Tuesday, December 24, 2019

আমি অসমীয়া


আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হম?
সকলো আছিল সকলো আছে নুবুজো নলওঁ গম ।

আমি অসমীয়া হিচাবে আমাৰ অসমখনৰ উন্নতিত কিবা অলপ হ'লেও যোগদান দিব পাৰো নেকি, বিশেষকৈ শেহতীয়া পৰিস্থিতিলৈ লক্ষ্য় ৰাখি ?
মই ভাবি ভাবি যিখিনি পালো, তাক তলত উল্লেখ কৰিছো ।

  • শিক্ষা আৰু ব্যক্তিগত অৰ্হতা বৰ্ধন
    শিক্ষা জাতি এটাৰ মেৰুদন্ড।
    • আমি প্ৰত্য়েকে নিজৰ ঘৰখনত এটা শিকাৰ পৰিবেশ গঢ়ি তুলিব পাৰো । সকলোৱা যেন শিকাৰ কাৰণে পঢ়ে, মাত্ৰ পৰিক্ষ্য়া পাচ কৰিবলৈ নহয়। পাঠ্য়পুঠিৰ লগতে আন জ্ঞান বৰ্ধক আলোচনীও পঢ়িব লাগে। আনকো শিকিবলৈ উৎসাহিত কৰিব পাৰো।
    • সৰুৰে পৰা আমাৰ ল'ৰা ছোৱালী আৰু আন অসমীয়াক পৰিশ্ৰমী কৰিব চেষ্টা কৰিব পাৰো ।
    • অমি যিখিনি জানো, তাক আনৰ লগত share কৰিলে, নজনা সকলেও যথেষ্ট উপকৃত হ'ব। তাৰ বাবে আমি online platform আৰু social media ব্য়বহাৰ কৰিব পাৰো।
    • আমি বিভিন্ন ধৰণৰ বিষয়, আন ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰিব পাৰো, যাতে আমাৰ মানুহেও সেইবোৰৰ বিষয়ে জ্ঞান আহৰণ কৰিব পাৰে।
  • ভাষা
    • আমি আমাৰ ভাষা যিমান পাৰি সিমান ব্য়ৱহাৰ কৰিব পাৰো, ঘৰত আৰু বাহিৰত।
    • আমি সৰুৰে পৰা আমাৰ ল'ৰা ছোৱালীক অসমীয়া ভাষা শিকা আৰু ব্য়ৱহাৰৰ গুৰুত্ব বুজাব পাৰো।
    • আমি আন ভাষাৰ লোককো অসমীয়া শিকিবলৈ উৎসাহিত কৰিব পাৰো। যিয়ে শিকিব পাৰিছে, সিহঁতক আন মানুহৰ আগত প্ৰশংসা (praise publicly) কৰিলে, আনেও শিকিবলৈ উৎসাহ পাব।
  • সংস্কৃতি
    • আমি আমাৰ সংস্কৃতি যিমান পাৰি সিমান বজাই ৰাখিবলৈ যত্ন কৰিব পাৰো, ঘৰত আৰু বাহিৰত। লগতে আমাৰ ল'ৰা ছোৱালীকো শিকাব পাৰো।
    • আমি আমাৰ সংস্কৃতি, সেয়া যি ঠাইৰে নহওক, সদায় সন্মান কৰিব পাৰো। দেখা যায় যে upper অসমৰ বহুতে Lower অসমৰ সংস্কৃতিক হাঁহে, এনে হ'লে আমাৰ জাতিত ঐক্য নোহোৱা হ'ব।
    • আমি আমাৰ সংস্কৃতি যিমান পাৰি সিমান প্ৰচাৰ কৰাৰ চেষ্টা কৰিব পাৰো, বিশেষকে অসমৰ বাহিৰত থকা বিলাকে। আমাৰ লগৰ বিলাকক আমি আমাৰ সংস্কৃতিৰ বিষয়ে কব পাৰো। আমাৰ সংস্কৃতিৰ ওপৰত আমি লিখিব পাৰো আৰু লগৰ আন ঠাইৰ বন্ধুৰ লগত share কৰিব পাৰো। তাৰ বাবে আমি online platform আৰু social media ব্য়বহাৰ কৰিব পাৰো। ইয়ে আমাৰ পর্যটন উদ্যোগত সহায়ক হ'ব পাৰে।
    • অসমৰ বাহিৰত থকা বিলাকে ইজনে সিজনৰ লগত ভাল বন্ধুত্ত বজাই ৰাখিব পাৰো। এই ক্ষেত্ৰত মই Malayali মানুহৰ উদাহৰণ দিব বিচাৰিছো । যেতিয়া office ত এজন নতুন Malayali মানুহ আহে, আন Malayali মানুহে অতি কম সময়ৰ ভিতৰতে সেইজনৰ লগত বন্ধুত্ত কৰি পেলায়। মাত্ৰ এঘন্তা আগত লগ পোৱা মানুহৰ লগত এনেদৰে কথা পাতে, লাগে যেন বছৰ বছৰ ধৰি চিনি পায়। কিন্ত অসমীয়াৰ ক্ষেত্ৰত তেনে হোৱা দেখা নাযায়।
  • ঐতিহ্য
    • আমাৰ ঐতিহাসিক স্থানবোৰ (monuments) আমি সযতনে সংৰক্ষণ কৰিব লাগে, ধংস হ'বলৈ দিব নালাগে। দেখা যায় যে মানুহে সেইবোৰত কিবা কিবি লিখি আহে, ইয়ে স্থানবোৰৰ ক্ষতি সাধন কৰে। তেনেকুৱা নকৰিবলৈ আমি আমাৰ লৰা ছোৱালী লগতে আনকো বুজাব পাৰো।
    • আমাৰ ল'ৰা ছোৱালীক ঐতিহাসিক স্থানবোৰৰ বিষয়ে ক'ব পাৰো আৰু পাৰিলে সেইবোৰ স্থানলৈ লৈ যাব পাৰো। ল'ৰা ছোৱালীক সংগ্ৰাহালয়লৈ (museum) লৈ গলে বহুত কথা জানিব পাৰিব।
    • আমি আমাৰ ঐতিহ্য যিমান পাৰি সিমান প্ৰচাৰ কৰাৰ চেষ্টা কৰিব পাৰো, বিশেষকে অসমৰ বাহিৰত থকা বিলাকে। আমাৰ লগৰ বিলাকক আমি আমাৰ ঐতিহ্যৰ বিষয়ে কব পাৰো। আমাৰ ঐতিহ্যৰ ওপৰত আমি লিখিব পাৰো আৰু লগৰ আন ঠাইৰ বন্ধুৰ লগত share কৰিব পাৰো। তাৰ বাবে আমি online platform আৰু social media ব্য়বহাৰ কৰিব পাৰো। ইয়ে আমাৰ পর্যটন উদ্যোগত সহায়ক হ'ব পাৰে।
  • আৰ্থিক আৰু জীবিকা
    • আমাৰ থলুৱা ব্যৱসায়ক সমর্থন কৰিব পাৰো। থলুৱা ব্যৱসায়ীৰ পৰা বস্তু কিনিব পাৰো, আমি জনা মানুহখিনিক থলুৱা ব্যৱসায়ীৰ বিষয়ে জনাব পাৰো, থলুৱা ব্যৱসায়ীক সমর্থন কৰি ধনাত্মক মন্তব্য (positive reviews) দিব পাৰো - তাৰ বাবে আমি online platform আৰু social media ব্য়বহাৰ কৰিব পাৰো।
    • আমাৰ কামৰ বাবে অসমীয়া মানুহ ব্য়ৱহাৰ কৰিব পাৰো, এইটো অলপমান Tricky, কাৰণ আন কিছুমান মানুহ আমাৰ মানুহতকৈ বেছি পৰিশ্ৰমী।
    • আমাৰ থলুৱা মানুহক সংস্থাপন আৰু চাকৰিৰ ক্ষেত্ৰত সহায় কৰিব পাৰো। যেতিয়া আমি কাম কৰি থকা সংগঠনত কিবা চাকৰিৰ কথা জানিব পাওঁ, তেতিয়া আমাৰ অসমীয়া মানুহক জনাব পাৰো আৰু refer কৰিব পাৰো। উদাহৰণ হিচাবে মোৰ ইয়াত থকা অসমীয়াৰ এটা group email id আছে, যেতিয়া job vacancy ওলায় তেতিয়া আমি ইয়াত details post কৰো।
    • চৰকাৰী আৰু সামুহিক সম্পত্তি ধংস কৰিব নালাগে, এইবোৰ আচলতে আমাৰ পইচাৰেহে কিনা - আমি এই কথাবোৰ আমাৰ লৰা ছোৱালী আৰু আনক বুজাব পাৰো।
    • আমি বাহিৰৰ পৰা অহা পৰিভ্ৰমণকাৰীক যিকোনো ধৰণৰ ক্ষতি সাধন কৰিব নালাগে। ইয়ে বাহিৰত আমাৰ প্ৰতিচ্ছবি হেয় কৰি তুলিব পাৰে, যিয়ে দূৰলৈ আমাৰ পর্যটন উদ্যোগক ক্ষতি কৰিব পাৰে।
    • মাটি বা আন স্থায়ী সম্পত্তি বিক্ৰৰ ক্ষেত্ৰত, আমি আমাৰ থলুৱা মানুহক প্ৰথম preference দিব পাৰো। ইয়ে বাহিৰৰ মানুহক অসমত চিৰস্থায়ী হোৱাত বাধা প্ৰদান কৰিব।
      অসমৰ বাহিৰত, বিশেষকৈ মই থকা ঠাইত দেখিছো যে ইয়াৰ মানুহ এইক্ষেত্ৰত বহুত সজাগ। যিকোনো colony ত মাটি কিনিব গলে, বহুত ক্ষেত্ৰত, আমি directly মাটিৰ মালিকৰ পৰা মাটি কিনিব নোৱাৰো, এটা সংগঠন থাকে যাৰ সহায়তহে মাটি কিনিব পাৰি। স্থানীয় মানুহৰ বাবে দাম কম আৰু বাহিৰৰ মানুহৰ বাবে বেছি। মাটি বেচাৰ সময়তো, বাহিৰৰ মানুহে বেচিলে market price তকৈ কমত বেচিব লাগে, নহলে সংগঠন টোৱে কাকো কিনিব নিদিয়ে।
    • অসমত আমি নিজাকে business গঢ়ি তুলিব যত্ন কৰিব পাৰো, তেতিয়া আমি অসমীয়া মানুহক কৰ্ম সংস্থাপন দিব পৰিম।

আমাৰ জেষ্ঠ নাগৰিক সকলোকো আমি বিভিন্ন সামাজিক কামত জড়িত হ'বলৈ উৎসাহিত কৰিব পাৰো। বাহিৰৰ দেশত দেখা যায় যে বহুত জেষ্ঠ নাগৰিকে শনি আৰু ৰবিবাৰে ৰাজহুৱা স্থানত লগ হৈ বিভিন্ন সংগঠনৰ বাবে পইচা সংগ্ৰহ কৰে। মানুহক আকৰ্ষণ কৰিবলৈ তেওঁলোকে নানা ধৰণত আমোদজনক কাম কৰে, যেনে ভায়োলিন্ বজোৱা, গান গোৱা, বিভিন্ন ধৰণৰ যন্ত্ৰ সংগীত বজোৱা ইত্য়াদি।
আন সকলেও ওচৰে পাচৰে হৈ থকা বিভিন্ন ধৰণত শিক্ষা, ভাষা, সংস্কৃতি সম্বন্ধীয় কাৰ্যত volunteer হ'ব পাৰো।

আমি প্ৰতিজনে যদি অলপমান হ'লেও কিবা এটা কৰো, তথাপি বহুত কিবা হোৱাৰ সম্ভাবনা আছে।
ইয়াত লিখা খিনি মোৰ নিজৰ মন্তব্য় হে, যদি মই কিবা ভুল লিখিছো, অনুগ্ৰহ কৰি আঙুলিয়াই দিয়ে যেন।

Assam Related:

Thursday, December 19, 2019

লক্ষ্যত উপনীত হওঁক


এটা নতুন বছৰৰ আৰম্ভণি হ'ব, কিছু দিন পিচতেই।
আমি বহুতেই নতুন বছৰৰ সংকল্প (New Year Resolution) লওঁ, নতুন বছৰটোত exercise কৰিম, weight lose কৰিম ... ইত্য়াদি। কিন্তু বছৰৰ শেষত দেখা যায় যে সেইটো হৈ নুঠিল।
ইয়াৰ কাৰণ হ'ল যে Resolution বিলাক যথেষ্ট বহল (broad statement), তাৰ সলনি আমি লক্ষ্য স্থাপন (goal, specific statement) কৰিলে তাত সফল হোৱাৰ আশা যথেষ্ট বেছি।

লক্ষ্য স্থাপন (goal set) কৰাৰ এটা প্ৰমাণিত উপায় আছে, চমুকে ইয়াক SMART বুলি কোৱা হয়।


SMART
  • Specific: লক্ষ্যৰ বিশদ বিবৰণ থাকিব লাগে, যেনে কোনে কৰিব, কি কৰিম, কিয় কৰিম, কেতিয়া কৰিম, ক'ত কৰিম (Who, What, Why, When, Where).
    উদাহৰণ হিচাবে, মোৰ লক্ষ্য "নতুন বছৰটোত exercise কৰিম" (I will exercise in the new year) ৰ সলনি "মই মোৰ সাধাৰণ স্বাস্থ্য ভালে ৰাখিবলৈ, সদায় সন্ধিয়া ৰাস্তাত খোজ কাঢ়িম" (In order to maintain my general health, I will walk daily evening, on the roads) হ'ব লাগে।
  • Measurable: লক্ষ্যৰ অগ্রগতি (progress) আৰু শেষ (completion) সদায় জুখিব পৰা হ'ব লাগে। যেনে কিমান দুৰ / সময় খোজ কাঢ়িলে মোৰ লক্ষ্য সমাপ্ত হ'ব?
    গতিকে মোৰ লক্ষ্য হ'ব "মই মোৰ সাধাৰণ স্বাস্থ্য ভালে ৰাখিবলৈ, সদায় সন্ধিয়া ৩০ মিনিট ৰাস্তাত খোজ কাঢ়িম" (In order to maintain my general health, I will walk 30 minutes daily evening, on the roads).
  • Achievable: মোৰ লক্ষ্য প্রকৃততে উপনীত হ'ব পৰা ধৰণৰ নে? ইয়াত কিবা বাধা (limitations) আহিব পাৰে নেকি ? মই সচাকে ৩০ মিনিট খোজ কাঢ়িব পাৰিম নে, হয়তো আৰম্ভণিতে নোৱাৰো, হয়তো প্ৰথমতে কম সময়ত আৰম্ভ কৰি সময় লাহে লাহে বঢ়াব লাগিব।
    গতিকে মোৰ লক্ষ্য হ'ব "মই মোৰ সাধাৰণ স্বাস্থ্য ভালে ৰাখিবলৈ, সদায় সন্ধিয়া ৩০ মিনিট ৰাস্তাত খোজ কাঢ়িম। প্ৰথমতে ৩ মিনিট খোজ কাঢ়িম, প্ৰতি মাহতে সময় ৩ মিনিটকৈ বঢ়াই থাকিম।" (In order to maintain my general health, I will walk 30 minutes daily evening, on the roads. Initially I will start with 3 minutes and increase the time by 3 minutes each month.)
  • Realistic: হাতত থকা সময় আৰু সম্পদৰ সহায়ত আমি লক্ষ্যত বাস্তৱিকতে উপনীত হ'ব পাৰিম নে?
    যেনে, মোৰ হাতত সচাকে সদাই ৩০ মিনিট খোজ কাঢ়িবলৈ সময় আছে নে? যদি নাই, তেন্তে কিমান সময় দিব পাৰো? সেইমতে লক্ষ্য সলনি কৰিব লগা হ'ব পাৰে।
    ধৰক, মোৰ আঠুৰ বিষ আছে। তেন্তে সচাকে মই ৩০ মিনিট খোজ কাঢ়িব পাৰিম নে? যদি নোৱাৰো, তেন্তে সময় কমাব লগা হ'ব পাৰে। অন্য়থা মই মোৰ লক্ষ্যত কেতিয়াও উপনীত হ'ব নোৱাৰিম।
  • Time bound: প্ৰতিতো লক্ষ্যৰে এটা সময় সীমা থাকিব লাগে - আৰম্ভণি আৰু শেষ সময় ।
    গতিকে মোৰ লক্ষ্য হ'ব "মই মোৰ সাধাৰণ স্বাস্থ্য ভালে ৰাখিবলৈ, ১ জানুৱাৰি ২০২০ ৰ পৰা, সদায় সন্ধিয়া ৩০ মিনিট ৰাস্তাত খোজ কাঢ়িম। প্ৰথমতে ৩ মিনিট খোজ কাঢ়িম, প্ৰতি মাহতে সময় ৩ মিনিটকৈ বঢ়াই থাকিম।" (In order to maintain my general health, I will walk 30 minutes daily evening, on the roads, starting 1st January 2020. Initially I will start with 3 minutes and increase the time by 3 minutes each month.)

যিকোনো লক্ষ্যত উপনীত হ'বলৈ হ'লে, লক্ষ্য স্থাপনেই যথেষ্ট নহয় । তাৰ বাবে আমি কাৰ্য্য কৰিবও লাগিব । ইয়াৰ বাবে আমি PDCA cycle ব্য়বহাৰ কৰিব পাৰো ।


PDCA cycle
  • Plan: প্ৰথমতে আমি লক্ষ্যত উপনীত হোৱাৰ পৰিকল্পনা কৰিম, তাৰ বাবে ওপৰত দিয়া ধৰণেৰে SMART লক্ষ্য স্থাপন কৰিম । এই লক্ষ্যটো আমি সহজতে দেখা পোৱা ঠাইত লিখি ৰাখিম, যাতে সদাই অহা যোৱা কৰোতে দেখা পাওঁ ।
  • Do: পৰিকল্পনা মতে আমি কাম আৰম্ভ কৰিম ।
    ইয়াত দিয়া উদাহৰণ হিচাবে, মই ১ জানুৱাৰি ২০২০ ৰ পৰা সদায় সন্ধিয়া ৩ মিনিট খোজ কঢ়া আৰম্ভ কৰিম ।
  • Check: আমি এটা নিৰ্দিষ্ট সময়ৰ মুৰে মুৰে, ফলাফল পৰিকল্পনা মতে হৈছে নে নাই, তাক নিৰীক্ষণ কৰিব লাগে। যদি পৰিকল্পনা অনুসৰি ফলাফল হোৱা নাই, চাব লাগে কি কাৰণে হোৱা নাই, কি কৰিলে ভাল ফলাফল পোৱা যাব।
    উদাহৰণ হিচাবে, এমাহৰ অন্তত মই সচাকে সদায় ৩ মিনিট খোজ কাঢ়িব পাৰিছো নে নাই চাব লাগিব । যদি পৰা নাই, কিয় ? সময় পোৱা নাই ? সময় পাইছো কিন্তু খোজ কাঢ়িব অসুবিধা হৈছে ? হয়তো ৰাস্তাত বহুত ধূলি থকা বাবে খোজ কাঢ়িব পৰা নাই ? ইত্য়াদি ।
  • Adjust: যদি পৰিকল্পনা অনুসৰি ফলাফল হোৱা নাই, তেতিয়া আমি পৰিকল্পনাত কিবা সলনি কৰিব লগা হ'ব পাৰে। ইয়াত আমি চাম, কি সলনি কৰিব লাগিব যাতে পৰিকল্পনা অনুসৰি ফলাফল পোৱা যাব ।
    উদাহৰণ হিচাবে, যদি মই সন্ধিয়া খোজ কাঢ়িব সময় পোৱা নাই, তেন্তে বেলেগ সময়ত (ৰাতিপুৱা) খোজ কাঢ়িব চেষ্টা কৰিম । যদি খোজ কাঢ়িব অসুবিধা পাইছো, তেন্তে চাম কি কৰিলে অসুবিধা দূৰ হ'ব - নতুন জোতা এজোৰে সহায় কৰিব নেকি? যদি ৰাস্তাত বহুত ধূলি থকা বাবে খোজ কাঢ়িব পৰা নাই, তেতিয়া চেষ্টা কৰিম treadmill ত খোজ কাঢ়িবলৈ।

যিকোনো লক্ষ্যত উপনীত হোৱাৰ বাবে, আমি প্ৰথমতে চাব লাগিব যেন আমাৰ লক্ষ্য SMART হয় । লক্ষ্য বৃহৎ ডাঙৰ হ'লে তাক সৰু সৰু লক্ষ্যত ভাগ কৰি ল'ব লাগে । অবাস্তব লক্ষ্য, উৎসাহৰ অভাৱ আদিয়ে লক্ষ্যত উপনীত হোৱাত ব্য়াঘাতৰ উৎপন্ন কৰে। যিকোনো সৰু পৰ্যায়ত সফলতা পালে, তাক অতি উৎসাহেৰে উদ্যাপন কৰিব লাগে, ইয়ে লক্ষ্যত উপনীত হোৱাত সহায়ক হয় ।

Related:

Monday, December 9, 2019

বন্ধুত্বৰ এটা দিন - A well-spent day


এটা সম্পূৰ্ণ দিন কেৱল মোৰ আৰু বন্ধুসকলৰ বাবেই ? Nearly impossible for a family man ! কিন্তু সচাকে সম্ভৱ হৈ উঠিল। ৰেলৱে হাইস্কুল মালিগাওঁৰ ১৯৮৬ চনত মেট্ৰিক দিয়া শিক্ষ্যাৰ্থীৰ পুনৰ্মিলন সমাৰোহে এইটো সম্ভৱ কৰি তুলিলে।

জীৱনৰ অকোৱা-পকোৱা ওখ-চাপৰ বাটত খোজকাঢ়ি, কেৱল নিজক লৈ ব্যস্ত থাকোতে, স্কুলৰ নিঃস্ৱাৰ্থ সহপাঠী বন্ধুবোৰক যেন কৰবাত এৰি আহিছিলো। কল্যান, ৰন্জু, পৰেশ, কিশোৰ - মাত্ৰ এই কেইজন স্কুলৰ বন্ধুৰ লগত যোগাযোগ আছিল। পিচত Facebook অত অৰুণিমা, গায়ত্ৰী, বিমান হতৰ লগত সম্পৰ্ক হল, তথাপি আন বহুত বন্ধু ৰৈ গ'ল।
৩১ মে ২০১৯, WhatsApp ত এটা মেচেজ পালো, কল্যাণে মোক ৰেলৱে হাইস্কুল মালিগাওঁ গ্ৰুপটোত add কৰিলে। মনটো হঠাৎ ভাল লাগি গ'ল। মেচেজ বিলাক পঢ়িব ধৰিলো, লাহে লাহে বন্ধু বান্ধবী সকল এজনৰ পিচত সিজনকৈ গ্ৰুপত আহিল। কিছুমান দেখিবলৈ আগৰ দৰেই আছে, সময়ে যেন বিশেষ প্ৰভাব পেলাব পৰা নাই। আন কেইজনমানৰ এতিয়াৰ ফটো চাই মনত পেলাব অসুবিধা হ'ল, স্কুলৰ দিনৰ ফটো চাওঁতে ধৰিব পাৰিলো।
লাহে লাহে পূনৰ্মিলনৰ ওপৰত চৰ্চা চলিব ধৰিলে। মোৰ অসম যোৱাৰ টিকত ইতিমধ্যে কটা আছিল, মই সেইটো অৰুণিমাক ক'লো। পূনৰ্মিলনৰ দিন ধাৰ্য্য কৰা সময়ত সকলোৱে সেইটো মনত ৰখা বাবে অৰুণিমা আৰু আন সকলোকে ধন্যবাদ, নহলে মোৰ যঠেষ্ট অসুবিধা হ'ল হেতেন।

২৩ নৱেম্বৰ, ২০১৯, আজি পুনৰ্মিলন সমাৰোহ। মই ৰাতিপুৱা ৯:৩০ বজাত মালিগাওঁৰ ৰং ভৱনত উপস্থিত হলো, ইতিমধ্যে আন কেইজনমান বন্ধু তাত উপস্থিত হৈ কামত লাগিছে। লাহে লাহে বন্ধু বান্ধবী সকল গোট খালে, আমাক পঢ়োৱা আমন্ত্ৰিত শিক্ষাগুৰু সকলো আহিল, অনুস্থান আৰম্ভ হ'ল। পতকা উত্তোলন, স্মৃতি তৰ্পন, সন্মানীয় শিক্ষা গুৰুসকলৰ আসন গ্ৰহন, শীৰ্ষ গীত (কল্পনাই ৰচনা কৰা গানটো ধুনীয়াকৈ গালে দীপা আৰু আনসকলে), উদ্দেশ্য বাখ্যা (অৰুণিমাই সচাকৈয়ে ধুনীয়া speech দিয়ে, তাকো পটাপট্, বৰ ভাল লাগিল), ৰূপালীৰ বৰগীত (স্কুলত শুনাৰ দৰে বৰ ভাল লাগিল, পুৰণি কথা মনত পৰি তাই অলপ আবেগিক হৈ পৰিল), শিক্ষা গুৰুসকলক সম্বৰ্ধনা, সহপাঠী সকলক momento প্ৰদান (ৰাজীৱ ফুকনে বহু কস্ট কৰি গুজৰাটৰ পৰা বনাই আনিছে), "ছিয়াশীৰ সুবাস" আলোচনী উন্মোচন (কল্পনাই ধুনীয়াকৈ ইয়াৰ জন্ম কথাৰ ওপৰত ক'লে, মুকুল দাৰো যথেষ্ট অৰিহণা আছে আলোচনী খনত), অপূৰ্বৰ নিজে লিখা কবিতা পাঠ, ছাত্ৰ-ছাত্ৰীৰ স্কুলীয়া অনুভৱ (ৰাজীৱ ফুকনে ধুনীয়া বক্তৃতা ৰাখিলে, মোকো কিবা কোৱাৰ সুযোগ দিয়া বাবে ধন্যবাদ), শিক্ষা গুৰু  সকলৰ অনুভৱ, দেবেন দাস চাৰৰ inspiring ভাষণ, ৰন্তুৰ গ্ৰন্থ উন্মোচন (বিভিন্ন বাদ্য যন্ত্ৰ নিজে শিকাৰ বাবে এইখন এখন অতি উত্তম গ্ৰন্থ হ'ব), শলাগৰ শৰাই (গায়ত্ৰীয়ে ধুনীয়াকৈ ক'লে), সমস্ৱৰে গোৱা অসম সংগীত আদি কাৰ্য্যসুচীত অংশ গ্ৰহণ কৰি আমি সকলোৱে যথেষ্ট আনন্দ লভিলো।

দুপৰীয়া সুস্বাদ খাদ্য পেট ভৰাই খোৱাৰ পিচত সন্ধিয়াৰ সাংস্কৃতিক অনুস্থানো যথেষ্ট enjoy কৰিলো।
ৰেণুকাৰ ছোৱালী আৰু মুকুলৰ গান, ৰন্তুৰ বিহু হুচৰি, বিশ্বৰ নাচ, প্ৰণৱ শৰ্মাৰ ল'ৰাৰ নাচ চাই মন আনন্দিত হ'ল। কিন্তু সেই সন্ধিয়াৰ বিশেষ আকৰ্ষণ আছিল ৰাজিৱ দাস আৰু কৰবীৰ গান, মুকুল আৰু ৰূপালীৰ নাচ। সকলোৱে সিদিনা মন ভৰাই হাঁহি মাতি নাচি গাই বহুত ফূৰ্তি কৰিলে। মনত ভাব হ'ল যেন সন্ধিয়াতো শেষেই নহওক, কিন্তু এটা সময়ত সামৰণি মাৰিব লগীয়া হ'ল, এখন সফল পূনৰ্মিলন অনুস্থানৰ।

পূনৰ্মিলন অনুস্থানত মই গান গাম বুলি ভাবি আহিছিলো, ৬ - ৭ টা মান গান practice ও কৰি আহিছিলো কিন্তু ঠান্ডা লাগি throat infection হোৱাত গাব নোৱাৰিলো, আশা ৰাখিছো আগলৈ কেতিয়াবা গাম।
বহুত বন্ধু বান্ধবীক সূদীৰ্ঘ ৩৩ বছৰৰ পিচত লগ পাই বৰ ভাল লাগিল, মনত ভাব হ'ল যেন আকৌ স্কুলত পঢ়িবলৈ লৈছো। বহু কেইজনক লগ পাব নোৱাৰি বেয়া লাগিল - কিশোৰ, ইমানুল, বৰ্নালী, প্ৰশান্ত হতক লগ পোৱা হ'লে ভাল লাগিল হেতেন। বহু কেইজন আমাৰ মাজত নাই, বৰ বেয়া লাগিল, বিশেষকৈ জয়ন্তক মনত পৰিল, সি মোৰ লগত স্কুলত ঘনিষ্ঠ আছিল।

অনুস্থানটোক সফল কৰিবলৈ বহুকেইজনে প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে সহায় সহযোগ কৰিছে।
আচিফ, ভবেশ, গায়ত্ৰী, প্ৰণৱ, দীপা, কৰবী, জোনমনি, কল্পনা, বিশ্ৱ, মুনিন্দ্ৰ, অৰুণিমা, কল্যাণ, ধীৰেন, গৌতম, মুকুল, দীগেন্দ্ৰ, মুকুল দা, অৰবিন্দ, জুৰি, ৰাজীৱ ফুকন, ৰাজীৱ দাস, অনুপ, ৰূপালী, ৰেহেনা, কানন, মলিনা, দিবাকৰ, ৰন্তু, ৱাছিম, অপূৰ্ৱ, ৰেজাউল, পৰেশ, ৰন্জু আৰু আন সকলোকে ধন্যবাদ জনালো।
যদি মই কোনোবাৰ নাম উল্লেখ কৰিব পাহৰিছো, তাৰ বাবে ক্ষমা বিচাৰিছো, আগলৈ মই ইয়াত add কৰি দিম।

এনেদৰে এটা সম্পূৰ্ণ দিন অতিবাহিত কৰিলো কেৱল মোক আৰু স্কুলৰ বন্ধুসকলক লৈয়েই - স্কুলৰ দিনৰ কথা পাতি, মন ভৰাই হাঁহি মাতি নাচি বাগি, চকুৰ আগত স্কুলৰ দিনৰ ঘটনাবোৰ ভাহি আহিল।

অসমৰ পৰা ওভতি অহাৰ আগতে বহুকেইজনক লগ কৰিম বুলি ভাবি আছিলো, কিন্তু হৈ নুঠিল।
পূনৰ্মিলনৰ বহুমূলীয়া স্মৃতি মনত সাঁচি লৈ কৰ্মভূমিলৈ যাত্ৰা কৰিলো। এই বন্ধুত্বৰ স্মৃতিয়ে আজীৱন মনত অনুপ্ৰেৰণা যোগাব।
ধন্যবাদ বন্ধু - বান্ধৱী সকল, আকৌ লগ হ'ম।

বন্ধু
মেলিদে তোৰ
দুখৰ দুখনি হাত,
এবাৰ জিৰাও তোৰ
বুকুৰ শিতল চাঁত,
বন্ধু ।