Tuesday, July 5, 2022

Personal Finance: ভাগ ৮, Risk and Return

<< ভাগ ৭ ভাগ ৯ >>

আমি আমাৰ মূলধন risk ত থকা বুলি কওঁ যেতিয়া মূলধন (অলপ বা গোটেইখিনি) ওভতাই পোৱাৰ সম্ভাৱনা কম হয়। Return হ'ল মূলধনৰ পৰা পোৱা সুদ।
সাধাৰণতে কম risk থকা investment ৰ পৰা কম return পোৱা যায়, বেচি return পোৱা investment বিলাক সাধাৰণতে বেচি risk থকা হয়। যদিও বেচি risk থকা investment বিলাকৰ পৰা বেচি return পোৱাৰ সম্ভাৱনা আছে, কিন্তু তথাপি ইয়াৰ একো নিশ্চয়তা নাই।

আমি আমাৰ risk ল'ব পৰা ক্ষমতা অনুসৰি investment কৰিব লাগে, চাব লাগে যাতে মুদ্ৰাস্ফীতিৰ হাৰতকৈ বেচি return পোৱা যায়।
মানুহৰ risk ল'ব পৰা ক্ষমতা কিছুমান factor ৰ ওপৰত নিৰ্ভৰ কৰে, যেনে:

  • বয়স: মানুহে কম বয়সত সাধাৰণতে বেচি risk ল'ব পাৰে, কাৰণ কম বয়সত যদি investment কৰি মূলধন ওভতাই পোৱা নাযায় তথাপি মানুহজনে কিবা কৰি হ'লেও উপাৰ্জন কৰিব পাৰিব। কিন্তু বয়সিয়াল মানুহ এজনে investment কৰি মূলধন ওভতাই নাপালে তেখেতে হয়তো আৰু উপাৰ্জন কৰিব নোৱাৰিবওঁ পাৰে।
  • আৰ্থিক ক্ষমতা: আৰ্থিক ভাবে শক্তিশালী মানুহে সাধাৰণতে বেচি risk ল'ব পাৰে। যেনে কোনো মানুহৰ হাতত যদি মাত্ৰ ১ লাখ টকাহে থাকে তেন্তে তেখেতে ৫০ হাজাৰ টকা, বেচি risk থকা investment ত লগাব নোৱাৰে, কিয়নো কিবা কাৰণত মূলধন ওভতাই নাপালে তেখেতৰ অসুবিধা হ'ব। আনহাতে আন এজনৰ হাতত যদি ১০ লাখ টকা থাকে তেন্তে তেখেতে ৫০ হাজাৰ টকা, বেচি risk থকা investment ত লগাব পাৰে।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

No comments:

Post a Comment