Tuesday, December 21, 2021

জীৱনত লক্ষ্যৰ গুৰুত্ব: Dream Big, Aim High


আমাৰ বেছিভাগৰে সৰুৰ পৰা একো লক্ষ্য নাথাকে, ডাঙৰ হৈ জীৱনত কি কৰিম আমি বেছিভাগেই নাজানো। যিবিলাকৰো থাকে, সিহতৰ লক্ষ্যও সৰু ।
ইয়াত হয়তো আমাৰো বিশেষ দোষ নাই, আমি সৰুৰে পৰা আমাৰ ওচৰে পাজৰে যি দেখি ডাঙৰ হও, তাকে সঁচা বুলি ভাবো। আমাৰ সমাজৰ বেচিভাগ মানুহেই অলপতে সন্তুষ্ট হৈ থকা বিধৰ, অসমৰ ভিতৰতে আন ঠাইত পদোন্নতি দি চাকৰিত স্থানান্তৰণ কৰিলে নলয়, বেচিভাগেই শেষ কিতাপখন কলেজৰ দিনতে পঢ়া, যদিও পঢ়িছে তাকো চিনেমা, গল্প আদিৰ দৰে মনোৰন্জক কিতাপহে পঢ়ে, নিজৰ জীৱনতো উন্নত কৰিব পৰা ধৰণৰ বিশেষ একো প্ৰবন্ধ বা কিতাপ নপঢ়ে। গতিকে ডাঙৰক দেখি দেখি সৰু ল'ৰা ছোৱালী বিলাকৰো চিন্তা তেনেকুৱা হৈ যায়।

মই সৰুতে ভাবিছিলো যে আমাৰ যিমানে জ্ঞান বেছি হ'ব সিমানে আমি জীৱনত উন্নতি কৰিব পাৰিম, কিন্তু এইটো সম্পূৰ্ণ সত্য নহয়। মানুহে জীৱনত কিমান উন্নতি কৰিব পাৰে তাৰ বাবে জ্ঞানৰ লগতে ডাঙৰ লক্ষ্য আৰু risk taking ability লাগে।
যদিহে মানুহ এজনৰ একো বিশেষ লক্ষ্য নাথাকে, ভাবে যে জীৱনতো সাধাৰণ ভাবে চলি গলেই হ'ল, তেনেহলে মানুহজনে জীৱনত বিশেষ একো কৰিব নোৱাৰে, উপযুক্ত জ্ঞান থাকিলেও।

Role model ৰ গুৰুত্ত: আমাৰ পৰিয়াল আৰু থকা ঠাইৰ ওচৰে পাজৰে role model ৰ প্ৰয়োজনীয়তা আছে। আমি লক্ষ্য ৰাখিব লাগে যাতে থকা ঠাইৰ ওচৰে পাজৰে কোনো সফল ব্যক্তি (যি কোনো বিষয়ত) থাকে যাতে ল'ৰা ছোৱালী তেনে ব্যক্তিক দেখি অনুপ্ৰানীত হ'ব পাৰে। সফল ব্যক্তিৰ সাক্ষাৎকাৰ আদি শুনিলেও লাভবান হ'ব পাৰি।

সৰুৰে পৰাই ল'ৰা ছোৱালীক জীৱনত ডাঙৰ লক্ষ্য স্থাপন কৰিবলৈ উৎসাহিত কৰিব লাগে। লক্ষ্য ডাঙৰ হ'লে জীৱনত বহুত উন্নতি কৰিব পাৰি, যদিও কিবা কাৰণত লক্ষ্যত উপনীত হ'ব নোৱাৰি।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

Thursday, December 9, 2021

Communication skills


এটা ভাল communication skills থকাটো অতি আৱশ্যক, সকলোৰে বাবে। বিভিন্ন সময়ত আমাৰ মনৰ ভাৱ আৰু ধাৰণা আমাৰ লগত থকা আন মানুহৰ লগত clearly প্ৰকাশ কৰিব লগা হয়।
বহুতেই বেচিকে কথা কোৱাকেই ভাল communication skills বুলি ভাবে, কিন্তু কথাৰে মনৰ ভাব ভালদৰে প্ৰকাশ কৰিব পাৰিব লাগিব। বহু সময় কথা কোৱাৰ পিচতো বহুজনে মনৰ ভাৱ ভালদৰে বুজাব নোৱাৰে, আনহাতে কোনোজনে অলপ কৈয়ে বুজাব পাৰে।

বহু ক্ষেত্ৰত বিভিন্ন ভাষাৰ মানুহ একেলগে কাম কৰে, তেনে অৱস্থাত common ভাষা শিকিব লগা হয়। নিজৰ প্ৰাদেশীক ভাষাৰ ওপৰিও হিন্দী আৰু ইংৰাজী ভাষা জনাতো অতি প্ৰয়োজনীয়।
আজিকালি বহুতেই ভাৰতৰ বাহিৰৰ আন দেশৰ মানুহৰ লগত একেলগে কাম কৰিব লগা হয়। তেনে ক্ষেত্ৰত ইংৰাজী ভালদৰে বুজিব, ক'ব আৰু লিখিব পাৰিলে যথেষ্ট সুবিধা হয়।
এইখিনিতেই এটা বহু পুৰণি কথা মনত পৰে। এটা কোম্পানীত কাম কৰোতে আমি ইংলন্ডৰ এটা team ৰ লগত একেলগে কাম কৰিব লৈছিলো, সদায় ৩০ মিনিটৰ মিটিং হয়, আমি কি কাম কৰি আছো আৰু কৰিম ক'ব লাগে। সিহতৰ মানুহে কোৱা কথাবিলাক আমি ভালদৰে বুজি নাপাও, সিহতৰ ইংৰাজী কোৱা ধৰণ বেলেগ আৰু খৰকৈ কয়, সিহতে ১০ টা শব্দ কোৱা শেষ কৰিলে তেতিয়ালৈ আমি মাত্ৰ ৫ টা শব্দহে বুজি উঠো। কেতিয়াবা সিহতে কিবা সুধিলে আমি বুজি নাপায় বেঙাৰ দৰে yeah কৈ থও, পিচত লাহে লাহে বুজি উঠাৰ পিচত নিজৰে হাঁহি উঠা হ'ল।

আন মানুহে কোৱা কথা ধৈৰ্য্য সহকাৰে শুনা আৰু বুজাও communication skills ৰে অংশ। কিয়নো যেতিয়ালৈ আনজন মানুহে কি কৈছে আমি বুজি নাপাও, আমি ভালদৰে তাৰ ওপৰত মন্তব্য় কৰিব নোৱাৰো।

আমাৰ চাকৰি জীৱনত আমি যিমানে আগুৱাই যাম সিমানেই আমাক communication skills ৰ বেছি প্ৰয়োজন হয়। আমি বহুত কথা বেচি সংখ্যক মানুহৰ লগত আদান প্ৰদান কৰিব লগা হয়। তেতিয়া আমাক presentation আৰু public speaking skills ৰো আৱশ্যকতা হয়।

আমাৰ ল'ৰা ছোৱালীৰ সৰুৰে পৰা ভাল communication skills গঢ়ি উঠাত গুৰুত্ত দিব লাগে । ইংৰাজী ভাষা সলসলিয়াকৈ ক'ব, বুজিব, পঢ়িব আৰু লিখিব পৰাটোৱে জীৱনত যথেষ্ট অৰিহনা যোগাব।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

Monday, December 6, 2021

Parenting is challenging


কিছুদিন ধৰি মই মোৰ ল'ৰাৰ online ক্লাচত লৰাৰ লগত বহিছো। Pre-primary ক্লাচতে কিমান যে জানিব লাগে, আমাৰ দিনত হয়তো আমি পঞ্চম বা ষষ্ঠ শ্ৰেণীতহে জানিছিলো। সৰুৰ পৰাই ল'ৰা ছোৱালীয়ে বহুত জানিব শিকিব লগা হয়।

আনহাতে এনেকুৱা লাগে যে আজিকালি ল'ৰা ছোৱালী ডাঙৰ কৰা মাক বাপেকৰ বাবে যথেষ্ট কষ্টকৰ কাম হৈ উঠিছে।
জন্ম হোৱাৰ পৰাই ডক্তৰে যেন প্ৰতিটো বস্তুৰে খবৰ লৈ থাকে। যিমান বাৰ ভেকচিন্ ল'ব যোৱা হয়, প্ৰতিবাৰে উচ্চতা, ওজন, মূৰৰ জোখ লয়। মানুহৰ ফালে চাই নে নাই, হাহে নে নাহাহে, মুখেৰে শব্দ কৰে নে নাই, শব্দ শুনিলে চাই নে নাই, eye contact কৰে নে নাই, কথা কয় নে নাই, কিমান word জানে, ইমান বয়সত ইমান word জানে নে নাই, খোজ কাঢ়ে নে নাই, কিমান বয়সত খোজ কাঢ়িচে, অকলে কতো নধৰাকৈ steps বগাব পাৰে নে নাই, লৰা ছোৱালীৰ লগত খেলে নে নাই, খেলোতে কেনে ব্যৱহাৰ কৰে, কিবা এটা কৰিব দিলে কৰে নে নাই .... আৰু কত কি ...
যদিহে কিবা এটা হোৱা নাই, ভয় খুৱাবলৈহে যেন ডক্তৰ ৰৈ থাকে। ইয়াত যাওক, এইজন specialist ক লগ কৰক, এইটো therapy কৰক .... ইমান যে specialist আৰু therapist থাকে ইয়াৰ আগত নাজানিছিলো।

আগৰ সময়তো ল'ৰা ছোৱালীক লৈ অভিভাবকে ইমানেই কষ্ট কৰিব লাগিছিল নে? মেট্ৰিক বা হায়াৰ চেকেন্দাৰী পৰীক্ষাক লৈ চিন্তিত হোৱা দেখিছিলো, কিন্তু তাৰ বাহিৰে ? নে মহানগৰৰ অত্যাধুনিকতা এয়া ? নে আজিৰ যুগৰ এইবোৰ নতুন সমস্যা ?

Monday, November 15, 2021

Stress: A silent killer


মূৰটো মাজে মাজে ঘূৰুৱা যেন লাগে, চকিত বহাৰ পৰা উঠিলে আন্ধাৰ দেখো, যেন মাটিত বাগৰিহে পৰিম। গা দুৰ্বল লাগে। ৰাতি ভাল টোপনি নাহে, মাজে মাজে সাৰ পাই থাকো, ৰাতিপুৱা উঠিবৰ ইচ্ছাই নহয়, অফিচৰ মিটিং থাকে বাবে মিটিংৰ ১০ মিনিট আগতে কিবাকেহে উঠো। মোক দেখা মানুহে কয় যে মই হেনো খীনাইছো, মইয়ো বুজিছো কাৰণ মোৰ pant বিলাক ধিলা হৈছে।

এয়া হ'ল মোৰ কিছুমাহ আগৰ অৱস্থা। মই বহুদিন ধৰি এইধৰণৰ বিভিন্ন সমস্যাত ভুগি আহিছো। ওচৰৰ দক্তৰক দেখুওৱাত তেখেতে sugar ৰ পৰিক্ষা কৰিব দিলে।
মই ভাবি গুনি এটা health checkup কৰিলো। ৰিপোৰ্টত দেখিলো যে RBC, WBC, Platelet count আদি বহুত কম। Platelet count যথেষ্ট কম, ৫০০০০ মাত্ৰ, সাধাৰণতে ১.৫ লাখৰ ওপৰত থাকিব লাগে। ডক্তৰে কিবা কিবি test কৰিব দিলে, ক'লে কেতিয়াবা হেনো গম নোপোৱাকেও দেংগু হয় যাৰ ফলত platelet count কমি যায়। Platelet count বেচি কমি গ'লে bleeding হোৱাৰ সম্ভাৱনা থাকে। মোৰ কিছুদিনৰ পৰা মাজে মাজে দাঁতৰ পৰা তেজ ওলায়।

কিন্তু আটাইকেইটা test ৰ result negative আহিল, গতিকে কি কাৰণে এই সমস্যা বোৰত ভুগিছো ধৰিব নোৱাৰিলো। ডক্তৰৰ লগত বহুত সময় কথা পতাৰ পিচতহে প্ৰকৃত কাৰণটো জানিলো - stress.
যোৱা বহু কেইমাহ মান মই যথেষ্ট tension আৰু stress অত কটাইছো, অফিচৰ কামক লৈ। ৰাতিপুৱাই যি টেবুলত কাম কৰিব বহো, ৰাতিহে উঠো, মাত্ৰ অতি আৱশ্যক নহ'লে। আনকি ভাত খাওতেও কাম চলি থাকে, পত্নীয়ে কাঁহি আনি টেবুলত থৈ যায়, মই কামৰ মাজে মাজে চামুচেৰে ভাত খাই থাকো। বহু সময়ত মিটিংৰ মাজে মাজে ভাত খাও, যদিহে একো কথা ক'ব নালাগে।

যি কি নহওক, মই treatment কৰি বৰ্তমান যথেষ্ট ভাল পাইছো। Platelet count বাঢ়ি ১ লাখৰ ওচৰ হৈছে। ডাক্তৰৰ লগত হোৱা আলোচনাত আৰু এটা কথা জানিলো যে আমাৰ north east ৰ ফালৰ কোনো কোনো মানুহৰ Platelet count সাধাৰণতে কম থাকিবও পাৰে।

Stress হ'ল বহুত ক্ষতিকৰ, ই মনে মনে মানুহৰ বহুত ক্ষতিসাধন কৰে। যদিহে কোনোবাই দিৰ্ঘদিন ধৰি stress ত ভূগি আছে, সাৱধান হোৱা উচিত।

Friday, October 29, 2021

কৰ্ম অব্যাহতি


ৰাতি ২ টা বাজিছে, মোৰ ল'ৰাটোৱে বিছনাৰ পৰাই মোলৈ চাই ৰৈ আছে, মই ওচৰত নুশুলে সি টোপনি নাযায়। মই অফিচৰ কামত ব্যস্ত, আজিয়েই এটা প্ৰজেক্ট্ release কৰিব লাগে, আৰু কিমান সময় লাগিব নাজানো।
শুৱাৰ পিচতো হয়তো মাজতে আকৈ উঠিব লাগিব, ল'ৰাটোৱে কেতিয়াবা সাৰ পাই কান্দে। মোৰ টোপনি ভাগিলে আৰু নাহে, কম টোপনি হ'লে প্ৰায়ে পিচদিনা মূৰৰ বিষ হয় আৰু অফিচৰ কাম কৰিব অসুবিধা, কিয়নো মই বহুঘন্টা headphone লগাই মিটিং কৰিব লাগে।
এয়া হ'ল মোৰ ২০২১ চনৰ work from home ৰ কাহিনী।

মোৰ software অত কাম কৰা প্ৰায় ১৮ বছৰ হ'ল, কিন্তু ২০২০ - ২১ চনৰ নিচিনা তিক্ত অভিজ্ঞতা কেতিয়াও হোৱা নাই। অফিচৰ নাম শুনিলে যেন কিবা তিতা কেহা লাগে, মনটো কোচ খাই আহে। কাম কৰিব মন নলগা হ'ল। ঘৰৰ পৰাই কাম কৰি কৰি যেন অফিচৰ কাম আৰু ঘৰৰ কামৰ মাজৰ balance হেৰাই গ'ল।

সেয়েহে বহুত ভাবি চিন্তি কামৰ পৰা অব্যাহতি লোৱাৰ সিদ্ধান্ত ললো।
আজি ২৯ অক্টোবৰ তাৰিখ, মোৰ কামৰ অন্তিম দিন ... হয়তো আৰু software অত কেতিয়াও কাম নকৰো ... কোনে জানে ?

সিদ্ধান্তটো কিমান ভূল বা শুদ্ধ এতিয়াই ক'ব নোৱাৰো। অৰ্থনৈতিক দিশৰ পৰা এইটো বিশেষ ভাল সিদ্ধান্ত নহয়, বাকিথকা জীৱন চলিবলৈ বহুত টকাৰ প্ৰয়োজন হ'ব, আৰু ৫ বছৰ মান কাম কৰিব পৰা হ'লে যথেষ্ট ধন জমা কৰিব পাৰিলোহেতেন; আজিকালি ধনৰ আৱশ্যকতাৰ বিষয়ে নোকোৱাই ভাল!

ইমান বছৰে কাম কৰি যথেষ্ট নতুন কথা জানিলো আৰু শিকিলো, আন industry ত কাম কৰিলে হয়তো জানিব নোৱাৰিলোহেতেন, বহুত ভাল বন্ধু হ'ল। ভাল বেয়া বিভিন্ন ধৰণৰ পৰিস্থিতিৰ সন্মুখিন হলো, মানুহ হিচাবে নিজৰ সক্ষমতাক চিনিব পাৰিলো আৰু নিজকে উন্নত কৰিব যত্ন কৰিলো।

কাম কৰি থকা সময়ৰ স্মৃতি চিৰ জীৱনলৈ মনত থাকিব - project outing, team lunch, অতি নিকট বন্ধুবোৰৰ লগত কটোৱা সময়, boss এ নেদেখাকে মনে মনে অফিছৰ terrace ত থকা swimming pool অত ঘন্টাৰ পিচত ঘন্টা সাঁতোৰা, অফিচৰ foosball আৰু কেৰম্ খেল, ৰাতি ৰাতি অফিচত কাম কৰি সময় কটোৱা, অফিচৰ বিভিন্ন উৎসৱ, বন্ধুৰ লগত কৰা gossip ... আৰু কত কি !

ইয়াৰ পিচত কি কৰিম ? এতিয়াই একো বিশেষ পৰিকল্পনা কৰা নাই। নিজৰ স্ৱাস্থ্যৰ যত্ন ল'ম, ইমান বছৰে অৱহেলা কৰি আহিছো। পৰিয়ালৰ লগত অলপ সময় কটাম, বিশেষকে ল'ৰাটোৰ লগত, যোৱা প্ৰায় ২ বছৰমান তাক অৱহেলা কৰিছো, কামৰ তাগিদাত।

পিচত অসমলৈ ওভতি যাম বুলি ভাবিছো, ২০ বছৰমান আগতে এৰি অহা সম্বন্ধীয় আৰু বন্ধু বান্ধৱৰ লগত জীৱনৰ বাকিচোৱা কাল ভালদৰে কটাবলৈ।

Sunday, October 17, 2021

DIP Diet


Youtube চাই থাকোতে হঠাৎ এটা ভিডিওলৈ চকু গ'ল - বিশ্ৱৰূপ ৰয় চৌধাৰীৰ DIP diet ৰ ওপৰত। এই ভিডিওতো খাদ্যৰ বিষয়ে, কেনেকৈ বিভিন্ন বেমাৰ মাত্ৰ খাদ্যৰ সহায়ত ঠিক কৰিব পাৰি।

মই যোৱা কেইবাবছৰো high blood pressure অত ভুগি ঔষধ খাই আহিছো। ভিডিওত কোৱা মতে ময়ো dip diet follow কৰিব সিদ্ধান্ত ললো। বজাৰৰ পৰা কেচাই খাব পৰা শাক, ফল, তৰকাৰি যিমান পাৰি আনিলো আৰু খাব ললো। যদিও ভিডিওত কোৱা মতে কৰিব নোৱাৰিলো, তথাপি যিমান পাৰি সিমান খালো।

কেইদিনমান পিচত মই প্ৰেচাৰ জুখি দেখিলো যে মোৰ প্ৰেচাৰ কমিছে - আচলতে low প্ৰেচাৰ হৈছে। মই ঔষধ খোৱা বন্ধ কৰি দিলো, যোৱা ২ মাহ ধৰি মই একো ঔষধ খোৱা নাই আৰু মোৰ প্ৰেচাৰ normal - মই মাত্ৰ কেঁচা শাক তৰকাৰি ফল আদি বেচিকে খাব লৈছো।

ঔষধৰ ওপৰত নিৰ্ভৰ কৰি দিৰ্ঘদিন চলা স্বাস্থ্যৰ বাবে হানিকাৰক, যিকোনো উপায়ে বেমাৰৰ প্ৰতিকাৰ কৰিব লাগে। যদিহে খাদ্যৰে বেমাৰ নিৰ্মূল হয় তেতিয়াটো কথাই নাই !
আশাকৰিছো আন কোনোবাই ও ইয়াৰ দ্ৱাৰা সুফল পাব।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

Sunday, October 3, 2021

কিতাপ


কিবা পৰাৰ শব্দ শুনি মই গৈ দেখিলো যে মোৰ ল'ৰাটোৱে আলমাৰিৰ পৰা মোৰ কিতাপ উলিয়াই আনি মাটিত পেলাই cover চিগি পেলালে। মই তাক এক ধমক দি কিতাপ খন সযতনে থলো। মনৰ আগত কিছু পুৰণি কথা ভাহি আহিল।

১৭ বছৰমানৰ আগৰ কথা। মই বাংগালোৰৰ M G Road অত এদিন সন্ধিয়া অকলে ঘূৰি ফুৰিছো। তেতিয়া অবিবাহিত, শনি আৰু ৰবিবাৰে টাইম্ পাচ্ কৰিব সন্ধিয়া ওলাই আহো, M G Road অৰ বাহিৰে আৰু ফুৰিব পৰা বেলেগ ঠাই নাই। কিবা কাৰণত কিছুদিনৰ পৰা মনটো ইমান ভাল নহয়, মই ইয়াৰ কিবা এটা সমাধান বিচাৰি ফুৰিছো।
ৰাস্তাত খোজকাঢ়ি মই ইফালে সিফালে চাই কিবা যেন বিচাৰি ফুৰিছো, তেনেতে এখন সৰু ঠেলালৈ চকু গ'ল। ঠেলাখনত কিছুমান কিতাপ লৈ মানুহ এজনে বিক্ৰি কৰি আছে, কিছুমান মানুহে থিয় দি কিতাপ চাই আছে। ময়ো কিনো কিতাপ আছে চাওঁ বুলি ওচৰলৈ আহি চাব ধৰিলো। তেতিয়ালৈ মই Engineering আৰু Computer অৰ বিষয়ে কিছু কিতাপ পঢ়িছিলো যদিও আন বিষয়ত একো কিতাপ কিনি পঢ়া নাচিলো।
মই এখন কিতাপ হাতত তুলি লওঁ, আৰম্ভণী আৰু মাজৰ অলপ পঢ়ি ভাল নলগাত থৈ দি আন এখন হাতত লওঁ, এনেদৰে ইখনৰ পিচত সিখনকৈ কিতাপ চাই গৈ গৈ শেষত এখন কিতাপত থমকি ৰলো। অলপ পঢ়ি এনে লাগিল যেন মই বিচাৰি থকা সমাধান টো এই কিতাপ খনত আছে। মই কিনি অনা এইখনেই হ'ল মোৰ প্ৰথম self improvement বিষয়ৰ কিতাপ যিয়ে মোৰ জীৱনৰ প্ৰতি থকা মোৰ দৃষ্টিভংগী সলাই পেলায়। এইখনৰ নাম হ'ল The power of your Subconscious Mind.

ইয়াৰ পিচৰপৰা মই বিভিন্ন ধৰণৰ কিতাপ কিনিছো আৰু পঢ়িছো। কিতাপ দেখিলেই অলপ পঢ়ো আৰু ভাল লাগিলে কিনি আনো। কিতাপ কিনোতে কিনোতে ঘৰত এটা সৰু সুৰা library ৰ নিচিনা হ'ল।


কিছু কিতাপ কিনা বহু বছৰ হ'ল কিন্তু পঢ়া হোৱা নাই

এটা সময়ত ভাবিছিলো যে যেতিয়া নিজৰ ঘৰ হ'ব, তেতিয়া এটা মোৰ library থাকিব, য'ত মই মোৰ কিতাপ বিলাক ৰাখিম।
আৰু সচাকে মই এটা সৰু কোঠাও বনাইছিলো, কিতাপ ৰখাৰ বাবে।

তাৰ পিচত হঠাত যেন পৃথিবীখন সলনি হ'ল, এটা digital যুগ আহিল। সকলো কিতাপৰে কম্পিউটাৰত পঢ়িব পৰা pdf version ওলাল। কিতাপ কিনি থবলৈ ঠাই নলগা হ'ল। পঢ়িবলৈ ও সুবিধা, নিজৰ ইচ্ছামতে আখৰ ডাঙৰ সৰু কৰিব পাৰি, ফুৰিব গ'লে লগত যিমান ইচ্ছা সিমান কিতাপ নিব পৰা হ'ল।
মোৰো কিতাপ কিনা লাহে লাহে কমি গ'ল, google অত বিচাৰি বিচাৰি ভাল কিতাপৰ pdf download কৰি থলো, ইয়াতো কিন্তু বহুত কিতাপ এতিয়ালৈ পঢ়া নহ'ল।


মোৰ Digital Library টোৰ কিছু অংশ

কিন্তু সকলো সময়তে laptop লগত লোৱা সম্ভৱ নহয়, ফুৰিব আহিলেও লগত laptop থাকিলে এটা বোজা বাঢ়ে, সেইখিনি সময়ত মই এটা kindle কিনিলো, যিটো কিতাপ পঢ়াৰ বাবে অতি উপযোগী। PDF কিতাপ কম্পিউটাৰৰ পৰা ইয়ালৈ transfer কৰি অতি সহজতে পঢ়িব পাৰি।


Kindle অত কিতাপ পঢ়িব অতি সহজ, চকুত অলপো কষ্ট নহয়

লাহে লাহে মোবাইল বোৰ যথেষ্ট শক্তিশালী হ'ল, মোবাইলটেই MS office, PDF reader হ'ল। গতিকে মোবাইলতে পঢ়িব ললো।
তাৰ পিচত android app আহিল, কিতাপ পঢ়া আৰু সহজ হ'ল, Kindle অৰ app ও ওলাল।
এতিয়া আনকি পঢ়াৰো প্ৰয়োজন নাই, youtube অত বহুত video আছে, মাত্ৰ লগাই লৈ আৰামেৰে বহি শুনিব লাগে। বহুত কিতাপৰ সাৰাংশও পোৱা যায়, ইংৰাজী বুজিব অসুবিধা হ'লে হিন্দী বা অসমীয়াতো আছে।

আজিকালি মোৰ ঘৰত থকা কিতাপ বিলাকৰ অৱস্থা এলাগীৰ দৰে, কিমান বছৰ যে এনেয়ে পৰি আছে ! মোৰ ল'ৰাটোৱেহে কেতিয়াবা কিতাপ লৈ খেলে।
কিতাপৰ লাইব্ৰেৰী বনোৱা হৈ নুঠিল। এতিয়া কিতাপ পঢ়িবলৈওঁ যেন অসুবিধা পাওঁ, আখৰবিলাক ভালদৰে মনিব নোৱাৰো, কিতাপবিলাক যেন বেছি শকত, হাতত লৈ পঢ়িবলৈ অসুবিধা। অথচ আগতে তেনেদৰেই পঢ়িছিলো। আমাৰ আগৰ প্ৰজন্ময়ো তেনেদৰেই কিতাপ পঢ়িছিল।

কিনি থোৱা কিতাপ, download কৰি থোৱা pdf বিলাকে যেন মোক কয় - আমাৰ লগতো কিছু সময় কটোৱা। আশাকৰিছো সময় উলিয়াই অতি সোনকালে আকৈ পঢ়া আৰম্ভ কৰিম।