Friday, July 8, 2022

Personal Finance: ভাগ ৯, Asset and Liability

<< ভাগ ৮ ভাগ ১০ >>

Asset হ'ল আৰ্থিক মুল্য থকা সম্পদ (resource) যাৰ প্ৰত্যক্ষ বা পৰোক্ষ্য ভাবে মূলধন আহৰণ (generate) কৰাৰ ক্ষমতা আছে। যেনে ভাড়াত দিয়া ঘৰ, কোম্পানীৰ শ্বেয়াৰ (share), মানুহ এজনৰ যোগ্যতা আদি। Asset থাকিলে মানুহৰ হাতলৈ টকা আমদানী হয়।

Liability হ'ল যিয়ে মানুহৰ হাতৰ পৰা টকা উলিয়াই নিয়ে। যেনে ব্যক্তিগত বস্তু কিনিবলৈ লোৱা ঋণ (loan ৰ বাবে আমি যথেষ্ট সুদ দিব লগা হয়), ব্যক্তিগত কামত ব্যৱহাৰ কৰাৰ বাবে কিনা গাড়ী (গাড়ী এখনৰ লগত বহুত আন খৰচ আহি পৰে যেনে insurance, periodic maintenance ...) আদি।
এইখিনিতেই চাব লাগে যে একে ধৰণৰ বস্তুৱেই কেতিয়াবা liability নহ'বওঁ পাৰে। যেনে ব্যৱসায় কৰিবলৈ লোৱা ঋণ liability নহ'বওঁ পাৰে কিয়নো ব্যৱসায় সফল হ'লে যিমান টকা আহিব পাৰে সি লোৱা ঋণতকৈ বহু বেচি হ'ব পাৰে।

আমি আমাৰ asset বঢ়াব আৰু liability কমাব যত্ন কৰিব লাগে।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

No comments:

Post a Comment