Friday, November 8, 2019

মোৰ সংগীত শিক্ষা


মোৰ সংগীতৰ প্ৰতি কি আগ্ৰহ দেখিলে একো বুজি নাপালো, কিন্তু মোক সংগীত শিক্ষা দিবলৈ ঘৰৰ ডাঙৰ বিলাকে ঠিক কৰিলে। তেতিয়া মই class V ৰ ছাত্ৰ, এদিন সৰু মামাই নি মালিগাও চাৰিয়ালিৰ ওচৰত থকা নাৰায়ণ সংগীত মহাৱিদ্য়ালয়ত নাম লগাই দিলে।

মই প্ৰতি শনিবাৰ আৰু ৰবিবাৰে বগা পায়জামা আৰু পান্জাবী পিন্ধি ৰাতিপুৱা গানৰ স্কুল যাব ধৰিলো। প্ৰথমতে কি শিকালে ভালদৰে বুজিয়ে পোৱা নাচিলো, সদাই দেখোন সা ৰে গা মা পা ধা নি সা হে গাবলৈ দিয়ে।
পিচত লাহে লাগে শিকাব ধৰিলে
সা ৰে, সা ৰে গা, ৰে গা, ৰে গা মা, গা মা, গা মা পা ... ইত্য়াদি।
ইয়ালৈকে ঠিকেই আছিল, মই পাৰিছিলো। দেউতাই এটা হাৰ্মোনিয়াম ও আনি দিছিল, মই সন্ধিয়া বজাইছিলো।

তাৰ পিচত হঠাতে আহিল বিভিন্ন ৰাগ ।
ৰাগ ইমন, কল্য়াণ, গান্ধাৰ আদি (আৰু নাম মনত নাই)। চাৰ বাইদেউ বিলাকে ৰাগৰ ওপৰত বৰ্ণনা লিখিব দিছিল, তাতে কৈছিল "গোৱাৰ সময় ৰাত্ৰিৰ প্ৰথম প্ৰহৰ"। মই ভাবিছিলো যে ইমান ৰাতিপুৱাই উঠি গাব লাগিব, কিন্তু কাকো সোধাৰ সাহস হোৱা নাছিল।
ৰাগ ভিত্তিক গানবোৰ গাব লাগিছিল, যেনে

पिया की नज़रिया जादू भरी
मोह लियो मन, प्रेम भयो ।

मेरा मन बाँध लीनो रे
हाँ रे इन जोगिया के साथ ।

মই ক্লাচটোত একমাত্ৰ ল'ৰা, বাকি আনবিলাক ছোৱালী, প্ৰায় ৫০ জনী মান। মই তেতিয়া বৰ লাজকুৰিয়া আছিলো, ভাবি চোৱা মোৰ অৱস্থা কি হৈছিল।
মই চাৰ নহালৈ ক্লাচৰ বাহিৰত থিয় দি থাকিছিলো, চাৰ অহাৰ লগে লগে ক্লাচত সোমাই শেষৰ ফালে বহিছিলো।
কেতিয়াবা চাৰে মোক মাতি নি আগত বহাই দিছিল। কেতিয়াবা আকৈ চাৰে মোক জোকাই কৈছিল "মহাদেৱ তোমাৰ তপস্য়া ভংগ হ'লনে ?"
পিচত যেনিবা আৰু এজন ল'ৰা আহিল, তেতিয়া মোৰ অলপ সকাহ হ'ল।

চাৰৰ ভিতৰত গায়ন চাৰ (কামাখ্য়াৰ) আৰু principal চাৰক মনত আছে।
তাৰপৰা আমি ৰবিন্দ্ৰ ভৱনত হোৱা chorus competition ত ভাগ লৈ অ' মোৰ আপোনাৰ দেশ গাইছিলো। গ্ৰুপটোৰ ফটো পেপাৰত ওলাইছিল, দেউতাই ফটো সকলোকে দেখুৱাই ফুৰিছিল।

এনেদৰে সময় বাগৰি গ'ল ... এটা সময়ত পৰীক্ষা আহিল।
মই theory exam দিব গলো, লগত একো কিতাপ লৈ যোৱা নাই। পিচত দেখিলো যে পৰীক্ষাত সকলোৱে কিতাপ উলিয়াই তাৰ পৰা চাই চাই লিখে, মই ইফাল সিফাল কৰি যি জানো তাকে লিখি থৈ আহিলো।
Practical exam ৰ দিনা examiner কেইজন প্ৰকান্ড চৰ্দাৰজী, বোধহয় বাহিৰৰ পৰা আহিছিল। মোক হিন্দিতে কিবা গাব দিলে, মই ভালদৰে একো বুজি নাপালো, যি জানো তাকে গাই দিলো। পিচফালে আমাৰ চাৰ বাইদেউ কেইজন বহি হাঁহি আছিল, কিজানি মই ভুলকে গালো।
যি নহওক মই পৰীক্ষাত পাচ কৰিলো (সিমান ভাল নম্বৰ পোৱা নাছিলো, হয়তো 2nd class পাইছিলো, ভালদৰে মনত নাই), certificate এখনো পালো ( certificate খন কৰবাত হেৰাই গ'ল, বহুত বিচাৰিও নাপালো ) ।

ইতিমধ্য়ে মই class VII পালো, মোৰ আৰু গান শিকাৰ মন লাহে লাহে কমি আহিল, মই গানৰ ক্লাচত যোৱা বন্ধ কৰিলো।

যদিও মাত্ৰ এবছৰহে গান শিকিছিলো, তথাপি কিবা এটা যেন base গড়ি উঠিছিল, পিচত মই গান pick up কৰিব পাৰিছিলো।
নাৰায়ণ সংগীত মহাৱিদ্য়ালয়ৰ নিচিনা এখন স্কুলৰ প্ৰয়োজন অনুভৱ হয় এতিয়া, যিহেতু মই কিবা কিবি শিকিব খোজো।

Listen to:

Thursday, October 17, 2019

দুৰ্গা পুজা আৰু ইটো সিটো


WhatsApp group বিলাকত দুৰ্গা পুজাৰ ফটো চাই ঘৰত বহি আছো, বাংগালোৰত। ঘৰৰ ওচৰত পূজা হৈ আছে, গৈ এবাৰ চাইও আহিলো, কিন্তু মনটো কিবা কিবি লাগি আছে। মই যদিও ইয়াত আছো, মোৰ মনটো যেন গুৱাহাটীৰ পূজাস্থলীত ঘুৰি ফুৰিছে ...

"জাগো, তুমি জাগো, জাগো দুর্গা, জাগো দশপ্রহৰণধাৰিণী, অভয়াশক্তি বলপ্রদায়িনী তুমি জাগো।" ৰেডিওত এয়া মহালয়া বাজিছে। মহালয়াৰ দিনা ৰাতিপুৱাতেই ৰেডিও শুনা ককাদেউতাৰ পুৰণি অভ্যাস। এইখিনি সময়ত ৰাতিপুৱা অলপ ঠান্ডা পৰে, আধা শুই আধা সাৰে থকা অৱস্থাত গৰম কাপোৰৰ তলৰ পৰা মহালয়া শুনি ধুনীয়া আমেজ লাগে। লগতে এটা তৃপ্তিৰ ভাবো আহে - দুৰ্গা পূজা আহিছে বুলি।

দুৰ্গা পূজা বুলিলে স্কুলত পঢ়া সময়ত মনত আহে স্কুল বন্ধ, ফুৰিব যোৱা, বন্দুক আৰু গুলি। মই যিহেতু মামাৰ ঘৰত থাকিছিলো, পূজাৰ কেইদিন সদায় আইতা, মামাহতৰ লগত ফুৰিব গৈছিলো। এদিন মালিগাওঁৰ ফালে যাও, ৩ নং গেটত নামি খোজকাঢ়ি পূজা চাই চাই ৰেষ্টকেম্প পাও আৰু ওভতি আহো। আনদিনা চান্দমাৰীৰ ফালে যাও, কাছাৰীত নামি খোজকাঢ়ি পূজা চাই চাই চান্দমাৰী পাও আৰু ওভতি আহো। দশমীৰ দিনা গা ধুই কাগজত ১০১ বাৰ "শ্ৰী শ্ৰী দুৰ্গা সহায়" লিখো, সন্ধিয়া প্ৰতিমা বিসৰ্জন চাব যাও, জিলাপী খাই ওভতি আহোতে মনতো কিবা বেয়া লাগে, ফূৰ্তিৰ দিনবোৰ যেন শেষ হ'ল এইবছৰৰ বাবে। কেতিয়াবা ষ্টেডিয়ামত হোৱা ৰাৱণ পোৰা চাব গৈছিলো, সৰু মামাৰ লগত।


দুৰ্গা পূজাৰ আমাৰ সময়ৰ favourite toy

পিচত কলেজ পাওতে পূজাৰ ফূৰ্তিবোৰ অলপ বেলেগ হ'ল, পূজাত লগৰ ল'ৰাৰ লগত ফুৰিবলৈ ললো। ঘুৰি ফুৰি মাজতে কিবা খাওঁ। জোন, দিলিপ, ধীৰেণ, শৈলেন হঁতৰ লগত কিমান যে ফুৰিলো !

এতিয়া বাংগালোৰত থকাৰ সময়ৰ পৰা পূজা ভালদৰে চোৱা নাই। ইয়াত পূজা কম হয়, ওলাই যাবলৈ লগ বন্ধুও নাই, যি কেইজন আছে সকলো নিজক লৈ ব্যস্ত। লগ বন্ধু সম্বন্ধীয়ৰ লগতহে উৎসৱৰ মজা। বহু কেইবছৰ আমি পূজাত মাত্ৰ ঘৰতে বেংগলী tv channel চাই কটালো।

কেতিয়াবা মন যাই যেন পূজাৰ সময়ত ২ মাহ মান সময় অসমত কটাম, কিন্তু সচাকৈ হ'ব জানো?

Related posts:

Monday, September 23, 2019

শিক্ষাৰ দাম



মোৰ ল'ৰাৰ দ্বিতীয় জন্মদিন, মই মিঠাই কিনি আনি মোৰ অফিচৰ চিনাকি সকলোকে মাতিলো। মিঠাই খাই শুভেচ্ছা জনাই এজন এজনকৈ লাহে লাহে যাব ধৰিলে। "তোমাৰ ল'ৰাৰ স্কুলৰ চিন্তা কৰিব হ'ল", কোনোবাই ক'লে। ইমান সোনকালে স্কুলত যাব হ'লেই নে? মই ভাবিলো। আন কেইজনৰ লগত আলোচনা কৰি জানিলো যে পৰৱৰ্তী বছৰৰ বাবে admission তাৰ আগৰ বছৰতেই ল'ব লাগে। বহুতকেইজনে এখন ভাল স্কুলৰ নাম উল্লেখ কৰিলে। মই শনিবাৰে, অফিচ বন্ধত গৈ স্কুলৰ খবৰ লোৱাৰ ঠিক কৰিলো।

সেইমতে শনিবাৰে মই লগৰ কেইজনে কোৱা স্কুলখনত উপস্থিত হ'লো। এজনে স্কুলৰ tour কৰিব লৈ গ'ল, বৰ ধুনীয়া campus টো, চাৰিওফালে ধুনীয়া ধুনীয়া লাইন লাইন গছ। ক্লাছৰুম বিলাক computerized, student ৰ কাৰণে বহুত facility আছে ... ধুনীয়া tennis court, crystal clear 6 lane swiming pool, cricket pitch, বহুতকেইটা auditorium (student of the year চিনেমাত দেখাৰ নিচিনা), ডাঙৰ play ground, amphitheater ইত্যাদি। বৰ ভাল লাগিল, ভাবিলো মোৰ ল'ৰাটোৱে মই স্কুলত নিশিকা বহুত কিবা কিবি শিকিব পাৰিব। কেইজনমান শিক্ষকৰ লগত পৰিচয় কৰালে, কথা পাতি ভাল লাগিল। অৱশেষত স্কুল fee ৰ list খন পালো, admission fee ১ লাখ, yearly fee প্ৰায় ৪.৫ লাখ, nursery ক্লাছৰ বাবে, প্ৰতি বছৰ আৰু ১০% বৃদ্ধি হ'ব ! মই মোৰ সিদ্ধান্ত পিচত জনাম বুলি কৈ আহিলো।

সেইদিনা ৰাতি যদিও বিচনাত পৰিলো কিন্তু টোপনি নাহিল, মনত বহুত চিন্তা আহিল। Nusery ক্লাচতে যদি ইমান fee তেন্তে আগলৈ আৰু কিমান হ'ব? মই মনে মনে হিচাব কৰি দেখিলো যে এই হিচাবত ক্লাচ ১০ ত প্ৰায় ১১ লাখ টকা fee লাগিব। তেতিয়ালৈ মই চাকৰিত নাথাকিম, গতিকে কেনেকৈ চলিম? অসমত হোৱা হ'লে কিবা উপায় কৰিব পৰা যাই, কিন্তু অসমৰ বাহিৰত কি কৰিম? অসমত অসমীয়া medium স্কুলত হলেও পঢ়াব পাৰি, কিন্তু ইয়াত? মোৰ ল'ৰাতো কি অকমান ভাল শিক্ষাও নাপাব? মোৰ এটা ল'ৰাতে যদি এই অৱস্থা, যাৰ ২ টা বা বেচি আছে তাৰ কেনে? ... এনেধৰনৰ হাজাৰটা প্ৰশ্নই মনত প্ৰৱেশ কৰিলে।
চৰকাৰে শিক্ষা আৰু medical treatment অত সকলোৰে বাবে সুবিধা কৰি নিদিয়ে কিয়? Income tax তো ঠিকেই লয়, অকমান কিবা পইচা বচাই কৰবাত invest কৰিলে তাতো tax লয়। যিকোনো বস্তু কিনিলে, ৰেস্তোৰাত খালে ... যিয়েই নকৰো কিয় সকলোতে tax দিব লাগে। আনকি LPG gas cylinder ৰ subsidy এৰি দিবলৈ আহ্বান জনাই। কিন্তু তাৰ বিনিময়ত মানুহৰ বাবে বিশেষ একো নকৰে। ইয়াৰ ফলত বিশেষকে middle class চাকৰিয়াল বেচিকে suffer কৰে। সকলো ধৰণৰ tax দিয়াৰ পিছতো একো সুবিধা নাপায়। Education private স্কুলত কৰাব লাগে, বেমাৰত পৰিলে private হস্পিতালত, ৰাস্তাৰ অবস্থা নাই - গাড়ী চলালে ঘোড়াত উঠি থকা যেন লাগে, বৰষুণ দিলে কথাই নাই।
আমাৰ আগৰ generation বিলাকৰো কি এনেকুৱাই হৈছিল? তেওলোকৰো নিশ্চয় কিবা কিবি অসুবিধা হৈছিল, কিন্তু সন্তানৰ শিক্ষাক লৈ কি তেওলোকৰো এনে হৈছিল? নে মাত্ৰ আমাৰ হে এই অৱস্থা? আমাৰ ঘৰতে আমি ৩টা ল'ৰা, কিন্তু দেউতাই গোটেই কেইজনৰেই পঢ়াশুনা ঠিকে চলাইছিল। মোৰ এতিয়া উপাৰ্জন দেউতাৰ তুলনাত প্ৰায় ১০ গুণমান, কিন্তু তথাপি চোন ১ টা ল'ৰাৰ পঢ়াৰ খৰছক লৈ ইমান ভাবিব লাগে। নে পঢ়াৰ খৰছ ইমান বাঢ়িছে? নে আমি নিজে নিজে standard টো বঢ়াই লৈছো? আমি বাৰু ল'ৰা ছোৱালীৰ future ৰক লৈ মিছা মিছিকে বেছি চিন্তত নেকি? নে আমাৰ দেউতাহঁতে কমকৈ চিন্তা কৰিছিল? ...
এনেবোৰ কথা ভাবি ভাবি কেতিয়া টোপনি আহিল গমকে নাপালো।

পিচদিনা অফিচত লগৰ বন্ধুসকলৰ লগত আলোচনা কৰি গম পালো যে আন কিছুমান স্কুল আছে যত তুলনামুলক ভাবে অলপ কম খৰছতো হয়। খবৰ লৈ মোৰ ঘৰৰ ওচৰতে তেনেকুৱা দুখন স্কুলৰ কথা গম পালো। সিহঁতৰ পৰা information লৈ এখন স্কুল finalize কৰিলো, স্কুলখন হ'ল Sri Sri Ravishankar Vidya Mandir (http://bangaloreeast.ssrvm.org/). অভিভাৱক কিছুমানৰ লগত কথা হৈ ভাল লাগিল। মোৰ ল'ৰাটোৰো স্কুলত selection হৈ গ'ল, next academic year ৰ বাবে।
আপোনালোকৰ নো কেনেকুৱা experience, লৰা ছোৱালীৰ শিক্ষাক লৈ, তলৰ comment ত লিখিৱ।

By the way, আন কিছুমান মানুহ আছে যি ল'ৰা ছোৱালীৰ শিক্ষাৰ নামত কৌটি টকা খৰছ কৰে। মই মোৰ ইন্জিনিয়াৰিং WhatsApp group টোৰ অলপ message তলত দিছো, আপোনালোকৰ বাবে (ইয়াৰ বেছিভাগ মানুহ US অত থাকে, গতিকে এইখিনি পঢ়ি হতাশাত নুভুগিৱ, এইটো ভাবি যে কিছুমানৰ ইমান টকা আছে আৰু আমাৰ সেই তুলনাত ইমান কম। এইটো মাত্ৰ ওপৰৰ ৫ - ১০% মানুহৰহে উদাহৰণ। ভাল শিক্ষা আৰু সুখী জীৱন আমি কম পইচাতো পাব পাৰো। আমি বেছিভাগেই ইয়াৰ উদাহৰণ, নহয় জানো ?).

[18/08, 10:57] +91 98452 XXXXX: In US varies from 45 - 80 k USD / year in Public and Pvt Colleges , if you choose a State or Community college a lot cheaper

[18/08, 10:57] +91 83744 XXXXX: true. I have only one kid and he point blank told he would rather go out of country rather than get property from me. He is major fan of formula 1. That's why I sent him off finally. knowing pretty well he will never return to India in near future. On an average it's 1.5 crore. Depends on university. I heard Germany is pretty cheap. However kids need to learn German.

[18/08, 10:59] +91 98452 XXXXX: My friend daughter going to Laughborough UK for sports management this year - he says UK is 1/3 the cost of US - and 3 years of UK Graduation = 1 year in UC, Canada is also a lot cheaper than US

[18/08, 11:01] +91 83744 XXXXX: My son got gatech Purdue and Manchester all came to around 40 lakhs per year. His tution fees is 21500 GBP per year. Most UK universities for engineering are

[18/08, 13:20] +971 50 592 XXXX: Friends - my daughter is an undergrad student in CSE at UC Davis, just completed 2nd year and got fully paid 14 week internship at Qualcomm at her own. There are chances they she may get there next year as well and than PPO. There is good scope for international students in CS/CSE at any level. Cost wise minimum INR 2cr or $300K for 4 years.

[21/09, 09:48] +91 98210 XXXXX: If u think u need finds for 12 months work for 36 .. u won't have to come back again

[21/09, 10:15] +91 98210 XXXXX: Pick a number that you normally spend in a year ... make it twice and that's the amount of post tax interest income u Should be getting ... and the corresponding principal is your coffer large enough

[21/09, 10:16] +91 98210 XXXXX: That will cover for potential medical costs emergency and unforeseen expenses ..

[21/09, 10:23] +91 98452 XXXXX: So Tantri here is the math - if you need 2 lacs a month fir a comfortable life budget fir 4 - ie 48 lacs a year , let's round to 50 - to generate 50 lacs a year you need 7 - 8 Cr at 7% interest tax free

[21/09, 10:36] +91 98452 XXXXX: A monthly break up in metro would be
Maids etc - 10k
Grocery, vegetables , fruits - 15k
Petrol for 2 cars - 5k
School fees per child 10k = 20k
Utilities ( electricity , mobile , newspaper etc ) - 10k
So this 60 K is what you need for a comfortable life
Now add clothes , travel, eating out etc - discretionary part - typically holiday expenses are 5 - 6 lacs / year or 50k per month ( can be avoided) - all this will total another 1 Lac a month
The extra 40 k is for insurance , medical etc

[21/09, 10:37] +91 98452 XXXXX: This is expense pattern of top 5% - I have cousins who live a very happy life by spending less than 50k / month

[21/09, 10:39] +91 98210 XXXXX: IB school fees is 6 -10 lacs per year

[21/09, 10:39] +91 98210 XXXXX: In Bombay

[21/09, 10:39] +91 98210 XXXXX: More like 10

[21/09, 10:40] +91 98452 XXXXX: That's not monthly - that's not the norm Less than 25,000 kids fron India go to US - so yes the 8 years of US education for 2 kids budget 4 Cr

[21/09, 10:41] +91 98452 XXXXX: So Tantri Bhai 8 + 4

[21/09, 10:42] +91 98452 XXXXX: All inclusive UC is 75 K and places like Ohio / UIUC / Seattle will be 50 K

[21/09, 10:44] +91 98452 XXXXX: My nephew completed 4 years of IIT Madras in 5 Lacs - it cost me 5 Lakh just to drop and settle my daughter Over 2 weeks

[21/09, 11:05] +91 97353 XXXXX: Chatter of SVR's rich and famous - sounds so nice. While I have no chance to be in that league, it sounds great that you guys made it so big to talk about 7-8 crores and more.

Tuesday, August 27, 2019

ইংলেন্ডৰ গাওঁ: আৰম্ভণি

ৰাতিপুৱাই অফিচত email চাই থাকোতে এটা mail এ মোৰ দৃষ্টি আকৰ্ষণ কৰিলে। Email টো মোৰ manager ৰৰো manager এ পঠোৱা, মই অফিচ অহাৰ লগে লগে তেখেতক লগ কৰিব কৈছে। মই দৈৰাদৈৰিকৈ তেখেতৰ cabin ৰ ফালে ঢাপলি মেলিলো, কি কাৰণত নো মাতিছে জানিবলৈ (সাধৰণতে manager এ ভাল কাৰণত নামাতে)।

তেখেতে মোক বহিব দি কলে যে মই ৬ মাহৰ বাবে ইংলন্ড যাব লাগে। মোৰ যোৱাৰ ইচ্ছা নাই, মই শুনিছিলো যে তাত যথেষ্ট ঠান্ডা পৰে। মোৰ ঠান্ডাত বহুত অসুবিধা, মই কেনেবাকে মোৰ নিজৰ ঠাই অসমত ঠান্ডাৰ দিনকেইটা কটাইছিলো। মই মনৰ ভাৱ প্ৰকাশ কৰিলো। কিছু আলোচনাৰ পিচত ঠিক হ'ল যে মই গৰমৰ দিনত যাম, তেতিয়া ঠান্ডা নাথাকে। মই Worthing নামৰ ঠাইত যাব লাগে, যি south England ত অবস্থিত।

নিজৰ cabin অলৈ আহি অলপ ঠাইখনৰ বিষয়ে জানিবলৈ internet খুলিলো। Worthing এখন সৰু ঠাই, লন্ডনৰ পৰা ১৫০ কিলোমিটাৰ দুৰত। তাত লন্ডনৰ নিচিনা ফুৰিব পৰা ঠাই একো নাই। মনটো কোচ্ খাই আহিল, ভাবিবলৈ ধৰিলো ৬ মাহ অকলে তাত কেনেকৈ অতিবাহিত কৰিম। কিন্তু ইতিমধ্যে মই কথা দিলো, গতিকে আৰু উপায় নাই, যাবই লাগিব।

মই যোৱাৰ জোগাৰ কৰিব ধৰিলো, তাত থকা দিনবোৰত বতৰ আৰু উস্নতাৰ ওপৰত অনুসন্ধান চলালো। যিহেতু মই গৰমৰ দিনত যাম, সেয়েহে গৰম কাপোৰৰ বিশেষ প্ৰয়োজন নহয়। তথাপি সাৱধান হৈ এটা sweater আৰু আন গৰম কাপোৰ কিনিলো। লগতে আন কিবাকিবি বস্তু যেনে চাটি, খোৱা বস্তু, mobile sim (Lyca), camera, battery, memory card, trolley bag ইত্যাদি কিনিলো।
কোম্পানীৰ ফালৰ পৰা হোটেল আৰু breakfast দিব, বাকি আন সকলো বস্তু মই নিজে manage কৰিব লাগিব (কোম্পেনীয়ে মোক daily allowance দিব)।
মই visa ৰ কাৰণে আবেদন কৰি, সাক্ষাৎকাৰত উৎত্তীৰ্ণ হৈ visa পালো।
মই কিছু টকা হাতত আৰু কিছু card ত লৈ যোৱাৰ সিদ্ধান্ত ললো।
মোৰ flight টিকট air emirates ত Heathrow, UK লৈ কৰা আছে।
সেইমতে মই নিৰ্ধাৰিত দিনত যাত্ৰা আৰম্ভ কৰি Heathrow পালো (মোৰ প্ৰথম International Flight ৰ ওপৰত লিখিবলৈ যঠেষ্ট আছে, সেয়েহে মই সেই বিষয়ে বেলেগকৈ লিখিম)।

Airport ৰ পৰা মই train ৰে গৈ Worthing পালো, প্ৰায় এঘন্টামান ল'লে। Train বিলাক আমাৰ দেশৰ তুলনাত যঠেষ্ট পৰিপাতি আৰু চফা। তাত train অত উঠাৰ পিচতো টিকত কাটিব পাৰি, মাত্ৰ স্টেশ্ৱনৰ পৰা ওলাই অহাৰ সময়ত টিকত check হয়। আমাৰ দেশৰ নিছিনা rail line cross কৰি যোৱা নেদেখিলো, হয়তো electric train কাৰণে মৃত্যু হোৱাৰ সম্ভাৱনা থাকে।

মই Worthing 4 তা বজাত পালো, স্টেশ্ৱনৰ পৰা ওলাই আহি taxi stand ৰ ফালে খোজ ল'লো। এটা সুন্দৰ ৰবিবাৰ, আকাশত সূৰ্য্যই হাঁহি আছে। Taxi stand তো খালি, এখনো taxi নাই। মই taxi ৰ বাবে কিছু সময় ৰ'লো। গোটেই ঠাইখিনি নিৰ্জন, এজন মানুহো দেখিবলৈ নাই, একো শব্দ নাই। মাত্ৰ অকমান দুৰত এখন ৰেষ্টুৰাঁ, দুৰৰ পৰাই কেইজনমান মানুহ দেখিছো। মই হোটেললৈ কেনেকৈ যাম ভাবিব ধৰিলো। হোটেলখন স্টেশ্ৱনৰ পৰা মাত্ৰ ১.৫ কিলোমিটাৰ দূৰত, কিন্তু যোৱা ৰাস্তা নাজানো (তেতিয়া গুগল্ মেপ নাছিল)। আমাৰ দেশত হোৱা হ'লে চাহ দোকান এখনতে সুধি ললোহেতেন ।


Worthing ৰেলৱে স্টেশ্ৱন

ৰৈ ৰৈ ভাগৰ লাগিল।
মই ইংলন্ডত এনেধৰণৰ পৰিস্থিতিত পৰিম বুলি কেতিয়াও ভৱা নাছিলো। অফিচত কৈছিল যে স্টেশ্ৱনৰ পৰা ওলাই আহিলেই বহুত টেক্সি ৰৈ থাকিব, এখনত উঠিলেই হ'ল।
মোৰ মনত বিভিন্ন ধৰণৰ চিন্তাই ভুমুকি মাৰিব ধৰিলে ... যদি হঠাতে কিছুমান মানুহে হাতত বন্দুক লৈ আহি মোৰ সকলো বস্তু লুটি লৈ যাই (ইংৰাজি চিনেমাত দেখিছো), মই মোৰ দেশলৈ কেনেকৈ উভটি যাম ??? ... যদিহে টেক্সি কিবাকাৰণত এখনো নাহে আৰু ৰাতি হৈ যাই, মই কি কৰিম ??? ...
কি কৰা যাই এতিয়া, মই ভাবিবলৈ ধৰিলো। মই ওচৰৰ ৰেষ্টোৰা খনলৈ গৈ খা-খবৰ লোৱাৰ সিদ্ধান্ত লৈ অকমান আগবাঢ়ি যাওতেই এখন টেক্সি আহি উপস্থিত হ'ল (প্ৰায় এঘন্টা ৰোৱাৰ পিচত), মই টেক্সিত উঠিহে শান্তিৰে নিশ্ৱাস ললো। টেক্সিয়ে ১০ মিনিটত হোটেল পোৱাই দিলে, বিনিময়ত ৭ পাউন্ড (মোটামোটি ৭০০ টকা) ল'লে।

হোটেলত মোৰ কোঠা আগতিয়াকৈ সংৰক্ষিত আছিল, সেয়েহে একো অসুবিধা নহ'ল। মই হোটেলৰ কোঠাটোত ইফাল সিফালে ঘুৰিলো, আগতে আমাৰ দেশত নেদেখা বস্তুবোৰ ভালদৰে চালো আৰু হোটেলৰ ওচৰ পাজৰৰ ঠাইখিনি চাবলৈ ওলাই আহিলো।


মই থকা হোটেল খন

তেতিয়া মোটামোটি সন্ধিয়া ৬ টা বাজিছে, সূৰ্য্য তেতিয়াও মুৰৰ ওপৰত। মই ইফাল সিফালে ঘুৰি ঘৰবোৰ চালো, ৰেষ্টোৰাবোৰ বাহিৰৰ পৰাই নিৰিক্ষণ কৰিলো (সিহতে খোৱাবস্তুৰ তালিকা বাহিৰতে ওলমাই থৈ দিয়ে) মই খাব পৰা বস্তুৰ সন্ধানত।
Beach খন হোটেলৰ একেবাৰে ওচৰত, ১০০ মিটাৰমান দুৰত। ইমান চফা beach দেখি মন ভাল লাগি গ'ল, বহুত দুৰলৈ খালিভৰিৰে খোজ কাঢ়িলো, ভাগৰ লগাত শুই আৰাম কৰিলো। ওচৰত কোনো মানুহ নাই, অলপ দুৰত কিছুমান মানুহ আছে। সাগৰৰ ধৌবোৰে এটা meditative শব্দৰ সৃষ্টি কৰিছে, মাজে মাজে সাগৰীয় চৰাইৰ মাত, মন শাত্ পৰি গ'ল।
মই পৰিবেশটোত ইমান মগ্ন হ'লো যে সময় চাব পাহৰিলো। হঠাত ঘৰি চাই দেখিলো ৯:৩০ বাজিছে ! আকাশত সূৰ্য্য বিৰাজমান আছিল, মই ভাবিছিলো যে হয়তো ৬ টা মান বাজিছে ।


হোটেলৰ ওচৰৰ beach

দৌৰাদৌৰিকৈ মই ওচৰৰে ৰেষ্টোৰাত (বাংলাদেশী ৰেষ্টোৰা, ভাৰতীয় খোৱা পোৱা যায়) বিৰিয়ানি খালো, ১০ পাউন্ড ল'লে। ত্ৰিপ্তিৰে পেট পুৰাই হোটেললৈ উভতি আহিলো আৰু অকণমান TV চাই ১০ টা মান বজাত শুলো (তেতিয়াও আকাশত সূৰ্য্য আছিল)। পিচদিনা মই মোৰ client অৰ অফিচলৈ যাব লাগে।

এইবাৰলৈ ইমানেই, আগলৈ মই ঠাইখনৰ আন ভাল লগা বিষয়ৰ ওপৰত লিখিম।

Saturday, August 10, 2019

অভ্যাস

Your beliefs become your thoughts,
Your thoughts become your words,
Your words become your actions,
Your actions become your habits,
Your habits become your values,
Your values become your destiny.

ইমান ধুনীয়া কোঠা মই আগতে দেখা নাই । পৰিপাতি বিচনা, ধুনীয়া কাঠৰ furniture. মেজত সজাই থোৱা আছে বিভিন্ন ধৰণৰ সামগ্ৰি - electric kettle, বিভিন্ন ধৰণৰ cup and saucer, spoons. Fridge খুলি দেখিলো বিভিন্ন ধৰণৰ biscuit packets, coffee powder packets, juice packets ইত্যাদি । Toilet ত bathtub, shower room. থৈ দিয়া আছে shampoo, body wash ৰ বটল, চাবোনৰ পেকেট । মই এটা shampoo বটল হাতত ললো, বেগত ভৰাই লোৱাৰ উদ্দেচ্ছৰে । অলপ আহি থমকি ৰলো, বিবেকে বাধা দিলে, বটলতো আগৰ ঠাইত থৈ আহিলো, ইচ্ছা নথকা স্বত্তেও ।

এয়া আছিল মোৰ বিদেশী হোটেলৰ প্ৰথম অভিজ্ঞতা, বহুবছৰ আগৰ । ইয়াৰ হোটেলবোৰত ইমান ধুনীয়া বস্তু ৰাখে যে বস্তুবোৰ বেগত ভৰাই ঘৰলৈ আনিব মন যায় । বহুত বস্তু বজাৰত কিনিব নাপায়, সিহতে order দি বনাই আনে ।
হয়, ইয়ে মনত পেলাই দিয়ে কিছু সময় আগতে বালীত হোৱা ভাৰতীয় পৰিয়ালটোৰ দুৰ্দশা ।
মই আজি আমাৰ ভাৰতীয় মানুহে বিদেশত কৰা কিছুমান তেনেধৰণৰ অভ্যাসবশত আচৰণৰ ওপৰত লিখিব ওলাইছো । এই ঘটনাবোৰ কাল্পনিক নহয়, মই নিজচকুৰে দেখা ।

International flight বিলাকে যাত্ৰীৰ বাবে যঠেষ্ট সা সুবিধা দিয়ে - unlimited soft and hard drinks, juices, soft blankets, headphones, sleeping eye mask etc. ইয়াত মন কৰিলে দেখা যাই যে বেচিভাগ ভাৰতীয়ই ইটোৰ পিচত সিটো drink order কৰে, বহুতে আকৈ normally drink নকৰিলেও তাত কৰে, আনকি can বেগত ভৰাই আনে । মোৰ লগত যোৱা এজনে এবাৰ কম্বল, head phone, sleeping eye mask ইত্যাদি লগত লৈ আহিছিল ।

ডুবাই এয়াৰপোৰ্ট এটা ডাঙৰ আৰু ব্যস্ত international airport. আন ঠাইলৈ যাবলৈ বহুতে ইয়াত flight change কৰে । ইয়াত বিশ্ৰাম লবলৈ বিচনা সদৃশ ডাঙৰ আৰামদায়ক চকী থাকে । আমাৰ ভাৰতীয় বহুতে চকীবিলাক ইমান বেয়াকে ব্যৱহাৰ কৰে যে তাত আৰু বহিবলৈ মন নাযায় । পঢ়িবলৈ তাত বিভিন্ন দেশৰ ধুনীয়া আলোচনী থাকে, বহুতে আলোচনী বেগত ভৰাই আনে ।

ইংলেন্ডৰ হোটেলৰ Breakfast কৰা table বিলাক বিভিন্ন ধৰণৰ ধুনীয়া jam, jelly আৰু butter ৰ বটলেৰে সজ্জিত কৰি ৰাখে । কিছু ভাৰতীয়ই তাৰ পৰা jam ৰ বটল পকেটত ভৰাই অনা মই দেখিছো।


এখন হোটেলত সজাই ঠোৱা jam আৰু jelly ৰ বটল

Hotel ৰ reception অত chocolate ঠোৱা থাকে, বহুতে মুঠা মুঠি চকলেট আনে।

লন্ডন site seeing tour ত যাওতে বাছত বহু ভাৰতীয় লগ পাইছিলো। বাছবিলাকত folding rain coat (so small it fits in shirt pocket), head phone (for listening to commentary on many different languages), pen থাকে, বহুত ভাৰতীয়ই লগাতকে বেচি বস্তু (এজনেই ৩-৪ টা raincoat) লৈ আহে ।

এই অভ্যাসবোৰে যদিও ক্ষন্তেকিয়া satisfaction দিয়ে, পিচলৈ বহুত একো পোৱা নাযায়। আমাৰ অফিছৰ এজনে এবাৰ বহুত কফি পাউদাৰৰ পেকেট আনিছিল, কিন্তু পিছত বেচিভাগ পেলাই দিছিল, expiry date পাৰ হোৱাত ।

আমি বহুত কাম অভ্যাস বশত কৰো, পিছত বহুক্ষেত্ৰত অনুসুচনাও হয় ।
কিন্তু এইধৰণৰ অভ্যাসৰ পৰা আমাৰ ক্ষতি হোৱাৰ সম্ভাবনা যঠেষ্ট বেছি, লাজত পৰিব লগাও হয় । তাৰোপৰি দেশৰ বা প্ৰদেশৰ নাম বদনাম হয় । Think before you act কথাষাৰ মনত ৰাখি চলিলে ভাল ।

Sunday, July 28, 2019

বৰষুণ

অফিচৰ পৰা ঘৰলৈ যোৱাৰ সময় হ'ল, বাহিৰত বৰষুণ আৰম্ভ হৈছে। মই অলপ সময় ৰোৱাৰ সিদ্ধান্ত ললো, বৰষুণ কমিবলৈ নহয়, বাঢ়িবলৈহে।

এয়া বাংগালোৰ। বৰষুণ আৰম্ভ হ'লে লগে লগে traffic বাঢ়ি যায়, 2 wheeler বোৰে ঘৰ পাবলৈ হেতা ওপৰা লগায়। বৰষুণ অলপ বেচি হ'লে traffic কমে, কাৰণ তেতিয়া 2 wheeler নচলায়।

বৰষুণ অকমান বঢ়াত মই অফিচৰ পৰা ওলালো। অলপ দুৰ আহি এঠাইত ৰব লগা হ'ল। ৰাস্তাটো ঠেক, তাতে এখন গাড়ী বেয়া হৈচে। মই গাড়ী ঘুৰাই অন্য এটা ৰাস্তাৰে আহিব চেষ্টা কৰিলো কিন্তু নোৱাৰিলো।

লাইন লাইন গাড়ী ৰৈ আছে, বাহিৰত বৰষুণ। বৰষুণৰ টোপবোৰ গাড়ীত পৰি এটা ধুনীয়া background music ৰ সৃষ্টি কৰিছে। উশাহ নিশাহৰ বাস্পবোৰে গাড়ীৰ গ্লাচবোৰ অস্পষ্ট কৰি তুলিছে। হঠাত মনটো ল'ৰালি কাললৈ উৰা মাৰিলে ...

বহুত সৰুতে গাওঁত থাকিছিলো (ৰামপুৰ, গুৱাহাটী airport ৰ ওচৰত), তেতিয়া বৰষুণ আহিলে বৰ ভাল লাগিছিল ।
দুই তিনিদিন, কেতিয়াবা এসপ্তাহ পৰ্য্যন্ত একেৰাহে বৰষুণ আহিছিল। বেচি বৰষুণত স্কুল যাব নেলাগিছিল, কেতিয়াবা স্কুল যাব মন নাথাকিলে মনে মনে কৈছিলো "ভগবান এজাক ডাঙৰ বৰষুণ পঠাই দিয়া"। বৰষুণৰ পানীত কাগজৰ নাও চলাইছিলো, পৰুৱা কেইটামানক যাত্রী হিচাবে বহাই দিচিলো (it was cruel as the ants mostly used to die, but I was unable to think about that at that age).

টিনপাত দিয়া ঘৰত বৰষুণ আহিলে টোপালবোৰে এটা ধুনীয়া আমেজলগা শব্দৰ সৃষ্টি কৰিছিল, শব্দটো শুনি থাকোতে ৰাতি কেতিয়া যে টোপনি আহিছিল গমেই নেপাইছিলো |
কেতিয়াবা স্কুলৰ পৰা আহি থাকোতে বৰষুণ দিলে, লগৰ সকলো বন্ধুৰ লগত ময়ো ডাঙৰ কচুপাত চিঙি মুৰত লৈ ঘৰলৈ দৌৰ মাৰিছিলো।
বৰষুণৰ পিচত ৰ'দ দিলে গাইছিলো ...

ৰ'দ দি দি বৈৰ্হান আহে
খৰা শিয়ালৰ বিয়া ।
ঘন্ চিৰিকাই তামোল কাটে
আমাকো এখন দিয়া ॥

বগলী আকাশত উৰি গ'লে গাইছিলো ...
   বগলী বগা ফ'ত দি যা
আৰু চাইছিলো নখত বগা ফ'ত লাগিচে নেকি।
বৰষুণৰ পিচত ৰামধেনু ওলালে অতি উৎসাহেৰে চাইছিলো আৰু ৰং গননা (count) কৰিছিলো।

পিচত গুৱাহাটীত স্কুলত পঢ়োতে বৰষুণৰ দিনত যঠেষ্ট অসুবিধা হৈছিল। বৰষুণৰ দিনত ছাটি কঢ়িয়াই লৈ যোৱা (তেতিয়াৰ ছাটিবোৰ দীঘল আছিল, মহেন্দ্ৰ দত্তৰ), চিটী বাচত ছাটি পাহৰি অহাৰ tension (মই দুবাৰমান বাচত এৰি আহিছো)।
বৰষুণ দিলে বোকা থকা ৰাস্তাত খোজ কঢ়া বৰ অসুবিধা হৈছিল। চেন্দল পিন্ধি গ'লে বোকাৰ চিটিকনি পিচফালে ভৰিৰ পৰা মুৰলৈকে আহিছিল। ৰাস্তাৰে গৈ থাকোতে গাড়ি আহিলে ছাটিৰে নিজকে পানীৰ চিটিকনিৰ পৰা বচাইছিলো।

এইখিনিতেই এটা ঘটনা উল্লেখ কৰিছো। মই তেতিয়া class Vl অত, নাৰায়ণ সংগীত মহাৱিদ্যালয়ত গান শিকিছিলো (হয়তো বহুতে নাজানে)। এদিন ৰবিবাৰ ৰাতিপুৱা, গানৰ স্কুলৰ পৰা অহি থাকোতে ভুলক্ৰমে বোকা ভৰ্তি হৈ থকা গাত এটাত খোজ দিছিলো। বোকাত ভৰি আঠুলৈকে সোমাই গৈ এপাট চেন্দেল হেৰাইছিল, ভৰিত আনপাট চেন্দেল লৈ ঘৰ আহি পাইছিলো 😂

কটনত পঢ়ি থকা সময়ত, কলেজ থকা দিনত বৰষুণ আহিলে বৰ খং উঠিছিল। তাৰ department বিলাক যথেষ্ট দূৰে দূৰে সিঁচৰিত, বৰষুণত এটা department ৰ পৰা আনটোলৈ যাবলৈ অসুবিধা হৈছিল। প্ৰায়ে এনে হৈছিল যে ইংলিছ ক্লাছ (admin building অত) কৰি অসমীয়া ক্লাছ (old arts building অত) কৰো, তাৰ পিছত biology ক্লাছ (Handique কলেজৰ ওচৰত) কৰিবলৈ যাওঁ, এনেক্ষেত্ৰত বৰষুণ দিলে অসুবিধা হৈছিল। আমি প্ৰায়ে দৈৰাদৈৰি কৰিব লাগিছিল।

চুৰাটত পঢ়ি থকা সময়ত বৰষুণ বেছি নহৈছিল, কিন্তু যেতিয়া আহিছিল তেতিয়া যঠেষ্ট enjoy কৰিছিলো। এবাৰ এজন বন্ধুৰে সৈতে বৰষুণত তিতি তিতি দুঘন্টামান ৰাস্তাই ৰাস্তাই খোজকাঢ়ি ঘুৰি ফুৰা মনত আছে।

বৰষুণত তিতি interview দিয়া অভিজ্ঞতা ও মোৰ আছে। 2005 August ৰ কথা। মোক কলিকতাৰ এটা company ত interview ত মাতিছিল। Company টো Park Street অত, সেয়েহে মই আগদিনাই আহি Assam house ত (Russel street) উঠিছিলো। পিচদিনা ৰাতিপুৱাই বৰষুণ আৰম্ভ, মই breakfast কৰি Assam house ৰ দুৱাৰ মুখত থিয় দি দেখিলো যে ৰাস্তা পানীত বুৰ গৈচে, Assam house ৰ দুৱাৰ মুখলৈ পানী। মই অলপ সময় taxi ৰ কাৰণে ৰলো, কিন্তু এখনো নাই। ইফালে interview ৰ সময় ওচৰ চাপি আহিছে। উপায় নাপাই মই পানীয়ে পানীয়ে খোজ কাঢ়িবলৈ ধৰিলো, পিন্ধনত formal dress with leather shoes, হাতত original marksheet ৰ file. ৰাস্তাত পানী বাঢ়িবলৈ ধৰিলে। প্ৰথমতে মোৰ জোতাযোৰ পানীত দুব গৈছিল, লাহে লাহে পানীয়ে আঠু চুলে। নিৰুপায় হৈ মই pant কোচাব ধৰিলো, যিমান পাৰি ওপৰলৈ। ইফালে বৰষুণত মোৰ চোলা তিতি গ'ল, ভাগ্য ভাল যে মাৰ্কচিটৰ file টো এটা plastic packet অত ভৰাই আনিছিলো। এনেদৰে বৰষুণ আৰু পানীৰ মাজেৰে জপং জপং কৈ গৈ company ওলাইছিলো, সম্পুৰ্ণ তিতা অৱস্থাৰে। কষ্ট কিন্তু এনেয়ে যোৱা নাছিল, মই interview ত selected হৈ company ত join কৰিছিলো।

পিচত বাংগালোৰত আহি প্ৰথম চাকৰিত সোমোৱাৰ সময়ত এখন activa কিনিছিলো। তাত আকৌ অফিচ যোৱা বা অহা সময়তহে বৰষুণ দিয়ে। বহুদিন traffic jam ত চাৰিওফালে 4 wheeler ৰ মাজত আবদ্ধ হৈ অসহায় অবস্থাত বৰষুণত তিতি থকা মনত আছে। পিচত এটা full raincoat লৈছিলো, বৰষুণ আহিলে ৰাস্তাৰ কাষত ৰখাই, raincoat পিন্ধি লৈ গপচত গৈ থাকিছিলো।

ইংলেন্ডৰ বতৰ সম্পূৰ্ণ unpredictable. একেটা দিনতেই বেলেগ বেলেগ ধৰণৰ বতৰ সম্ভৱ, কেতিয়াবা বৰষুণ, কেতিয়াবা ৰ'দ।
এবাৰ মই Seven Sisters নামৰ ঠাইলৈ যাওতে প্ৰচন্দ বৰষুণৰ সন্মুখীন হ'ৱ লগা হৈছিল।
মই আগদিনাই তালৈ যাবলৈ পৰিকল্পনা কৰি থৈছিলো, সেয়েহে ৰাতিপুৱাই উঠি মই যাত্ৰা আৰম্ভ কৰিছিলো। বতৰটো ৰাতিপুৱাৰ পৰাই অলপ গোমোঠা হৈ আছিল, কিন্তু ঠাইখনৰ ওচৰ পাওঁ পাওঁ হওতেই বৰষুণ আৰু বতাহ আহিব ধৰিছিল। মই Tourist information counter অত অলপ সময় ৰলো, কিন্তু বৰষুণ নকমেহে নকমে। কেইজনমানে বৰষুণৰ মাজে মাজে গৈ আছে, দেখাক দেখি ময়ো ওলাই গলো।
মোৰ লগত এটা windcheater আৰু এটা ছাটি, এই দুয়োটাৰ সাহসত মই খোজ কাঢ়ি গৈ আছো। বাছ স্টপেজৰ পৰা Seven Sisters chalk cliff পাবলৈ প্ৰায় ২.৫ কিলোমিটাৰ মান খোজ কাঢ়িব লাগে, মুকলি পথাৰ আৰু সৰু পাহাৰৰ মাজে মাজে। মই যিমানে আগবাঢ়ি গৈ আছো সিমানেই বতাহ বৰষুণ বাঢ়িবলৈ ধৰিলে। মই ছাতিটোৰে নিজকে বৰষুণৰ পৰা বচাবলৈ আপ্ৰাণ চেষ্টা চলালো। কিন্তু এটাসময়ত সিয়ো লগ এৰিলে, বতাহৰ কোবত ছাতি মোৰ হাতৰ পৰা উৰি বহুত দুৰলৈ গুচি গ'ল, মই ওভতাই আনিব নোৱাৰিলো।
মোৰ লগত কেমেৰা আৰু মোৱাইল আছে, সেইকেইতা তিতাৰ ভয়ত মই ওচৰৰে এজোপা গছৰ তলত আশ্ৰয় ললো। গছজোপা সৰু, বেছি ডাল আৰু পাত নাই, কিন্তু যি ঠাইত ডাঙৰ গছ নাথাকে তাত এড়া গছেই ডাঙৰ গছ। সেয়েহে মই গছৰ তলত ৰলো, ওপৰৰ পৰা বৰষুণৰ টোপ মোৰ গাত পৰি থাকিল যদিও কেমেৰা আৰু মোৱাইল নিতিতিল। মোৰ চোলা পেন্ট সম্পূণ তিতিল।
বৰষুণ কমালৈ ৰৈ ৰৈ আমনি লগাত লগত থকা খোৱা বস্তুৰ টোপোলা খুলিলো, Coca-Cola can আৰু লগত dry fruits আৰু apple pie. প্ৰাকৃতিক পৰিৱেশত বস্তুখিনি বেয়া নালাগিল।
কিছু সময় পিছত বৰষুণ কমি ৰ'দ ওলাল, মই গছজোপাক ধন্যৱাদ জনাই গন্তৱ্য স্থানলৈ ৰাওনা হলো। Seven sisters চক্ মাটিৰ পৰ্ৱত চাই আনন্দ লভিলো।

মোক আশ্ৰয় দিয়া গছজোপা, ইয়াৰ সকলোবোৰ গছ বতাহৰ কোবত বেকা হৈ গৈছে।

আজিকালি বৰষুণ সম্বন্ধীয় বিশেষ একো নতুন অভিজ্ঞতা নাই। বৰষুণত তিতিব ভয় লাগে pollution ৰ কাৰণে, যিকেইদাল চুলি বাচি আছে সেইকেইদাল পকি বা সৰি যোৱাৰ ভয়ত।
এতিয়া বৰষুণত গাড়ী চলাই গ'লে অনিচ্ছাকৃত ভাৱে কেতিয়াবা খোজকাঢ়ি যোৱা মানুহক পানী বা বোকা চটিয়ালে মনতো সেমেকি উঠে, কাৰণ বোকাপানী লগা মানুহ জনৰ feelings খিনি বুজিব পাৰো।

   টিপ্ টিপ্ বৰছা পানী,
   পানী মে ...
গানটো গাড়ীৰ FM radio ত বাজিব ধৰিলে, মই বাস্তৱলৈ উভতি আহিলো ।
পিচফালৰ গাড়ীবিলাকে হৰ্ন দিব ধৰিছে, চাই দেখিলো traffic jam মুকলি হ'ল। Bike বিলাক দ্ৰুতগতিত মোৰ দুফালে যাব ধৰিছে, যেন গাড়ীত খুন্দা মাৰিহে যাব।
ইয়াত মানুহৰ একমিনিট ৰ'বৰো ধৈৰ্য্য নাই।

Saturday, July 27, 2019

আদৰণি

মই কিছুসময়ৰ পৰা অসমীয়াত blog লিখিবলৈ লৈছো, লাহে লাহে মোৰ অসমীয়া post ৰ সংখ্যা বাঢ়িবলৈ লোৱাত এই নতুন blog টোৰ সৃষ্টি কৰিলো |
আশা ৰাখিছো বন্ধুসকলে ভাল পাব |
মোৰ আগৰ blog টোত (https://rajibprasadsarma.blogspot.com/) ইংৰাজী post খিনি ৰাখিছো |

ধন্যৱাদ
ৰাজীৱ শৰ্ম্মা