Sunday, March 29, 2020

ইমাৰজেন্চি ফান্ড


এটা জনশূন্য় ৰাজপথ, ভৰদুপৰীয়া এটা পৰিয়াল খোজকাঢ়ি গৈ আছে। মতা মানুহজনৰ কান্ধত ল'ৰা এজন আৰু হাতত এটা ডাঙৰ বেগ, মাইকী মানুহ জনীৰ হাতত এটা সৰু কেচুৱা আৰু আন হাতত এটা বেগ।

এইটো সাধাৰণ সময়ৰ কথা নহয়, কোৰোনাৰ লকডাউনৰ সময়ৰ কথা।
মই বাতৰিত দৃশ্য়টো দেখি কি হৈছে জানিবলৈ volume অলপ বঢ়াই দিলো। তেনেতে এজন reporter এ আহি তেওঁলোকক ইয়াৰ বিষয়ে সুধিলে।
পৰিয়ালটো দিল্লীত থাকিছিল, মতা মানুহজন হ'ল carpenter. লকডাউনৰ বাবে একো কাম নথকা কাৰণে তেখেতৰ মালিকে লকডাউনৰ কেইদিনৰ দৰ্মহা নিদিয়ে। কিন্তু ঘৰৰ মালিকে গোটেই মাহৰ ভাৰা বিচাৰে, তেওঁলোকে দিয়ে ক'ৰপৰা ! সেয়েহে তেওঁলোকে ঘৰলৈ উভতি যোৱাৰ ইচ্ছাৰে ওলাই আহিছে, ঘৰ দিল্লীৰ পৰা ১৯০ কিলোমিটাৰ দূৰত। কিন্তু একো যান বাহন নচলা কাৰণে তেওঁলোকে খোজ কাঢ়িবলৈ ধৰিছে।

আমি বহুতেই লকডাউনত ঘৰতে বহি খাই নিচিন্ত মনে আৰাম কৰিছো, দোকানৰ বস্তু কিনি ঘৰ ভৰাই ৰাখিছো, কিন্তু আন কিছুমান মানুহৰ পৰিস্থিতি বেলেগ। তেওঁলোকে নিজৰ survival ৰ বাবে চিন্তা কৰিব লগা হয়, তেনে ক্ষেত্ৰত লকডাউন, social distancing কেনেদৰে মানি চলিব?

মানুহৰ জীৱনত পইচাৰ গুৰুত্ব কিমান, ইয়াৰ পৰাই বুজিব পৰা যায়।
এনেকুৱা পৰিস্থিতিৰ পৰা হাত সাৰি থাকিবলৈ হ'লে আমাৰ সকলোৰে Emergency fund থাকিব লাগে। Emergency fund হ'ল আমাৰ কেইমাহ মানৰ খৰচ (সকলো ধৰণৰ খৰচ) হ'ব লগীয়া পইচা। মানুহৰ চাকৰিৰ ওপৰত ভিত্তি কৰি মাহৰ সংখ্য়াটো বেলেগ বেলেগ হ'ব পাৰে। কোনো চৰকাৰী চাকৰিয়ালৰ (চাকৰিতো নিৰাপদ বুলি ধৰি লৈছো) বাবে ২ বা ৩ মাহৰ খৰচ Emergency fund ত ৰাখিলে যথেষ্ট হ'ব পাৰে। আনহাতে কোনো ব্য়ক্তিগত কোম্পানীত কাম কৰা মানুহৰ (চাকৰি নিৰাপদ নহয়) বাবে ৩ ৰ পৰা ৬ মান মানৰ খৰচ ৰাখিব লগা হ'ব পাৰে। যিসকলৰ চাকৰি volatile আৰু চাকৰি বিচাৰোতে সময় লাগিব পাৰে, তেনে ক্ষেত্ৰত বেচি মাহৰ (১ বছৰ পৰ্যন্ত) খৰচ ৰাখিব লগা হ'ব পাৰে। তাৰোপৰি যিকোনো আকস্মিক ভাবে হ'বপৰা medical expense ৰ কাৰণে আমি আৰু কিছু পইচা ৰাখিব পাৰো।

Emergency fund আমি মাত্ৰ emergency (something that can not be predicted) তহে খৰচ কৰিব লাগে, যেনে কোনোবাৰ চাকৰি গ'ল, কিবা হঠাৎ হোৱা medical expense আদি। তাৰ বাহিৰে আন একো কামত ইয়াক খৰচ কৰিব নালাগে। Emergency fund এবাৰ ব্য়ৱহাৰ কৰিলে তাক আকৈ জমা কৰি থ'ব লাগে।
Emergency fund এনেকুৱাকে invest কৰিব লাগে যাতে আমাক লগা সময়ত অতি সোনকালে (১ বা ২ দিনৰ ভিতৰত) আমি উলিয়াই আনিব পাৰো।

Wednesday, March 25, 2020

কোৰোনাই পালে ঐ !


জানোৱাৰী মাহৰ কোনোবা এটা দিন, মই মোৰ mutual fund ৰ current status চাওতে দেখিলো যে fund ৰ value যথেষ্ট কম, NAV বহুত কম। মই মোৰ লগৰ এজনক ইয়াৰ বিষয়ে সোধাত কোৰোনাৰ বিষয়ে প্ৰথম শুনিলো, চীনত হোৱা কথাটো। ইমান গুৰুত্ব নিদিলো, ভাবিলো বেলেগ দেশতহে হৈছে, আমাৰ ইয়াত একো প্ৰভাব নপৰে।

ফেব্ৰুৱাৰী মাহত ইংলন্ড যাব লগা হ'ল, তাত ইতিমধ্যে এজন মানুহ কোৰোনাত আক্ৰান্ত হৈছে, মই যাব লগিয়া ঠাইখনৰ ওচৰতে থকা আন এখন ঠাইত (dove). সাৱধানতা হিচাবে মাস্ক্ আৰু কিবা কিবি ঔষধ লগত ললো।
Flight অত বহুত সাৱধান হৈ গলো, হাত নোধোৱাকে একো নাখালো, ঠান্ডা একো বস্তু নাখালো, গৰম পানীহে খালো। Toilet অৰ পৰা হাত ধুই ওলাওতে ভৰি গাৰে হেচি থেলি কেনেবাকে দুৱাৰ খুলিহে আহিলো, যাতে হাতত একো নালাগে। খাওতে সাবধান হলো যাতে ওচৰৰ কেইজনে নাহাঁচিয়াই।

ইংলন্ডত কিন্তু তাৰ মানুহক বিশেষ চিন্তিত নেদেখিলো। সকলো আগৰ দৰেই, কোনো মাস্ক্ নাই, hand sanitizer নাই। ময়ো কোৰোনাৰ কথা লাহে লাহে পাহৰিলো, ৰেস্তোৰা‍ / পাবত খাব গলো, সকলোৰে লগত hand shake কৰিলো, মাত্ৰ মাজে মাজে হাত ধুই থাকিলো।

আমাৰ দেশলৈ ওভতি আহিহে কোৰোনাৰ ভয়াবহতা উপলব্ধি কৰিলো।
অফিচৰ প্ৰতিখন দুৱাৰ মুখতে hand sanitizer ঠোৱা আছে, Lift ৰ দুৱাৰ মুখত কোৰোনাৰ বিষয়ে বিজ্ঞাপন লগোৱা আছে, ঠায়ে ঠায়ে tv বিলাকত কোৰোনাৰ বিষয়ে সজাগতা মূলক তথ্য দেখুৱাই থকা হৈছে।


অফিচত Lift ৰ দুৱাৰ মুখত কোৰোনাৰ বিষয়ে বিজ্ঞাপন

ময়ো hand sanitizer আৰু মাস্ক্ কিনিব বিছাৰিলো, কিন্তু কোনো দোকানত বিচাৰি নাপালো। শেষত এখন দোকানত মাস্ক্ তিনিগুন দামত কিনিলো। Hand sanitizer অনলাইনত কিনিলো, ৩ টা বটলৰ এটা pack, কিন্তু যেতিয়া আহিল খুলি দেখিলো যে মাত্ৰ ১ টা বটল হে আছে!
সাধাৰণ ঔষধ, চাউল, দাইল আদি অলপ বেচি পৰিমানে কিনি থলো।

অফিচলৈ যোৱাতো অলপ টান কাম হৈ পৰিছে। গাড়ীত এটা hand wash থৈছো। অফিচৰ দুৱাৰ খোলোতে সাৱধান হৈ খোলো, কোনোৱে সাধৰণতে নোচোৱা ঠাইত ধৰিহে খোলো, যেনে দুৱাৰৰ বহুত ওপৰত। সঘনাই হাত ধুই থাকো, নোৱাৰিলে sanitizer লগাওঁ।
ঘৰ আহিবলৈ গাড়ীত উঠাৰ আগে আগে sanitizer ৰে হাত ভালকৈ চফা কৰো। ঘৰ আহি পালে car parking অতে hand wash ৰে হাত ধুই লওঁ।
ঘৰত জোতা বাহিৰতে খুলি থৈ অফিচৰ বেগ আৰু মোবাইল এটা ওখ cupboard ত থৈ দিও যাতে ল'ৰাটোৱে লগ নাপায়। চিধাই গৈ পিন্ধি থকা কাপোৰ বোৰ extra toilet টোত থৈ দিও (বৰ্তমান toilet টো এই কামৰ কাৰণে ব্যৱহাৰ কৰিছো), গা বা হাত মুখ ভৰি চাবোনেৰে ভালদৰে ধুই হে পৰিয়ালৰ লগত বহো।
দোকানৰ পৰা বস্তু কিনি আনিলে গাড়ীত থৈ দিও, পিচদিনাহে ঘৰলৈ আনো যাতে কোৰোনাৰ বিজাণু মৰে।
গেচৰ চিলিন্ডাৰ অহাত ৪ দিনমান ঘৰৰ বাহিৰতে থৈ তাৰ পিচতহে আনিলো।

লাহে লাহে অফিচত মানুহৰ সংখ্যা কমিব ধৰিলে, ভয়তে বহুতে ঘৰৰ পৰাই কাম কৰিব ধৰিলে। আমৰ appartment টো বহুতেই ঘৰৰ পৰাই কাম কৰিছে যদিও সদাইৰ নিচিনা ওলাই সোমাই ফুৰিছে, সৰু ল'ৰা ছোৱালী বিলাকো আগৰ দৰেই খেলি ফুৰিছে। লাহে লাহে whatsapp ত কোৰোনা সম্পৰ্কীয় নানা ধৰণৰ বাতৰি ওলাব ধৰিলে, মানুহে লাহে লাহে ঘৰৰ পৰা ওলোৱা কম কৰিব ধৰিলে। তথাপি আন কিছুমান মানুহে আগৰ দৰেই ঘূৰি ফূৰি থাকিল, যেন একোৱে হোৱা নাই।

এই কিছুদিনৰ পৰা কোৰোনাৰ ভয়াবহতা আৰু বাঢ়িছে, বাংগালোৰত বহুত কেইজনৰ হৈছে, ইটালীত মৃতকৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে। ভাৰতত বাহিৰৰ পৰা অহা মানুহৰ বহুতৰ হৈছে। বাহিৰৰ পৰা অহা বহুতেই সাৱধানতা হিচাবে ১৫ দিন ঘৰত কটাইছে, আন কিছুমানে কিন্তু ঘূৰি ফুৰিছে। চৰকাৰে ইয়াৰ সকলো mass gathering হ'ব পৰা ঠাই যেনে shopping mall, picture hall আদি বন্ধ কৰি দিছে।
আমাৰ appartment অতো party hall, swiming pool আৰু gym বন্ধ কৰি দিছে। ঘৰে ঘৰে কাম কৰা মানুহ, পেপাৰ আদিক অহা বন্ধ, কিন্তু সিহতক salary দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। কিন্তু গাখীৰ, গেছ আদি আহিব দিয়া হৈচে।


আমাৰ appartment অত party hall, swiming pool আৰু gym বন্ধ

ইমান tension ৰ মাজতো কিন্তু whatsapp ত কোৰোনা সম্বন্ধীয় বহুত খুহুতীয়া ফটো, ভিডিও, মেচেজ আহি আছে। চাই ভাল লাগে, নহলে কোৰোনাৰ উৰা বাতৰি চাই চাই যে কি হ'ল হেতেন !

আমাৰ ওচৰৰ আন এটা appartment ত এজন মানুহৰ হৈছে, সি US ৰ পৰা আহিছিল আৰু ইতিমধ্যে isolated হৈ আছে। খবৰতো জানি আমাৰ appartment ৰ বেচিভাগ মানুহৰে যেন অন্থ কন্থ শুকাই গৈছে। ঘৰৰ বাহিৰত কোনোৱে নোলোৱা হ'ল, ল'ৰা ছোৱালী বিলাকো নেখেলা হ'ল। আমাৰ appartment অত যদিও ১৪০ টা flat আছে, তথাপি চাৰিওফালে নিঃশব্দ।


আমাৰ appartment ৰ open badminton court , সাধাৰণতে ইয়াত মানুহে ৰাতি ১ টা মানলৈ খেলি থাকে, এতিয়া জনশূন্য়

আনহাতে আন কিছুমান মানুহক দেখিলে লাগে যেন ক'তো একো হোৱা নাই। মোৰ ঘৰৰ ওচৰ পাজৰৰ ঠাইবোৰত (ঘৰতো মূখ্য চহৰৰ পৰা অলপ আঁতৰত, গাওঁ সদৃশ ঠাইত) এতিয়াও আঁহত গছৰ তলত ওচৰা ওচৰিকৈ বহি বহুতে কথা পাতি থকা দেখা যায়। চাহ দোকান বোৰৰ আগত চাহ চিগাৰেট্ খাই বহুতে আড্ডা দিয়ে।
এইবোৰ ইয়াৰ স্থানীয় মানুহ, হয়তো তেওঁলোকে ভাবে যে এইবেমাৰ বোৰ আমাৰ মানুহৰ নহয়, বাহিৰৰ পৰা অহা মানুহৰহে । হয়তো সিহত মানুহৰ লগত সম্বন্ধীয় চাকৰি বা ব্যৱসায়ত জড়িত, সিহতৰ আন উপায় নাই, ঘৰৰ পৰা কাম কৰিব নোৱাৰে, কাম নকৰিলেও সংসাৰ নচলে।

আজিৰ পৰা দেশযোৰা ২১ দিনীয়া lockdown. যোৱাকালি ৮ বজাত প্ৰধান মন্ত্ৰীৰ ভাষণৰ পিচত দোকানত মানুহৰ পৰুৱাৰ দৰে লাইন দেখা গৈছিল, বস্তু কিনিবলৈ। ইজনে সিজনৰ গাত গা লগাই বস্তু কিনিছে, সকলোৱে কোৰোনাৰ কথা অলপ সময়ৰ বাবে পাহৰি গ'ল, কিছু দিন চলিবৰ কাৰণে বস্তু কিনিব পাৰিলেই যেন ৰক্ষা।
মোৰ ঘৰতে সোমাই থকা ইতিমধ্যে ১২ দিন হ'ল। ঘৰৰ পৰাই কাম কৰিছো। অসুবিধা হ'ল ল'ৰাটোক লৈ, সি ঘৰৰ বাহিৰত ফুৰিব ভাল পায়। এইকেইদিন ঘৰতে থাকি সি বৰ আমনি পাইছে। মাজে মাজে আমাৰ কাপোৰ আনি হাতত তুলি দিয়ে আৰু দুৱাৰৰ ফালে দেখুৱাই দি কয় "ফু ফু"!
আমাৰ ঘৰটো চতুৰ্থ মহলাত, balcony ৰ পৰা appartment ৰ ২ টা block ৰ ঘৰবোৰ, badminton court, ৰাস্তাৰ কিছু অংশ দেখা যায়। আমি আজিকালি বহুত সময় balcony ত কটাও, ভাল লাগে, মনত ভাব হয় যেন আমি ঘৰৰ বাহিৰত আছো, কাৰণ ইয়াত যথেষ্ট পোহৰ পোৱা যায়, ঘৰৰ বাকি ৰুমবোৰত সূৰ্য্যৰ পোহৰ আছে যদিও যথেষ্ট নহয়। বহুত ঘৰ এনেকুৱা আছে য'ত পোহৰ বেছি নপৰে, balcony ও নাই, তাত ইমান দিন ঘৰৰ পৰা নোলোৱাকে থকা বৰ কস্টকৰ হ'ব।


আমাৰ balcony ৰ একাংশ, মই ইয়াত কিবা কিবি ৰুইছো, এতিয়া হাতত যথেষ্ট সময়

কেতিয়া যে ইয়াৰ অন্ত হ'ব? ২১ দিন lockdown ৰ পিচত সকলো ঠিক হ'বনে? যদি নহয় তেতিয়া? তাৰ পিচত কি আকৈ lockdown হ'ব? কোৰোনা ভাল হ'লেও দেশবোৰৰ অৰ্থিক অৱস্থা বেয়া হ'ব, কোম্পানীত কাম কৰা সকলৰ চাকৰি থাকিবনে ?
বেচিকে ভাবিলে মূৰ গৰম হৈ যায়।

Tuesday, March 17, 2020

বৰ্তমান শ্ৱেয়াৰ মাৰ্কেট


বৰ্তমান শ্ৱেয়াৰ মাৰ্কেটৰ অৱস্থা বৰ বেয়া, বহুত মানুহে বহুত পইচা হেৰাইচে । যঠেষ্ট ভয় লগা অৱস্থা ।

কিন্তু আন ফালৰ পৰা চাব গলে এইটো এটা ভাল সুযোগ, কাৰণ ভাল ভাল কোম্পানীৰ শ্ৱেয়াৰ এতিয়া বহুত কম দামতে কিনিব পাৰি । যদি ভাল শ্ৱেয়াৰ কিনি কিছু সময় ৰ'ব পাৰো, তেনেহ'লে বহুত লাভবান হোৱাৰ আশা আছে । কিন্তু অসুবিধাটো হ'ল যে কিমান দিনলৈ (বা মাহলৈ) শ্ৱেয়াৰ মাৰ্কেটৰ অৱস্থা এনে হৈ থাকিব কব পৰা নাযায়, হয়তো ২ বা ৩ মাহতে ভাল হ'ব পাৰে, নাইবা হয়তো কিছু বছৰো লাগিব পাৰে, কোনেও নাজানে । কিন্তু যদি হাতত ৫ বছৰ মানলৈ কামত নলগা পইচা আছে, তেনেহ'লে ভাল ভাল কোম্পানীৰ শ্ৱেয়াৰ এতিয়া কিনি থব পাৰি । হয়তো শ্ৱেয়াৰৰ দাম আৰু কমিব পাৰে, কোনেও নাজানে। আমি এতিয়া কিছু কিনি অলপ ৰ'ব পাৰো, পিচত আৰু কমিলে আৰু কিনিব পাৰো।

মই জনা, শ্ৱেয়াৰ কিনিব পৰা, কিছুমান ভাল কোম্পানী হ'ল HDFC bank, HDFC, Titan, Bata, Astral poly, Britannia, Nestle, Colgate-Palmolive, Bajaj finance, HDFCLIFE, CRISIL, SBI. এই কোম্পানীবিলাকৰ শ্ৱেয়াৰ এতিয়া বহুত কম দামত কিনিব পাৰি ।

আনহাতে আমি নিজে কোম্পানীৰ শ্ৱেয়াৰ নিকিনি Mutual Fund অতো invest কৰিব পাৰো । বহুত Mutual Fund ৰো NAV এতিয়া যঠেষ্ট কম, এতিয়াই invest কৰি থলে ৪ বা ৫ বছৰৰ পিচত বহুত ভাল return পোৱা যাব ।

Note: শ্ৱেয়াৰ মাৰ্কেটত invest কৰা যথেষ্ট risky , লোকচান হোৱাৰ সম্ভাবনা যথেষ্ট আছে । তাৰ তুলনাত Mutual Fund কম risky যদিও লোকচান হোৱাৰ সম্ভাবনা তাতো আছে ।

Added on 18th Oct 2020

এয়া ৭ মাহ পিচৰ কথা, অক্টোবৰ ২০২০ । এই কেইমাহত share market অৰ অৱস্থা বহুত ভাল হ'ল । মই মাৰ্চ মাহত share market অত invest কৰিব কিছু পইচা উলিয়াইছিলো, কিন্তু গোটেইখিনি invest নকৰিলো। মোক আন কিবা কাৰণত পইচাৰ দৰকাৰ হোৱাৰ সম্ভাৱনা আছিল। লগতে share market অৰ expert বিলাকে market আৰু বেয়া হ'ব বুলি prediction কৰিছিল, ময়ো সিহতৰ কথা মানি লৈছিলো। তথাপি মোৰ হিচাবত কিছু invest কৰিছিলো, আজি চাই দেখিলো যে ভাল return পাইছো।


Share Market অত মোৰ আজিৰ profit

এটা life time opportunity হেৰোৱা যেন লাগিল। মই বাচিলোৱা share বিলাকে যথেষ্ট ভাল return দিছে। কিন্তু ভবামতে invest কৰিব নোৱাৰিলো, মাত্ৰ ১০% হে কৰিলো। মই ইয়াৰ পৰা এইটোৱে বুজিলো যে share market অৰ expert বিলাকে আচলতে বিশেষ একো বেচি নাজানে, মাত্ৰ এটা অনুমানহে কৰে। বা তেওঁলোকে জানিলেও হয়তো মানুহক ভূলপথে পৰিচালনা কৰে যাতে সাধাৰণ মানুহে ভয়তে সকলো share বিক্ৰি কৰে, share অৰ দাম বহুত কমি যায়, তেতিয়া তেওঁলোকে কিনে ।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

Tuesday, December 24, 2019

আমি অসমীয়া


আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হম?
সকলো আছিল সকলো আছে নুবুজো নলওঁ গম ।

আমি অসমীয়া হিচাবে আমাৰ অসমখনৰ উন্নতিত কিবা অলপ হ'লেও যোগদান দিব পাৰো নেকি, বিশেষকৈ শেহতীয়া পৰিস্থিতিলৈ লক্ষ্য় ৰাখি ?
মই ভাবি ভাবি যিখিনি পালো, তাক তলত উল্লেখ কৰিছো ।

  • শিক্ষা আৰু ব্যক্তিগত অৰ্হতা বৰ্ধন
    শিক্ষা জাতি এটাৰ মেৰুদন্ড।
    • আমি প্ৰত্য়েকে নিজৰ ঘৰখনত এটা শিকাৰ পৰিবেশ গঢ়ি তুলিব পাৰো । সকলোৱা যেন শিকাৰ কাৰণে পঢ়ে, মাত্ৰ পৰিক্ষ্য়া পাচ কৰিবলৈ নহয়। পাঠ্য়পুঠিৰ লগতে আন জ্ঞান বৰ্ধক আলোচনীও পঢ়িব লাগে। আনকো শিকিবলৈ উৎসাহিত কৰিব পাৰো।
    • সৰুৰে পৰা আমাৰ ল'ৰা ছোৱালী আৰু আন অসমীয়াক পৰিশ্ৰমী কৰিব চেষ্টা কৰিব পাৰো ।
    • অমি যিখিনি জানো, তাক আনৰ লগত share কৰিলে, নজনা সকলেও যথেষ্ট উপকৃত হ'ব। তাৰ বাবে আমি online platform আৰু social media ব্য়বহাৰ কৰিব পাৰো।
    • আমি বিভিন্ন ধৰণৰ বিষয়, আন ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰিব পাৰো, যাতে আমাৰ মানুহেও সেইবোৰৰ বিষয়ে জ্ঞান আহৰণ কৰিব পাৰে।
  • ভাষা
    • আমি আমাৰ ভাষা যিমান পাৰি সিমান ব্য়ৱহাৰ কৰিব পাৰো, ঘৰত আৰু বাহিৰত।
    • আমি সৰুৰে পৰা আমাৰ ল'ৰা ছোৱালীক অসমীয়া ভাষা শিকা আৰু ব্য়ৱহাৰৰ গুৰুত্ব বুজাব পাৰো।
    • আমি আন ভাষাৰ লোককো অসমীয়া শিকিবলৈ উৎসাহিত কৰিব পাৰো। যিয়ে শিকিব পাৰিছে, সিহঁতক আন মানুহৰ আগত প্ৰশংসা (praise publicly) কৰিলে, আনেও শিকিবলৈ উৎসাহ পাব।
  • সংস্কৃতি
    • আমি আমাৰ সংস্কৃতি যিমান পাৰি সিমান বজাই ৰাখিবলৈ যত্ন কৰিব পাৰো, ঘৰত আৰু বাহিৰত। লগতে আমাৰ ল'ৰা ছোৱালীকো শিকাব পাৰো।
    • আমি আমাৰ সংস্কৃতি, সেয়া যি ঠাইৰে নহওক, সদায় সন্মান কৰিব পাৰো। দেখা যায় যে upper অসমৰ বহুতে Lower অসমৰ সংস্কৃতিক হাঁহে, এনে হ'লে আমাৰ জাতিত ঐক্য নোহোৱা হ'ব।
    • আমি আমাৰ সংস্কৃতি যিমান পাৰি সিমান প্ৰচাৰ কৰাৰ চেষ্টা কৰিব পাৰো, বিশেষকে অসমৰ বাহিৰত থকা বিলাকে। আমাৰ লগৰ বিলাকক আমি আমাৰ সংস্কৃতিৰ বিষয়ে কব পাৰো। আমাৰ সংস্কৃতিৰ ওপৰত আমি লিখিব পাৰো আৰু লগৰ আন ঠাইৰ বন্ধুৰ লগত share কৰিব পাৰো। তাৰ বাবে আমি online platform আৰু social media ব্য়বহাৰ কৰিব পাৰো। ইয়ে আমাৰ পর্যটন উদ্যোগত সহায়ক হ'ব পাৰে।
    • অসমৰ বাহিৰত থকা বিলাকে ইজনে সিজনৰ লগত ভাল বন্ধুত্ত বজাই ৰাখিব পাৰো। এই ক্ষেত্ৰত মই Malayali মানুহৰ উদাহৰণ দিব বিচাৰিছো । যেতিয়া office ত এজন নতুন Malayali মানুহ আহে, আন Malayali মানুহে অতি কম সময়ৰ ভিতৰতে সেইজনৰ লগত বন্ধুত্ত কৰি পেলায়। মাত্ৰ এঘন্তা আগত লগ পোৱা মানুহৰ লগত এনেদৰে কথা পাতে, লাগে যেন বছৰ বছৰ ধৰি চিনি পায়। কিন্ত অসমীয়াৰ ক্ষেত্ৰত তেনে হোৱা দেখা নাযায়।
  • ঐতিহ্য
    • আমাৰ ঐতিহাসিক স্থানবোৰ (monuments) আমি সযতনে সংৰক্ষণ কৰিব লাগে, ধংস হ'বলৈ দিব নালাগে। দেখা যায় যে মানুহে সেইবোৰত কিবা কিবি লিখি আহে, ইয়ে স্থানবোৰৰ ক্ষতি সাধন কৰে। তেনেকুৱা নকৰিবলৈ আমি আমাৰ লৰা ছোৱালী লগতে আনকো বুজাব পাৰো।
    • আমাৰ ল'ৰা ছোৱালীক ঐতিহাসিক স্থানবোৰৰ বিষয়ে ক'ব পাৰো আৰু পাৰিলে সেইবোৰ স্থানলৈ লৈ যাব পাৰো। ল'ৰা ছোৱালীক সংগ্ৰাহালয়লৈ (museum) লৈ গলে বহুত কথা জানিব পাৰিব।
    • আমি আমাৰ ঐতিহ্য যিমান পাৰি সিমান প্ৰচাৰ কৰাৰ চেষ্টা কৰিব পাৰো, বিশেষকে অসমৰ বাহিৰত থকা বিলাকে। আমাৰ লগৰ বিলাকক আমি আমাৰ ঐতিহ্যৰ বিষয়ে কব পাৰো। আমাৰ ঐতিহ্যৰ ওপৰত আমি লিখিব পাৰো আৰু লগৰ আন ঠাইৰ বন্ধুৰ লগত share কৰিব পাৰো। তাৰ বাবে আমি online platform আৰু social media ব্য়বহাৰ কৰিব পাৰো। ইয়ে আমাৰ পর্যটন উদ্যোগত সহায়ক হ'ব পাৰে।
  • আৰ্থিক আৰু জীবিকা
    • আমাৰ থলুৱা ব্যৱসায়ক সমর্থন কৰিব পাৰো। থলুৱা ব্যৱসায়ীৰ পৰা বস্তু কিনিব পাৰো, আমি জনা মানুহখিনিক থলুৱা ব্যৱসায়ীৰ বিষয়ে জনাব পাৰো, থলুৱা ব্যৱসায়ীক সমর্থন কৰি ধনাত্মক মন্তব্য (positive reviews) দিব পাৰো - তাৰ বাবে আমি online platform আৰু social media ব্য়বহাৰ কৰিব পাৰো।
    • আমাৰ কামৰ বাবে অসমীয়া মানুহ ব্য়ৱহাৰ কৰিব পাৰো, এইটো অলপমান Tricky, কাৰণ আন কিছুমান মানুহ আমাৰ মানুহতকৈ বেছি পৰিশ্ৰমী।
    • আমাৰ থলুৱা মানুহক সংস্থাপন আৰু চাকৰিৰ ক্ষেত্ৰত সহায় কৰিব পাৰো। যেতিয়া আমি কাম কৰি থকা সংগঠনত কিবা চাকৰিৰ কথা জানিব পাওঁ, তেতিয়া আমাৰ অসমীয়া মানুহক জনাব পাৰো আৰু refer কৰিব পাৰো। উদাহৰণ হিচাবে মোৰ ইয়াত থকা অসমীয়াৰ এটা group email id আছে, যেতিয়া job vacancy ওলায় তেতিয়া আমি ইয়াত details post কৰো।
    • চৰকাৰী আৰু সামুহিক সম্পত্তি ধংস কৰিব নালাগে, এইবোৰ আচলতে আমাৰ পইচাৰেহে কিনা - আমি এই কথাবোৰ আমাৰ লৰা ছোৱালী আৰু আনক বুজাব পাৰো।
    • আমি বাহিৰৰ পৰা অহা পৰিভ্ৰমণকাৰীক যিকোনো ধৰণৰ ক্ষতি সাধন কৰিব নালাগে। ইয়ে বাহিৰত আমাৰ প্ৰতিচ্ছবি হেয় কৰি তুলিব পাৰে, যিয়ে দূৰলৈ আমাৰ পর্যটন উদ্যোগক ক্ষতি কৰিব পাৰে।
    • মাটি বা আন স্থায়ী সম্পত্তি বিক্ৰৰ ক্ষেত্ৰত, আমি আমাৰ থলুৱা মানুহক প্ৰথম preference দিব পাৰো। ইয়ে বাহিৰৰ মানুহক অসমত চিৰস্থায়ী হোৱাত বাধা প্ৰদান কৰিব।
      অসমৰ বাহিৰত, বিশেষকৈ মই থকা ঠাইত দেখিছো যে ইয়াৰ মানুহ এইক্ষেত্ৰত বহুত সজাগ। যিকোনো colony ত মাটি কিনিব গলে, বহুত ক্ষেত্ৰত, আমি directly মাটিৰ মালিকৰ পৰা মাটি কিনিব নোৱাৰো, এটা সংগঠন থাকে যাৰ সহায়তহে মাটি কিনিব পাৰি। স্থানীয় মানুহৰ বাবে দাম কম আৰু বাহিৰৰ মানুহৰ বাবে বেছি। মাটি বেচাৰ সময়তো, বাহিৰৰ মানুহে বেচিলে market price তকৈ কমত বেচিব লাগে, নহলে সংগঠন টোৱে কাকো কিনিব নিদিয়ে।
    • অসমত আমি নিজাকে business গঢ়ি তুলিব যত্ন কৰিব পাৰো, তেতিয়া আমি অসমীয়া মানুহক কৰ্ম সংস্থাপন দিব পৰিম।

আমাৰ জেষ্ঠ নাগৰিক সকলোকো আমি বিভিন্ন সামাজিক কামত জড়িত হ'বলৈ উৎসাহিত কৰিব পাৰো। বাহিৰৰ দেশত দেখা যায় যে বহুত জেষ্ঠ নাগৰিকে শনি আৰু ৰবিবাৰে ৰাজহুৱা স্থানত লগ হৈ বিভিন্ন সংগঠনৰ বাবে পইচা সংগ্ৰহ কৰে। মানুহক আকৰ্ষণ কৰিবলৈ তেওঁলোকে নানা ধৰণত আমোদজনক কাম কৰে, যেনে ভায়োলিন্ বজোৱা, গান গোৱা, বিভিন্ন ধৰণৰ যন্ত্ৰ সংগীত বজোৱা ইত্য়াদি।
আন সকলেও ওচৰে পাচৰে হৈ থকা বিভিন্ন ধৰণত শিক্ষা, ভাষা, সংস্কৃতি সম্বন্ধীয় কাৰ্যত volunteer হ'ব পাৰো।

আমি প্ৰতিজনে যদি অলপমান হ'লেও কিবা এটা কৰো, তথাপি বহুত কিবা হোৱাৰ সম্ভাবনা আছে।
ইয়াত লিখা খিনি মোৰ নিজৰ মন্তব্য় হে, যদি মই কিবা ভুল লিখিছো, অনুগ্ৰহ কৰি আঙুলিয়াই দিয়ে যেন।

Assam Related:

Thursday, December 19, 2019

লক্ষ্যত উপনীত হওঁক


এটা নতুন বছৰৰ আৰম্ভণি হ'ব, কিছু দিন পিচতেই।
আমি বহুতেই নতুন বছৰৰ সংকল্প (New Year Resolution) লওঁ, নতুন বছৰটোত exercise কৰিম, weight lose কৰিম ... ইত্য়াদি। কিন্তু বছৰৰ শেষত দেখা যায় যে সেইটো হৈ নুঠিল।
ইয়াৰ কাৰণ হ'ল যে Resolution বিলাক যথেষ্ট বহল (broad statement), তাৰ সলনি আমি লক্ষ্য স্থাপন (goal, specific statement) কৰিলে তাত সফল হোৱাৰ আশা যথেষ্ট বেছি।

লক্ষ্য স্থাপন (goal set) কৰাৰ এটা প্ৰমাণিত উপায় আছে, চমুকে ইয়াক SMART বুলি কোৱা হয়।


SMART
  • Specific: লক্ষ্যৰ বিশদ বিবৰণ থাকিব লাগে, যেনে কোনে কৰিব, কি কৰিম, কিয় কৰিম, কেতিয়া কৰিম, ক'ত কৰিম (Who, What, Why, When, Where).
    উদাহৰণ হিচাবে, মোৰ লক্ষ্য "নতুন বছৰটোত exercise কৰিম" (I will exercise in the new year) ৰ সলনি "মই মোৰ সাধাৰণ স্বাস্থ্য ভালে ৰাখিবলৈ, সদায় সন্ধিয়া ৰাস্তাত খোজ কাঢ়িম" (In order to maintain my general health, I will walk daily evening, on the roads) হ'ব লাগে।
  • Measurable: লক্ষ্যৰ অগ্রগতি (progress) আৰু শেষ (completion) সদায় জুখিব পৰা হ'ব লাগে। যেনে কিমান দুৰ / সময় খোজ কাঢ়িলে মোৰ লক্ষ্য সমাপ্ত হ'ব?
    গতিকে মোৰ লক্ষ্য হ'ব "মই মোৰ সাধাৰণ স্বাস্থ্য ভালে ৰাখিবলৈ, সদায় সন্ধিয়া ৩০ মিনিট ৰাস্তাত খোজ কাঢ়িম" (In order to maintain my general health, I will walk 30 minutes daily evening, on the roads).
  • Achievable: মোৰ লক্ষ্য প্রকৃততে উপনীত হ'ব পৰা ধৰণৰ নে? ইয়াত কিবা বাধা (limitations) আহিব পাৰে নেকি ? মই সচাকে ৩০ মিনিট খোজ কাঢ়িব পাৰিম নে, হয়তো আৰম্ভণিতে নোৱাৰো, হয়তো প্ৰথমতে কম সময়ত আৰম্ভ কৰি সময় লাহে লাহে বঢ়াব লাগিব।
    গতিকে মোৰ লক্ষ্য হ'ব "মই মোৰ সাধাৰণ স্বাস্থ্য ভালে ৰাখিবলৈ, সদায় সন্ধিয়া ৩০ মিনিট ৰাস্তাত খোজ কাঢ়িম। প্ৰথমতে ৩ মিনিট খোজ কাঢ়িম, প্ৰতি মাহতে সময় ৩ মিনিটকৈ বঢ়াই থাকিম।" (In order to maintain my general health, I will walk 30 minutes daily evening, on the roads. Initially I will start with 3 minutes and increase the time by 3 minutes each month.)
  • Realistic: হাতত থকা সময় আৰু সম্পদৰ সহায়ত আমি লক্ষ্যত বাস্তৱিকতে উপনীত হ'ব পাৰিম নে?
    যেনে, মোৰ হাতত সচাকে সদাই ৩০ মিনিট খোজ কাঢ়িবলৈ সময় আছে নে? যদি নাই, তেন্তে কিমান সময় দিব পাৰো? সেইমতে লক্ষ্য সলনি কৰিব লগা হ'ব পাৰে।
    ধৰক, মোৰ আঠুৰ বিষ আছে। তেন্তে সচাকে মই ৩০ মিনিট খোজ কাঢ়িব পাৰিম নে? যদি নোৱাৰো, তেন্তে সময় কমাব লগা হ'ব পাৰে। অন্য়থা মই মোৰ লক্ষ্যত কেতিয়াও উপনীত হ'ব নোৱাৰিম।
  • Time bound: প্ৰতিতো লক্ষ্যৰে এটা সময় সীমা থাকিব লাগে - আৰম্ভণি আৰু শেষ সময় ।
    গতিকে মোৰ লক্ষ্য হ'ব "মই মোৰ সাধাৰণ স্বাস্থ্য ভালে ৰাখিবলৈ, ১ জানুৱাৰি ২০২০ ৰ পৰা, সদায় সন্ধিয়া ৩০ মিনিট ৰাস্তাত খোজ কাঢ়িম। প্ৰথমতে ৩ মিনিট খোজ কাঢ়িম, প্ৰতি মাহতে সময় ৩ মিনিটকৈ বঢ়াই থাকিম।" (In order to maintain my general health, I will walk 30 minutes daily evening, on the roads, starting 1st January 2020. Initially I will start with 3 minutes and increase the time by 3 minutes each month.)

যিকোনো লক্ষ্যত উপনীত হ'বলৈ হ'লে, লক্ষ্য স্থাপনেই যথেষ্ট নহয় । তাৰ বাবে আমি কাৰ্য্য কৰিবও লাগিব । ইয়াৰ বাবে আমি PDCA cycle ব্য়বহাৰ কৰিব পাৰো ।


PDCA cycle
  • Plan: প্ৰথমতে আমি লক্ষ্যত উপনীত হোৱাৰ পৰিকল্পনা কৰিম, তাৰ বাবে ওপৰত দিয়া ধৰণেৰে SMART লক্ষ্য স্থাপন কৰিম । এই লক্ষ্যটো আমি সহজতে দেখা পোৱা ঠাইত লিখি ৰাখিম, যাতে সদাই অহা যোৱা কৰোতে দেখা পাওঁ ।
  • Do: পৰিকল্পনা মতে আমি কাম আৰম্ভ কৰিম ।
    ইয়াত দিয়া উদাহৰণ হিচাবে, মই ১ জানুৱাৰি ২০২০ ৰ পৰা সদায় সন্ধিয়া ৩ মিনিট খোজ কঢ়া আৰম্ভ কৰিম ।
  • Check: আমি এটা নিৰ্দিষ্ট সময়ৰ মুৰে মুৰে, ফলাফল পৰিকল্পনা মতে হৈছে নে নাই, তাক নিৰীক্ষণ কৰিব লাগে। যদি পৰিকল্পনা অনুসৰি ফলাফল হোৱা নাই, চাব লাগে কি কাৰণে হোৱা নাই, কি কৰিলে ভাল ফলাফল পোৱা যাব।
    উদাহৰণ হিচাবে, এমাহৰ অন্তত মই সচাকে সদায় ৩ মিনিট খোজ কাঢ়িব পাৰিছো নে নাই চাব লাগিব । যদি পৰা নাই, কিয় ? সময় পোৱা নাই ? সময় পাইছো কিন্তু খোজ কাঢ়িব অসুবিধা হৈছে ? হয়তো ৰাস্তাত বহুত ধূলি থকা বাবে খোজ কাঢ়িব পৰা নাই ? ইত্য়াদি ।
  • Adjust: যদি পৰিকল্পনা অনুসৰি ফলাফল হোৱা নাই, তেতিয়া আমি পৰিকল্পনাত কিবা সলনি কৰিব লগা হ'ব পাৰে। ইয়াত আমি চাম, কি সলনি কৰিব লাগিব যাতে পৰিকল্পনা অনুসৰি ফলাফল পোৱা যাব ।
    উদাহৰণ হিচাবে, যদি মই সন্ধিয়া খোজ কাঢ়িব সময় পোৱা নাই, তেন্তে বেলেগ সময়ত (ৰাতিপুৱা) খোজ কাঢ়িব চেষ্টা কৰিম । যদি খোজ কাঢ়িব অসুবিধা পাইছো, তেন্তে চাম কি কৰিলে অসুবিধা দূৰ হ'ব - নতুন জোতা এজোৰে সহায় কৰিব নেকি? যদি ৰাস্তাত বহুত ধূলি থকা বাবে খোজ কাঢ়িব পৰা নাই, তেতিয়া চেষ্টা কৰিম treadmill ত খোজ কাঢ়িবলৈ।

যিকোনো লক্ষ্যত উপনীত হোৱাৰ বাবে, আমি প্ৰথমতে চাব লাগিব যেন আমাৰ লক্ষ্য SMART হয় । লক্ষ্য বৃহৎ ডাঙৰ হ'লে তাক সৰু সৰু লক্ষ্যত ভাগ কৰি ল'ব লাগে । অবাস্তব লক্ষ্য, উৎসাহৰ অভাৱ আদিয়ে লক্ষ্যত উপনীত হোৱাত ব্য়াঘাতৰ উৎপন্ন কৰে। যিকোনো সৰু পৰ্যায়ত সফলতা পালে, তাক অতি উৎসাহেৰে উদ্যাপন কৰিব লাগে, ইয়ে লক্ষ্যত উপনীত হোৱাত সহায়ক হয় ।

Related:

Monday, December 9, 2019

বন্ধুত্বৰ এটা দিন - A well-spent day


এটা সম্পূৰ্ণ দিন কেৱল মোৰ আৰু বন্ধুসকলৰ বাবেই ? Nearly impossible for a family man ! কিন্তু সচাকে সম্ভৱ হৈ উঠিল। ৰেলৱে হাইস্কুল মালিগাওঁৰ ১৯৮৬ চনত মেট্ৰিক দিয়া শিক্ষ্যাৰ্থীৰ পুনৰ্মিলন সমাৰোহে এইটো সম্ভৱ কৰি তুলিলে।

জীৱনৰ অকোৱা-পকোৱা ওখ-চাপৰ বাটত খোজকাঢ়ি, কেৱল নিজক লৈ ব্যস্ত থাকোতে, স্কুলৰ নিঃস্ৱাৰ্থ সহপাঠী বন্ধুবোৰক যেন কৰবাত এৰি আহিছিলো। কল্যান, ৰন্জু, পৰেশ, কিশোৰ - মাত্ৰ এই কেইজন স্কুলৰ বন্ধুৰ লগত যোগাযোগ আছিল। পিচত Facebook অত অৰুণিমা, গায়ত্ৰী, বিমান হতৰ লগত সম্পৰ্ক হল, তথাপি আন বহুত বন্ধু ৰৈ গ'ল।
৩১ মে ২০১৯, WhatsApp ত এটা মেচেজ পালো, কল্যাণে মোক ৰেলৱে হাইস্কুল মালিগাওঁ গ্ৰুপটোত add কৰিলে। মনটো হঠাৎ ভাল লাগি গ'ল। মেচেজ বিলাক পঢ়িব ধৰিলো, লাহে লাহে বন্ধু বান্ধবী সকল এজনৰ পিচত সিজনকৈ গ্ৰুপত আহিল। কিছুমান দেখিবলৈ আগৰ দৰেই আছে, সময়ে যেন বিশেষ প্ৰভাব পেলাব পৰা নাই। আন কেইজনমানৰ এতিয়াৰ ফটো চাই মনত পেলাব অসুবিধা হ'ল, স্কুলৰ দিনৰ ফটো চাওঁতে ধৰিব পাৰিলো।
লাহে লাহে পূনৰ্মিলনৰ ওপৰত চৰ্চা চলিব ধৰিলে। মোৰ অসম যোৱাৰ টিকত ইতিমধ্যে কটা আছিল, মই সেইটো অৰুণিমাক ক'লো। পূনৰ্মিলনৰ দিন ধাৰ্য্য কৰা সময়ত সকলোৱে সেইটো মনত ৰখা বাবে অৰুণিমা আৰু আন সকলোকে ধন্যবাদ, নহলে মোৰ যঠেষ্ট অসুবিধা হ'ল হেতেন।

২৩ নৱেম্বৰ, ২০১৯, আজি পুনৰ্মিলন সমাৰোহ। মই ৰাতিপুৱা ৯:৩০ বজাত মালিগাওঁৰ ৰং ভৱনত উপস্থিত হলো, ইতিমধ্যে আন কেইজনমান বন্ধু তাত উপস্থিত হৈ কামত লাগিছে। লাহে লাহে বন্ধু বান্ধবী সকল গোট খালে, আমাক পঢ়োৱা আমন্ত্ৰিত শিক্ষাগুৰু সকলো আহিল, অনুস্থান আৰম্ভ হ'ল। পতকা উত্তোলন, স্মৃতি তৰ্পন, সন্মানীয় শিক্ষা গুৰুসকলৰ আসন গ্ৰহন, শীৰ্ষ গীত (কল্পনাই ৰচনা কৰা গানটো ধুনীয়াকৈ গালে দীপা আৰু আনসকলে), উদ্দেশ্য বাখ্যা (অৰুণিমাই সচাকৈয়ে ধুনীয়া speech দিয়ে, তাকো পটাপট্, বৰ ভাল লাগিল), ৰূপালীৰ বৰগীত (স্কুলত শুনাৰ দৰে বৰ ভাল লাগিল, পুৰণি কথা মনত পৰি তাই অলপ আবেগিক হৈ পৰিল), শিক্ষা গুৰুসকলক সম্বৰ্ধনা, সহপাঠী সকলক momento প্ৰদান (ৰাজীৱ ফুকনে বহু কস্ট কৰি গুজৰাটৰ পৰা বনাই আনিছে), "ছিয়াশীৰ সুবাস" আলোচনী উন্মোচন (কল্পনাই ধুনীয়াকৈ ইয়াৰ জন্ম কথাৰ ওপৰত ক'লে, মুকুল দাৰো যথেষ্ট অৰিহণা আছে আলোচনী খনত), অপূৰ্বৰ নিজে লিখা কবিতা পাঠ, ছাত্ৰ-ছাত্ৰীৰ স্কুলীয়া অনুভৱ (ৰাজীৱ ফুকনে ধুনীয়া বক্তৃতা ৰাখিলে, মোকো কিবা কোৱাৰ সুযোগ দিয়া বাবে ধন্যবাদ), শিক্ষা গুৰু  সকলৰ অনুভৱ, দেবেন দাস চাৰৰ inspiring ভাষণ, ৰন্তুৰ গ্ৰন্থ উন্মোচন (বিভিন্ন বাদ্য যন্ত্ৰ নিজে শিকাৰ বাবে এইখন এখন অতি উত্তম গ্ৰন্থ হ'ব), শলাগৰ শৰাই (গায়ত্ৰীয়ে ধুনীয়াকৈ ক'লে), সমস্ৱৰে গোৱা অসম সংগীত আদি কাৰ্য্যসুচীত অংশ গ্ৰহণ কৰি আমি সকলোৱে যথেষ্ট আনন্দ লভিলো।

দুপৰীয়া সুস্বাদ খাদ্য পেট ভৰাই খোৱাৰ পিচত সন্ধিয়াৰ সাংস্কৃতিক অনুস্থানো যথেষ্ট enjoy কৰিলো।
ৰেণুকাৰ ছোৱালী আৰু মুকুলৰ গান, ৰন্তুৰ বিহু হুচৰি, বিশ্বৰ নাচ, প্ৰণৱ শৰ্মাৰ ল'ৰাৰ নাচ চাই মন আনন্দিত হ'ল। কিন্তু সেই সন্ধিয়াৰ বিশেষ আকৰ্ষণ আছিল ৰাজিৱ দাস আৰু কৰবীৰ গান, মুকুল আৰু ৰূপালীৰ নাচ। সকলোৱে সিদিনা মন ভৰাই হাঁহি মাতি নাচি গাই বহুত ফূৰ্তি কৰিলে। মনত ভাব হ'ল যেন সন্ধিয়াতো শেষেই নহওক, কিন্তু এটা সময়ত সামৰণি মাৰিব লগীয়া হ'ল, এখন সফল পূনৰ্মিলন অনুস্থানৰ।

পূনৰ্মিলন অনুস্থানত মই গান গাম বুলি ভাবি আহিছিলো, ৬ - ৭ টা মান গান practice ও কৰি আহিছিলো কিন্তু ঠান্ডা লাগি throat infection হোৱাত গাব নোৱাৰিলো, আশা ৰাখিছো আগলৈ কেতিয়াবা গাম।
বহুত বন্ধু বান্ধবীক সূদীৰ্ঘ ৩৩ বছৰৰ পিচত লগ পাই বৰ ভাল লাগিল, মনত ভাব হ'ল যেন আকৌ স্কুলত পঢ়িবলৈ লৈছো। বহু কেইজনক লগ পাব নোৱাৰি বেয়া লাগিল - কিশোৰ, ইমানুল, বৰ্নালী, প্ৰশান্ত হতক লগ পোৱা হ'লে ভাল লাগিল হেতেন। বহু কেইজন আমাৰ মাজত নাই, বৰ বেয়া লাগিল, বিশেষকৈ জয়ন্তক মনত পৰিল, সি মোৰ লগত স্কুলত ঘনিষ্ঠ আছিল।

অনুস্থানটোক সফল কৰিবলৈ বহুকেইজনে প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে সহায় সহযোগ কৰিছে।
আচিফ, ভবেশ, গায়ত্ৰী, প্ৰণৱ, দীপা, কৰবী, জোনমনি, কল্পনা, বিশ্ৱ, মুনিন্দ্ৰ, অৰুণিমা, কল্যাণ, ধীৰেন, গৌতম, মুকুল, দীগেন্দ্ৰ, মুকুল দা, অৰবিন্দ, জুৰি, ৰাজীৱ ফুকন, ৰাজীৱ দাস, অনুপ, ৰূপালী, ৰেহেনা, কানন, মলিনা, দিবাকৰ, ৰন্তু, ৱাছিম, অপূৰ্ৱ, ৰেজাউল, পৰেশ, ৰন্জু আৰু আন সকলোকে ধন্যবাদ জনালো।
যদি মই কোনোবাৰ নাম উল্লেখ কৰিব পাহৰিছো, তাৰ বাবে ক্ষমা বিচাৰিছো, আগলৈ মই ইয়াত add কৰি দিম।

এনেদৰে এটা সম্পূৰ্ণ দিন অতিবাহিত কৰিলো কেৱল মোক আৰু স্কুলৰ বন্ধুসকলক লৈয়েই - স্কুলৰ দিনৰ কথা পাতি, মন ভৰাই হাঁহি মাতি নাচি বাগি, চকুৰ আগত স্কুলৰ দিনৰ ঘটনাবোৰ ভাহি আহিল।

অসমৰ পৰা ওভতি অহাৰ আগতে বহুকেইজনক লগ কৰিম বুলি ভাবি আছিলো, কিন্তু হৈ নুঠিল।
পূনৰ্মিলনৰ বহুমূলীয়া স্মৃতি মনত সাঁচি লৈ কৰ্মভূমিলৈ যাত্ৰা কৰিলো। এই বন্ধুত্বৰ স্মৃতিয়ে আজীৱন মনত অনুপ্ৰেৰণা যোগাব।
ধন্যবাদ বন্ধু - বান্ধৱী সকল, আকৌ লগ হ'ম।

বন্ধু
মেলিদে তোৰ
দুখৰ দুখনি হাত,
এবাৰ জিৰাও তোৰ
বুকুৰ শিতল চাঁত,
বন্ধু ।

Friday, November 8, 2019

মোৰ সংগীত শিক্ষা


মোৰ সংগীতৰ প্ৰতি কি আগ্ৰহ দেখিলে একো বুজি নাপালো, কিন্তু মোক সংগীত শিক্ষা দিবলৈ ঘৰৰ ডাঙৰ বিলাকে ঠিক কৰিলে। তেতিয়া মই class V ৰ ছাত্ৰ, এদিন সৰু মামাই নি মালিগাও চাৰিয়ালিৰ ওচৰত থকা নাৰায়ণ সংগীত মহাৱিদ্য়ালয়ত নাম লগাই দিলে।

মই প্ৰতি শনিবাৰ আৰু ৰবিবাৰে বগা পায়জামা আৰু পান্জাবী পিন্ধি ৰাতিপুৱা গানৰ স্কুল যাব ধৰিলো। প্ৰথমতে কি শিকালে ভালদৰে বুজিয়ে পোৱা নাচিলো, সদাই দেখোন সা ৰে গা মা পা ধা নি সা হে গাবলৈ দিয়ে।
পিচত লাহে লাগে শিকাব ধৰিলে
সা ৰে, সা ৰে গা, ৰে গা, ৰে গা মা, গা মা, গা মা পা ... ইত্য়াদি।
ইয়ালৈকে ঠিকেই আছিল, মই পাৰিছিলো। দেউতাই এটা হাৰ্মোনিয়াম ও আনি দিছিল, মই সন্ধিয়া বজাইছিলো।

তাৰ পিচত হঠাতে আহিল বিভিন্ন ৰাগ ।
ৰাগ ইমন, কল্য়াণ, গান্ধাৰ আদি (আৰু নাম মনত নাই)। চাৰ বাইদেউ বিলাকে ৰাগৰ ওপৰত বৰ্ণনা লিখিব দিছিল, তাতে কৈছিল "গোৱাৰ সময় ৰাত্ৰিৰ প্ৰথম প্ৰহৰ"। মই ভাবিছিলো যে ইমান ৰাতিপুৱাই উঠি গাব লাগিব, কিন্তু কাকো সোধাৰ সাহস হোৱা নাছিল।
ৰাগ ভিত্তিক গানবোৰ গাব লাগিছিল, যেনে

पिया की नज़रिया जादू भरी
मोह लियो मन, प्रेम भयो ।

मेरा मन बाँध लीनो रे
हाँ रे इन जोगिया के साथ ।

মই ক্লাচটোত একমাত্ৰ ল'ৰা, বাকি আনবিলাক ছোৱালী, প্ৰায় ৫০ জনী মান। মই তেতিয়া বৰ লাজকুৰিয়া আছিলো, ভাবি চোৱা মোৰ অৱস্থা কি হৈছিল।
মই চাৰ নহালৈ ক্লাচৰ বাহিৰত থিয় দি থাকিছিলো, চাৰ অহাৰ লগে লগে ক্লাচত সোমাই শেষৰ ফালে বহিছিলো।
কেতিয়াবা চাৰে মোক মাতি নি আগত বহাই দিছিল। কেতিয়াবা আকৈ চাৰে মোক জোকাই কৈছিল "মহাদেৱ তোমাৰ তপস্য়া ভংগ হ'লনে ?"
পিচত যেনিবা আৰু এজন ল'ৰা আহিল, তেতিয়া মোৰ অলপ সকাহ হ'ল।

চাৰৰ ভিতৰত গায়ন চাৰ (কামাখ্য়াৰ) আৰু principal চাৰক মনত আছে।
তাৰপৰা আমি ৰবিন্দ্ৰ ভৱনত হোৱা chorus competition ত ভাগ লৈ অ' মোৰ আপোনাৰ দেশ গাইছিলো। গ্ৰুপটোৰ ফটো পেপাৰত ওলাইছিল, দেউতাই ফটো সকলোকে দেখুৱাই ফুৰিছিল।

এনেদৰে সময় বাগৰি গ'ল ... এটা সময়ত পৰীক্ষা আহিল।
মই theory exam দিব গলো, লগত একো কিতাপ লৈ যোৱা নাই। পিচত দেখিলো যে পৰীক্ষাত সকলোৱে কিতাপ উলিয়াই তাৰ পৰা চাই চাই লিখে, মই ইফাল সিফাল কৰি যি জানো তাকে লিখি থৈ আহিলো।
Practical exam ৰ দিনা examiner কেইজন প্ৰকান্ড চৰ্দাৰজী, বোধহয় বাহিৰৰ পৰা আহিছিল। মোক হিন্দিতে কিবা গাব দিলে, মই ভালদৰে একো বুজি নাপালো, যি জানো তাকে গাই দিলো। পিচফালে আমাৰ চাৰ বাইদেউ কেইজন বহি হাঁহি আছিল, কিজানি মই ভুলকে গালো।
যি নহওক মই পৰীক্ষাত পাচ কৰিলো (সিমান ভাল নম্বৰ পোৱা নাছিলো, হয়তো 2nd class পাইছিলো, ভালদৰে মনত নাই), certificate এখনো পালো ( certificate খন কৰবাত হেৰাই গ'ল, বহুত বিচাৰিও নাপালো ) ।

ইতিমধ্য়ে মই class VII পালো, মোৰ আৰু গান শিকাৰ মন লাহে লাহে কমি আহিল, মই গানৰ ক্লাচত যোৱা বন্ধ কৰিলো।

যদিও মাত্ৰ এবছৰহে গান শিকিছিলো, তথাপি কিবা এটা যেন base গড়ি উঠিছিল, পিচত মই গান pick up কৰিব পাৰিছিলো।
নাৰায়ণ সংগীত মহাৱিদ্য়ালয়ৰ নিচিনা এখন স্কুলৰ প্ৰয়োজন অনুভৱ হয় এতিয়া, যিহেতু মই কিবা কিবি শিকিব খোজো।

Listen to: