিভিন্ন ধৰণে ধন বিনিয়োগ কৰিব পাৰো।
ধন বিনিয়োগ কৰোতে আমি সদায় risk and return আৰু Power of Compounding মনত ৰাখিব লাগে। চাব লাগে যাতে মুদ্ৰাস্ফীতিতকৈ বেচি return পোৱা যায়।

ধন বিনিয়োগ কৰাৰ বাবে বিভিন্ন ধৰণৰ investment product আছে, প্ৰতিটোৰে risk আৰু return বেলেগ বেলেগ।

  1. Financial investment: ইয়াৰ ভিতৰত পৰে:
    1. Fixed income products:
      • Savings account: ইয়াত থোৱা ধন যিকোনো সময়তে উলিয়াব পাৰি যদিও return ২% বা ৩% হে পোৱা যায়।
      • Recurring Deposit (RD)
      • Fixed Deposit (FD)
      • Employee Provident Fund (EPF or PF)
      • Public Provident Fund (PPF)
      • Bond
      • National Savings Certificate (NSC): আমি ডাক ঘৰত ৫ বছৰৰ বাবে NSC কিনিব পাৰো যিয়ে বছৰেকীয়া ৬.৮% হাৰত সুদ দিয়ে। ইয়াত জমা থোৱা ধন ইনকাম্ টেক্সৰ 80C ৰ অধীনত ১.৫ লাখ টকালৈকে ৰেহায় পাব পাৰি।
      • Sukanya Samriddhi Yojana: কন্যা সন্তানৰ বাবে ২১ বছৰীয়া এই আঁচনিৰ অধীনত বছৰেকীয়া ৭.৬% সুদ পাব পাৰি। ইয়াত জমা থোৱা ধন ইনকাম্ টেক্সৰ 80C ৰ অধীনত ১.৫ লাখ টকালৈকো ৰেহায় পাব পাৰি।
    2. Non-fixed income investments:
      • Stocks
      • Mutual Fund
      • National Pension System (NPS)
      • Cryptocurrency
  2. Non-Financial investment: ইয়াৰ ভিতৰত পৰে:
    • Land / real estate
    • Gold
    • Fine arts and antiques

ইয়াৰ ওপৰিও বয়োজ্যষ্ট সকলৰ বাবে আন কিছুমান investment option আছে যেনে Senior Citizens' Saving Scheme, Pradhan Mantri Vaya Vandana Yojana আদি।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

Friday, July 8, 2022

Personal Finance: ভাগ ৯, Asset and Liability

<< ভাগ ৮ ভাগ ১০ >>

Asset হ'ল আৰ্থিক মুল্য থকা সম্পদ (resource) যাৰ প্ৰত্যক্ষ বা পৰোক্ষ্য ভাবে মূলধন আহৰণ (generate) কৰাৰ ক্ষমতা আছে। যেনে ভাড়াত দিয়া ঘৰ, কোম্পানীৰ শ্বেয়াৰ (share), মানুহ এজনৰ যোগ্যতা আদি। Asset থাকিলে মানুহৰ হাতলৈ টকা আমদানী হয়।

Liability হ'ল যিয়ে মানুহৰ হাতৰ পৰা টকা উলিয়াই নিয়ে। যেনে ব্যক্তিগত বস্তু কিনিবলৈ লোৱা ঋণ (loan ৰ বাবে আমি যথেষ্ট সুদ দিব লগা হয়), ব্যক্তিগত কামত ব্যৱহাৰ কৰাৰ বাবে কিনা গাড়ী (গাড়ী এখনৰ লগত বহুত আন খৰচ আহি পৰে যেনে insurance, periodic maintenance ...) আদি।
এইখিনিতেই চাব লাগে যে একে ধৰণৰ বস্তুৱেই কেতিয়াবা liability নহ'বওঁ পাৰে। যেনে ব্যৱসায় কৰিবলৈ লোৱা ঋণ liability নহ'বওঁ পাৰে কিয়নো ব্যৱসায় সফল হ'লে যিমান টকা আহিব পাৰে সি লোৱা ঋণতকৈ বহু বেচি হ'ব পাৰে।

আমি আমাৰ asset বঢ়াব আৰু liability কমাব যত্ন কৰিব লাগে।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

Tuesday, July 5, 2022

Personal Finance: ভাগ ৮, Risk and Return

<< ভাগ ৭ ভাগ ৯ >>

আমি আমাৰ মূলধন risk ত থকা বুলি কওঁ যেতিয়া মূলধন (অলপ বা গোটেইখিনি) ওভতাই পোৱাৰ সম্ভাৱনা কম হয়। Return হ'ল মূলধনৰ পৰা পোৱা সুদ।
সাধাৰণতে কম risk থকা investment ৰ পৰা কম return পোৱা যায়, বেচি return পোৱা investment বিলাক সাধাৰণতে বেচি risk থকা হয়। যদিও বেচি risk থকা investment বিলাকৰ পৰা বেচি return পোৱাৰ সম্ভাৱনা আছে, কিন্তু তথাপি ইয়াৰ একো নিশ্চয়তা নাই।

আমি আমাৰ risk ল'ব পৰা ক্ষমতা অনুসৰি investment কৰিব লাগে, চাব লাগে যাতে মুদ্ৰাস্ফীতিৰ হাৰতকৈ বেচি return পোৱা যায়।
মানুহৰ risk ল'ব পৰা ক্ষমতা কিছুমান factor ৰ ওপৰত নিৰ্ভৰ কৰে, যেনে:

  • বয়স: মানুহে কম বয়সত সাধাৰণতে বেচি risk ল'ব পাৰে, কাৰণ কম বয়সত যদি investment কৰি মূলধন ওভতাই পোৱা নাযায় তথাপি মানুহজনে কিবা কৰি হ'লেও উপাৰ্জন কৰিব পাৰিব। কিন্তু বয়সিয়াল মানুহ এজনে investment কৰি মূলধন ওভতাই নাপালে তেখেতে হয়তো আৰু উপাৰ্জন কৰিব নোৱাৰিবওঁ পাৰে।
  • আৰ্থিক ক্ষমতা: আৰ্থিক ভাবে শক্তিশালী মানুহে সাধাৰণতে বেচি risk ল'ব পাৰে। যেনে কোনো মানুহৰ হাতত যদি মাত্ৰ ১ লাখ টকাহে থাকে তেন্তে তেখেতে ৫০ হাজাৰ টকা, বেচি risk থকা investment ত লগাব নোৱাৰে, কিয়নো কিবা কাৰণত মূলধন ওভতাই নাপালে তেখেতৰ অসুবিধা হ'ব। আনহাতে আন এজনৰ হাতত যদি ১০ লাখ টকা থাকে তেন্তে তেখেতে ৫০ হাজাৰ টকা, বেচি risk থকা investment ত লগাব পাৰে।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.