Wednesday, April 27, 2022

Personal Finance: ভাগ ৭, Power of Compounding

<< ভাগ ৬ ভাগ ৮ >>

Power of compounding এটা শক্তিশালী কৌশল, যিয়ে আমাৰ ধন দ্ৰুতগতিত বৃদ্ধি কৰাত সহায় কৰে।

আমি সকলোৱে চক্ৰবৃদ্ধি সুদ (compound interest) ৰ বিষয়ে জানো। কোনো এটা পৰিমানৰ ধনৰ পৰা বছৰত আৰ্জন কৰা সুদ ইয়াৰ মুলধনৰ লগত যোগ হৈ পিচৰ বছৰত তাৰ ওপৰত সুদ পোৱা যায়। এই প্ৰক্ৰিয়াটো সঘনে দীৰ্ঘ সময়ৰ বাবে কৰিলে ধন দ্ৰুতগতিত বৃদ্ধি হয়।

উদাহৰণ হিচাবে আমি যদি মাহে মাত্ৰ ২০০০ টকা (বছৰত ২৪,০০০ টকা) ২০ বছৰৰ বাবে জমা কৰি থৈ যাও আৰু বছৰত ৮% সুদ পাওঁ, তেতিয়া ২০ বছৰৰ মুৰত আমি প্ৰায় ১১ লাখ ৮৬ হাজাৰ টকা পাম। তলৰ চিত্ৰলৈ মন কৰিলে দেখা যাব যে আমি মাত্ৰ ৪,৮০,০০০ টকাহে জমা কৰিছো (২৪০০০ x ২০), প্ৰায় ৭ লাখ টকা আমি সুদ পাইছো।

মাহে ২০০০ টকা (বছৰত ২৪,০০০ টকা) ২০ বছৰৰ বাবে জমা কৰাৰ ফল, ৮% সুদ্।

তেনেদৰে যদি মাহে ২০০০ টকা (বছৰত ২৪০০০ টকা) ২০ বছৰৰ বাবে জমা কৰি থৈ যাও আৰু বছৰত ৮% সুদ পাওঁ, আৰু তাৰপৰা পোৱা টকা আমি আন ১০ বছৰৰ বাবে ৮% হাৰত জমা থও, তেতিয়া ৩০ বছৰৰ মুৰত আমি প্ৰায় ২৫ লাখ ৬০ হাজাৰ টকা পাম। তলৰ চিত্ৰলৈ মন কৰিলে দেখা যাব যে আমি ৪,৮০,০০০ টকাহে জমা কৰিছো (২৪০০০ x ২০), প্ৰায় ২০ লাখ টকা আমি সুদ পাইছো। ভালদৰে চালে জানিম যে আমি ৩০ নং বছৰটোত সুদ পাইছো প্ৰায় ১ লাখ ৮৯ হাজাৰ টকা, ই ইয়াৰ আগৰ বছৰত পোৱা সুদৰ পৰিমানতকৈ বেছি! এনেদৰে যিমানে বেছি বছৰৰ বাবে জমা থম, সিমানে বেছি বৰ্ধিত হাৰত সুদ্ পোৱা যাব।

মাহে ২০০০ টকা (বছৰত ২৪,০০০ টকা) ৩০ বছৰৰ বাবে জমা কৰাৰ ফল, ৮% সুদ্।

ইয়েই power of compounding ক বুজাই। আমি যিমানে দীৰ্ঘ দিনৰ বাবে ধন জমা কৰিব পাৰো, আমাৰ ধন সিমানে বেছি বৃদ্ধি হয়।

আকৌ যদি আমি বেছি সুদ পাব পাৰো, তেতিয়া ধন আৰু বেছি দ্ৰুত গতিত বৃদ্ধি হয়। উপৰত দিয়া উদাহৰণত যদি আমি ৮% ৰ সলনি ৯% সুদ পাব পাৰো, তেতিয়া ৩০ বছৰৰ মূৰত আমি ৪,৮০,০০০ টকা জমা কৰি প্ৰায় ৩১ লাখ ৬৮ হাজাৰ টকা পাম।

মাহে ২০০০ টকা (বছৰত ২৪,০০০ টকা) ৩০ বছৰৰ বাবে জমা কৰাৰ ফল, ৯% সুদ্।

আমি power of compounding ৰ সহায়ত অতি সহজতে আমাক লগা ধন সাচিব পাৰো। কিন্তু তাৰ বাবে এই কেইটা কথা মনত ৰাখিব লাগিব:

  • ধন দীৰ্ঘ দিনৰ বাবে বিৰতি নোহোৱাকে সাঁচিব লাগিব।
  • চেষ্টা কৰিব লাগে যাতে ধনৰ ওপৰত যিমান পাৰি বেচি সুদ পাব পাৰো।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

Friday, April 15, 2022

Personal Finance: ভাগ ৬, মুদ্ৰাস্ফীতি

<< ভাগ ৫ ভাগ ৭ >>

সাধাৰণ ভাষাত বস্তুৰ মূল্য বৃদ্ধিৰ হাৰক মুদ্ৰাস্ফীতি বুলি ক'ব পাৰি। বস্তুৰ মূল্য বৃদ্ধি হোৱাৰ বাবে টকাৰ ক্ৰয় কৰা ক্ষমতা হ্ৰাস পায়।

উদাহৰণ হিচাবে যদি আমি ১০০ টকা ঘৰতে থৈ দি ৫ বছৰৰ পিচত উলিয়াও, তেতিয়া যদিও দেখাত একো সলনি হোৱা নাই (টকা ১০০ টকাই আছে), তথাপি ৫ বছৰৰ আগত ১০০ টকাৰে যি বস্তু কিনিব পাৰিলোহেতেন, ৫ বছৰৰ পিচত নোৱাৰিম। যদি মুদ্ৰাস্ফীতিৰ হাৰ বছৰেকীয়া ৬% ধৰা যায়, তেতিয়া ৫ বছৰৰ পিচত ১০০ টকাৰ মূল্য হ'ব ৭৩.৩৯ টকা। ইয়াক তলত দেখুওৱা ধৰণে গনণা কৰিব পাৰি।

২০১২ চনলৈ ভাৰতত মুদ্ৰাস্ফীতিৰ হাৰ ওপৰত দিয়া ধৰণৰ, ২০২০ চনত মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৬.৬২%, ২০২২ চনত হয়তো ৮% বা আৰু বেছি হ'ব পাৰে।

গতিকে ধন ঘৰত থৈ দিয়া বা বহুত কম সুদত জমা থোৱা একেবাৰে অৰ্থহীন।
মুদ্ৰাস্ফীতিক ধনৰ silent killer বুলি কোৱা হয়। আমি নজনাকে ই আমাৰ ধনৰ মূল্য কমাই দিয়ে। আমি ধন বিনিয়োগ কৰাৰ সময়ত চাব লাগে যাতে মুদ্ৰাস্ফীতিৰ হাৰতকৈ বেছি return পাব পাৰো।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

Wednesday, April 6, 2022

Personal Finance: ভাগ ৫, আৰ্থিক সুৰক্ষা

<< ভাগ ৪ ভাগ ৬ >>

আমি আমাৰ আৰু আমাৰ পৰিয়ালৰ আৰ্থিক সুৰক্ষাৰ (financial security) কথা প্ৰথমতে চিন্তা কৰিব লাগে যাতে কিবা কাৰণত উপাৰ্জন কৰা মানুহজনৰ আৰ্জন ক্ষমতা নোহোৱা হ'লেও পৰিয়ালটো সুকলমে চলিব পাৰে।

আৰ্থিক সুৰক্ষাৰ লগত জড়িত থকা বিষয় কেইটা হ'ল:

  1. Emergency fund, ইয়াৰ বিষয়ে বিতংকৈ ইয়াত পঢ়ক।
  2. জীৱন বীমা। ইয়াৰ বিষয়ে বিতংকৈ ইয়াত পঢ়ক।
  3. Medical / health insurance: আজিকালি আমাৰ জীৱনত অনিশ্চয়িতা যথেষ্ট বেছি। মানুহৰ খোৱা বোৱা, জীৱন শৈলী আদি ভাল নহয়, সকলো ক্ষেত্ৰতে মাত্ৰ মানসিক উদ্বেগ (tension), এনে ক্ষেত্ৰত মানুহ অতি সোনকালে বেমাৰত পৰাৰ সম্ভাৱনা থাকে। আৰু দিনক দিনে যেন নতুন নতুন বেমাৰ আহিহে আছে। ইয়াৰ খৰছো দিনক দিনে বেছি হৈ আহিছে।
    ইয়াৰ লগত যুঁজিবলৈ health insurance প্রয়োজনীয় হৈ পৰিছে।

পৰিয়ালৰ আৰ্থিক সুৰক্ষা সুনিশ্চিত কৰাৰ পিচত আমি বাকি থকা ধন নিবেশ (invest) কৰিব লাগে।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.