Thursday, December 10, 2020

ইংলেন্ডৰ গাওঁ: ৰাস্তা ঘাট,গাড়ী


যদিও এইখন এখন সৰু ঠাই, ইয়াৰ ৰাস্তা ঘাটবোৰ যথেষ্ট ভাল। সকলো ৰাস্তাই পকা কৰা, যদিও মাজে মাজে কেতিয়াবা সৰু সৰু গাঁত দেখা যায়, কিন্তু তথাপি আমাৰ দেশৰ ৰাস্তাতকৈ বহুত উন্নত।
ইয়াৰ ৰাস্তাত traffic যথেষ্ট কম কাৰণ ইয়াৰ জনসংখ্যাও যথেষ্ট কম। মাত্ৰ আফিচৰ সময়ত কেইখনমান গাড়ী বেচিকে দেখা যায়। মই এদিন ইয়াৰ মানুহক ৰাস্তাত ভীষন traffic হোৱা বুলি গম পাই সুধোতে জানিলো যে signal অত মাত্ৰ ২০ খন মান গাড়ী ৰৈ আছিল।


A traffic signal

ইয়াৰ মানুহবিলাকে গাড়ী ভালদৰে চলায় আৰু খোজকাঢ়ি যোৱা মানুহক যথেষ্ট গুৰুত্ত দিয়ে। মই signal নথকা সৰু ৰাস্তাত পাৰ হবলৈ ৰৈ থাকোতে, বহু গাড়ী চালকে বহু দিন গাড়ী ৰখাই মোক ৰাস্তা পাৰ হ'ব দিয়া মনত আছে। ৰাজহুৱা স্থানত গাড়ী ৰাখিবলৈ Parking meter ব্যবহাৰ কৰে।
ৰাস্তাত মেৰামতি কৰিব হ'লে কিছু দিন আগৰ পৰাই মানুহে দেখাকে notice লগাই দিয়ে।

Advance notice for any road repairing work

ৰাস্তাবিলাক ভালদৰে পৰিকল্পনা কৰি বনোৱা হয়। তাত Electricity, telephone, পানী, গেছ আদি সকলোবোৰৰ তাৰ বা পাইপবোৰ মাটীৰ তলেৰে নিয়ে, তথাপি আমাৰ দেশৰ নিচিনা ৰাস্তা খন্দা দেখা নাপালো। ফুটপাথ, চাইকেল চলোৱা ৰাস্তা, বাছ ৰখা ঠাই, ৰাস্তা পাৰ হোৱা ঠাই আদি সকলোবোৰৰ স্থান নিৰ্ধাৰিত আৰু সকলোৱে এইবোৰ মানি চলে। কোনো গাড়ী ফুটপাথ বা চাইকেল চলোৱা ঠাইৰে নেযায়, তেনেদৰে মানুহ খোজকঢ়া ঠাইৰে চাইকেল নচলায়। যদিহে কোনো ঠেক ৰাস্তাত কোনোবাই ফুটপাথত চাইকেল চলাই যায় আৰু আন এজন মানুহ খোজকাঢ়ি আহে, তেতিয়া চাইকেল চলোৱা জনে ৰৈ খোজকঢ়া জনক যাবলৈ বাট এৰি দিয়া দেখিছো। মানুহে এজনে সিজনক সন্মান কৰি চলে।


Footpaths, cycle tracks are marked properly

তাৰ সকলো traffic signal point automated, ৰাস্তাত মই এদিনো এজনো পুলিচ নেদেখিলো। মানুহে traffic signal মানি চলে। ৰাজপথত মানুহে ৰাস্তা পাৰ হোৱা ঠাইত traffic signal অৰ machine লগোৱা থাকে। ৰাস্তা পাৰ হোৱাৰ সময়ত ইয়াৰ switch টিপি দিলে signal ৰঙা হয়, গাড়ীবোৰ ৰৈ যায়, মানুহ ৰাস্তা পাৰ হোৱাৰ পিচত signal নিজে নিজেই সেউজীয়া হয়।


ট্ৰেফিক লাইটৰ লাখুটিত লাগি থকা হালধীয়া ৰঙৰ বাকচটো ৰাস্তা পাৰ হবলৈ ব্যবহাৰ কৰা মেচিন

এই সৰু ঠাইখনত সকলো ধৰণৰ গাড়ী দেখা পোৱা যায় - Ford, Volkswagen, Vauxhall, Mercedes-Benz, BMW, Audi, Nissan, Peugeot আদি। তাৰ মানুহে convertible গাড়ী বেছিকে ভাল পায়, ইয়াৰ বিভিন্ন মডেল দেখিবলৈ পোৱা যায় - Porsche Boxster, Mini Cooper, Vauxhall Astra, BMW E93 Convertible আদি। ভাৰতত নহা গাড়ীৰ মডেলো দেখা যায় যেনে Hyndai ৰ i30, i40 আদি।
মোৰ ইয়াত ভাল লগা গাড়ীখন হ'ল convertible mini cooper, এখন ধুনীয়া সৰু গাড়ী।


My favourite car in the place

ঠাইখনত দুচকীয়া বাহন বেছি নচলে, কিন্তু যিকেইখন চলে সেইকেইখন বিৰাট বঢ়িয়া। সিহতে bike যথেষ্ট বেগত চলায় (প্ৰায় ১৪০ কিমি প্ৰতি ঘন্টা) যদিও সকলো ধৰণৰ সুৰক্ষ্যা লয় - helmet, knee cap, gloves, boots, light reflective jacket আদি পিন্ধে।. মই তাত এখনো সৰু bike দেখা নাই, সকলো বোৰ Harley-Davidson অৰ ১২০০ cc ৰ bike.
সিহতে কিন্তু cycle অক bike বুলি কয়।
বহুত মানুহে পুৰনি scooter সংগ্ৰহ কৰি redesign কৰে। কিছুমান ঠাইত scooter অৰ প্ৰদৰ্শনী কৰা হয় আৰু পুৰনি scooter বোৰ ধুনীয়াকৈ সজাই পৰাই দেখুওৱা হয়।


A scooter show

এইবাৰলৈ ইয়াতেই এৰিছো, আগলৈ মই ঠাইখনৰ আন ভাল লগা বিষয়ৰ ওপৰত লিখিম।

Wednesday, December 9, 2020

ইংলেন্ডৰ গাওঁ: পৰিবহণ ব্যবস্থা


"Good Morning", কোনোবাই শুভেচ্ছা জনালে। মই ইফালে সিফালে চাই শেষত মানুহজনক দেখিলো; light blue চোলা, dark blue পেন্ট আৰু neck tie পিন্ধা মানুহজনে মোৰ ফালে চাই মিচিকিয়াই হাহিলে। মানুহজন মই এইমাত্ৰ উঠা বাছখনৰ চালক। খালি বাছখন মই থকা হোটেলখনৰ লগালগিকে থকা bus stop টোত ৰৈ আছে। ময়ো শুভেচ্ছা জনালো।
মই যোৱাকালি ভাৰতৰ পৰা আহি Worthing পাইছো আৰু আজি মোৰ client অৰ অফিচলৈ যাব ওলাইছো। শুনামতে মই যাবলগা ঠাইখিনি বেছি দুৰত নহয় আৰু ইয়াৰ বাছৰ service ভাল, সেয়েহে বাছেৰেই যাব ওলাইছো। কলৈ যাব লাগিব মই ইমান ভালদৰে নাজানো, সেয়েহে মই বাছৰ চালকজনক ঠিকনাটো দেখুৱালো, তেখেতে মোক ক'ত নামিব লাগিব কৈ দিলে, লগতে জনালে যে ঠাইখিনি আহিলে মোক জনাই দিব। তেখেতে আনকি মই ইয়াত কিমান দিন অহাযোৱা কৰিম শুধি লৈ সেই হিচাবত কম খৰছ হোৱাকে সপ্তাহিক টিকত লোৱা পৰামৰ্শও দিলে।
এয়া আছিল মোৰ এই ঠাইখনৰ প্ৰথম বাছৰ অভিজ্ঞতা।


বাছ চালক এজন

মই বৰ্তমান ইয়াত থকা কিছু মাহ হ'ল।
মোৰ client অৰ অফিচলৈ যাবলৈ মই সদায় বাছ ব্যৱহাৰ কৰো। ইয়াৰ বাছ service যথেষ্ট ভাল, বাছবিলাক সময়মতে চলে। প্ৰতিটো বাছ stop অটে বাছ কিমান সময়ত আহিব লিখা থাকে আৰু বাছবিলাক সেই সময় মতে আহে। বাছবিলাক বহিবলৈ সুবিধাজনক আৰু পৰিস্কাৰ পৰিপাটী। বাছত AC নাথাকে, heater থাকে যি ঠান্ডাদিনত ব্যবহাৰ হয়। বাছত কন্ডাক্টাৰ নাথাকে, মানুহে বাছত উঠিয়েই চালকজনৰ পৰা টিকট লয়। বাছৰ ভিতৰত Electronic display board অত আহিব লগিয়া বাছ স্টপেজৰ নাম দেখুওৱা হয়। নিজৰ স্টপেজটো অহাৰ আগে আগে মানুহে বাছত থকা switch টিপি চালকক সংকেত দিয়ে, সেইমতে চালকে বাছ ৰখাই দিয়ে।
বাছৰ চালক বিলাক সাধাৰণতে ভদ্ৰ। Double decker বাছ ও যথেষ্ট চলে।


The red buttons marked "STOP" are for stopping a bus

মই সাধাৰণতে "South 7-day megarider Gold" সাপ্তাহিক ticket লও, এইটোৰে মই এসপ্তাহ সম্পূৰ্ণ south England যিমান ইচ্ছা সিমান ফূৰিব পাৰো।
বাছ স্টপেজত বাছ ৰখোৱাৰ বাবে ঠাই চিন্হিত কৰা থাকে, বাছ তাতহে ৰখায়। সাধাৰণতে বাছ স্টপেজবোৰত ধুনীয়া ফুলৰ গছ ৰোৱা থাকে।

বাছ স্টপৰ ধুনীয়া ফুল। গ্লাছৰ কোঠাবোৰে বতাহ, বৰষুণ, ঠান্ডাত মানুহক যথেষ্ট সহায় কৰে

বাছৰ বাহিৰে ইয়াত যাতায়াতৰ বাবে taxi কৰিব পাৰি। ইয়াত taxi হিচাবে যথেষ্ট ভাল ভাল গাড়ী চলে, BMW, Audi, Rolls-Royce আদি, ভাৰাও আন গাড়ীৰ তুলনাত অলপমানহে বেছি। ইয়াৰ taxi ত বহিলে পিচৰ চিটত বহা মানুহেও seat belt লগাব লাগে।
ঠাইখনত তেনেকুৱা taxi stand বুলিবলৈ একো নাই, ৰেল ষ্টেস্টনৰ সমুখত এটা আছে যদিও তাত কেতিয়াবাহে taxi থাকে, অৱশ্যে ফোন কৰিলে আহি ওলায়। মই Airport অহা যোৱাৰ বাবেহে taxi ব্যবহাৰ কৰিছো।


Taxi

ইয়াত ৰিক্সা বা অটো ধৰণৰ একো বাহন নচলে। মানুহে চাইকেল ও বহুত ব্যবহাৰ কৰে, gear থকা চাইকেল বেছি প্ৰচলিত। চাইকেল ভাড়াত ও ল'ব পাৰি। সিহ্তে চাইকেলক bike বুলি কয়।

চাইকেল চলাই গৈ আছে এটা পৰিয়াল

তাত স্কুটাৰ বেচি চলা নেদেখিলো। মানুহে motorcycle হে পচন্দ কৰে, তাকো বহুত powerful. Motorcycle ইমান speed ত চলাই যে গাডি বিলাক বহু পিচ পৰি ৰয়।

ইয়াৰ ট্ৰেইন বিলাকো ভাল, সময়মতে চলে। ট্ৰেইন ষ্টেস্টন বিলাক যথেষ্ট চফা। ইয়াৰ সকলোবোৰ ট্ৰেইনেই electric অত চলা, rail track অত electric থাকে, হয়তো সেইকাৰনে মই কোনো মানুহকে rail track পাৰ হৈ অহা যোৱা কৰা দেখা নাই।

ট্ৰেইনৰ overhead electric line নাই

এইবাৰলৈ ইয়াতেই এৰিছো, আগলৈ মই ঠাইখনৰ আন ভাল লগা বিষয়ৰ ওপৰত লিখিম।

Sunday, December 6, 2020

ইংলেন্ডৰ গাওঁ: সাগৰৰ পাৰ


আকাশত পূৰ্ণ চন্দ্ৰ, সাগৰত তাৰ প্ৰতিচ্ছবি, চাই চাই মই অভিভূত হৈ পৰিছো। বহুত যুগ চন্দ্ৰটো ইমান ভালদৰে চোৱা নাই।


In Worthing pier on a full moon night

মই এয়া Worthing Pier অত বহি আছো। Pier টো হ'ল ১০০ মিটাৰ দীঘল, সাগৰৰ মাজলৈ সোমাই যোৱা কাঠৰ structure এটা। ৰাতি ১০টা বাজিছে, ওচৰে পাজৰে কোনো নাই, পূৰ্ণ গতিত বৈ থকা বতাহৰ শব্দ কাণত পৰিছে। সাগৰৰ ধৌবোৰে pier অত খুন্দা মাৰি মৃদু কম্পনৰ সৃষ্টি কৰিছে। মই মন্ত্ৰমুগ্ধ হৈ পৰিবেশটোত দুব গৈ আছো।

Worthing pier in the background

Hello sir, it's closing time. কোনোবাই মতাত ওভতি চাই দেখিলো যে pier guard জন। ৰাতি ১১ টা বাজি যোৱা বাবে pier ৰ দুৱাৰত তলা লগাই থব আহিছে, মই হোটেললৈ ওভতিলো।


In Worthing beach
Worthing হ'ল এখন সাগৰৰ পাৰৰ ঠাই, ইয়াৰ beach বিলাক যথেষ্ট পৰিস্কাৰ। সাগৰীয় উদ্ভিদৰ বাহিৰে একো বেলেগ বস্তু beach অত দেখিব পোৱা নাযায়। প্ৰায় প্ৰতিদিন মানুহে বিভিন্ন সজুলিৰে সাগৰৰ পাৰ চফা কৰা দেখা যায়।
সাগৰৰ পাৰত পুলিচে ৩ চকীয়া বাহনেৰে patrolling কৰা দেখা যায়।


The beach huts
সাগৰৰ পাৰত সৰু সৰু beach house থাকে। মানুহে এইবোৰ ভাৰাত ল'ব পাৰে, ভাৰা ঠাইবিশেষে ভিন্ন ভিন্ন, ১০০০ পাউন্ড পৰ্য্যন্ত হ'ব পাৰে। মানুহে তালৈ শনি আৰু ৰবিবাৰে আহে, নানা ধৰণৰ কাৰ্য্য কৰি পৰিয়ালৰ লগত সময় কটায়, barbeque বনাই খায়।

A beach hut


A memorial bench
সাগৰৰ পাৰৰ ওচৰত (আনকি পাৰ্ক বা আন ৰাজহুৱা ঠাইটো) দীঘল কাঠৰ চকী পৰা থাকে, এইবোৰ মানুহে নিজৰ আত্মীয় স্ৱজনৰ স্মৃতিত দান কৰে। ধুকোৱা মানুহজনৰ জন্ম বা মৃত্যু দিনত পৰিয়ালে এই চকিবোৰ ফুলেৰে ধুনীয়াকৈ সজাই ৰাখে।
এই চকিবিলাক কিনা আৰু সংৰক্ষণ কৰিবলৈ ভালেখিনি পইচাৰ প্ৰয়োজন হয়, প্ৰতিবছৰে প্ৰায় ১০০০ পাউন্ড মান লাগে।

এইবাৰলৈ ইয়াতেই এৰিছো, আগলৈ মই ঠাইখনৰ আন ভাল লগা বিষয়ৰ ওপৰত লিখিম।

ইংলেন্ডৰ গাওঁৰ ঘৰ



মই Worthing অত থকা এতিয়া কিছু সময় হ'ল, ইয়াৰ ঘৰবিলাকে মোক যথেষ্ট আকৰ্ষিত কৰে, সেয়েহে আজি ইয়াৰ ঘৰৰ ওপৰত লিখিব ওলাইছো।

ইয়াৰ বেছিভাগ ঘৰেই independent single ঘৰ, কিন্তু লাহে লাহে ইয়াতো apartment আৰম্ভ হৈছে যদিও যথেষ্ট কম সংখ্যক।
ইয়াৰ প্ৰায়বিলাক ঘৰেই ৰঙা ইটাৰে তৈয়াৰি কৰা, বেছিভাগ ঘৰৰে ইটা বা কাঠৰ half boundary wall থাকে, কিন্তু gate নাথাকে, হয়তো ৰাস্তাত ঘূৰি ফুৰা কুকুৰ বা আন জন্তু নাই বাবে। মই তাত থকা সময় খিনিত কেতিয়াও এটাও ৰাস্তাত ঘূৰি ফুৰা কুকুৰ বা আন জন্তু নেদেখিলো।


A house with half boundary wall, no gate

আমাৰ ভাৰতত half boundary wall থকা আৰু gate নথকা ঘৰ এটাৰ অবষ্থা চিন্তা কৰিব পাৰিনে?

ইয়াৰ মানুহে ফুল, গছ আদি যথেষ্ট ভাল পায়। প্ৰতি ঘৰৰে সমূখত গছ আৰু ফুলেৰে ভৰি থকা বাগিছা আছে।


Houses are nicely decorated with flowers and trees

আনকি apartment বিলাকৰো ধুনীয়া ফুলনি আছে।

An apartment with a beautiful garden

বহুত সংখ্যক ঘৰৰ বাগিছাত ধুনীয়া ফোঁৱাৰা, সৰু পুখুৰী, ধুনীয়া পুতলা আদিৰে সজোৱা থাকে।

ঘৰৰ পিচফালতো যথেষ্ট গছ গছনি থাকে। বহুতে তাতেই চকি মেজ পাৰি ৰাখে আৰু ৰাতিপুৱা বা সন্ধিয়াৰ চাহ পৰিয়ালৰ লগত বহি একেলগে খায়।


The backyard of a house

যিহেতু এইখন সাগৰৰ পাৰৰ ঠাই, বহুত সংখ্যক ঘৰ সাগৰৰ নিচেই ওচৰত।


Houses in Little Hamptom are just next to sea

ঘৰবিলাকত কাঠৰ আচবাবপত্ৰৰ ব্যৱহাৰ বেছি। কিছুমান পুৰনি ঘৰত কাঠৰ flooring, staircases, railings আদিও দেখিবলৈ পোৱা যায়।

মই ইয়াত ভালপোৱা কিছুমান ঘৰ হ'ল এনেধৰণৰ :


A typical English house with garden



This beautiful house has a lot of flowers and trees



Another beautiful house with lots of open spaces and flowers and trees

আশা ৰাখিছো মোৰো কেতিয়াবা এনেকুৱা ঘৰ হ'ব। নে বহুত বেছি ভাবিলো ?
আমি প্ৰত্যেকে সদাই ভাল আশা কৰিব লাগে আৰু তাৰ বাবে কাম কৰি যাব লাগে। কেতিয়াবা নহয় কেতিয়াবা তাৰ বহুত খিনি অংশ পূৰণ হ'ব।

এইবাৰলৈ ইয়াতেই এৰিছো, আগলৈ মই ঠাইখনৰ ৰাস্তা, মানুহৰ driving habits, traffic, গাড়ীৰ ওপৰত লিখিম।

Wednesday, November 25, 2020

সংকটজনক খেল - অন্তৰগংগা


মই কিছু বছৰ আগৰ, অন্তৰগংগা নামৰ ঠাইত হোৱা মোৰ Adventure sports ৰ অভিজ্ঞতাৰ ওপৰত লিখিব ওলাইছো।
আনবছৰৰ দৰে এইবাৰো অফিচৰ পৰা outing যোৱাৰ সিদ্ধান্ত কৰিলে। কলৈ যোৱা হ'ব তাক ঠিক কৰিবলৈ সকলোৰে মতামত লোৱা হ'ল। আমি ইতিমধ্যে বহুত trekking কৰিলো, আকৈ যাবলৈ কাৰো মন নাই। অলপ বিচাৰ খোচাৰ কৰি সকলোৱে adventure sports কৰিবলৈ মন কৰিলে, ইয়াত parasailing, rock climbing, cave exploration থাকিব।

নিৰ্দিষ্ট দিনত আমি অন্তৰগংগা (কোলাৰত, বাংগালোৰৰ পৰা ৭০ কিমি) নামৰ ঠাই এখনলৈ ওলালো।
প্ৰথমতে parasailing আৰম্ভ হ'ল। এজন এজনকৈ মানুহে কৰিব লাগে। মানুহজনৰ গাত পেৰাচুট্ পিন্ধাই দিয়া হয়, কঁকালত দীঘল ৰছী বান্ধি দিয়ে, ৰছীৰ আনমূৰতো এখন গাড়ীৰ পিচফালে বান্ধি দিয়ে। গাড়ীখন লাহে লাহে চলাই দিয়ে, মানুহজন তাৰ লগে লগে খোজকাঢ়ি গৈ থাকে, অলপ পিচত বতাহত পেৰাচুট্ খোল খাই যাই আৰু মানুহজন ওপৰলৈ উঠি যায়, গাড়ীখন অলপ speed অত চলাই নিয়ে যাতে মানুহজন বহুত ওপৰলৈ উঠি যাব পাৰে।

এজন এজনকৈ গৈ কৰি আহিল। মোৰ আগৰজনৰ পাল পৰিল, তেতিয়া আকৈ বেচি বতাহ নাই, পেৰাচুট্ নোখোলেহে নোখোলে। ৰছী বান্ধি গাড়ীৰ পিচে পিচে গৈ থাকোতে মানুহজন উজতি খাই পৰিল আৰু গাড়ীয়ে চোঁচৰাই কিছু দুৰ টানি নিলে, বেচেৰাৰ হাত ভৰিৰ ছাল চিগি গ'ল।

মোৰ পাল পৰাত মই গলো, মনে মনে অলপ ভয় লাগিল, গাড়ীয়ে চোঁচৰাই নিনিয়েতো ? তথাপি বাহিৰত প্ৰকাশ নকৰিলো, confidence দেখুৱাই গলো, dress পিন্ধি সাজু হ'লো ।


মই সাজু হৈছো, মনত অলপ আশংকা ।

যি কি নহওক, অলপ গাড়ীৰ পিচে পিচে দৌৰাৰ পিচত মই বিশেষ একো অসুবিধা নোহোৱাকে বতাহত বহু ওপৰলৈ উঠিলো।

লাহে লাহে ওপৰলৈ উঠিব ধৰিছো।

পিচে উপৰত উঠাৰ পিচত বহুত ভয় লাগে, পেৰাচুট্ টো কান্ধত আৰু কঁকালত ফিটাৰে লগোৱা থাকে, ওপৰত উঠি যোৱাৰ পিচত বতাহত ভৰিদুখন বহুত লৰিব ধৰে। এনেকুৱা লাগে যেন এইমাত্ৰ ওলটি পেৰাচুট্ ৰ পৰা সৰকি পৰিম। মই যিমান পাৰো সিমান লৰচৰ নকৰাকে থাকিলো। ওপৰৰ পৰা তলৰ দৃশ্য চাই ভাল লাগিল, গাড়ীখন পৰুৱাৰ দৰে দেখি, মানুহবোৰ ভালদৰে ধৰিব নোৱাৰিলো যদিও সিহতৰ চিঞৰ বাখৰ কাণত পৰিল।। অলপ সময়ৰ পিচত তললৈ নামি অহাৰ পিচতহে সকাহ পালো।

এয়া মই আকাশত উৰিলো।

Rock climbing অত এটা ডাঙৰ ওখ শিলৰ ওপৰৰ পৰা তললৈ নামি আহিব লাগে, কঁকালত ৰছী লগোৱা থাকে যাতে পিছলি গলেও তলত বাগৰি নপৰে। মোৰ এইটো কৰোতেহে বহুত ভয় লাগিল, হাত ভৰি কঁপিব ধৰিলে। যি কি নহওক কিবাকে চুচৰি বাগৰি নামি আহিহে যেন শান্তি পালো।


দেখাত সহজ যেন লাগিলেও কিন্তু ভয় লাগে।

Cave exploration আটাইকে সহজ, বিশেষ বেছি কষ্ট নাই, মাত্ৰ আৰম্ভণিতে অলপ পাহাৰ বগাব লাগে। গুহাত সোমোৱা ঠাইখিনি ঠেক, অলপ কষ্ট হয়।


গুহাৰ প্ৰবেশদ্বাৰ ঠেক।

তেনেদৰে গুহাৰ পৰা ওলাওতেওঁ অলপ অসুবিধা।

অৱশেষত পাহাৰৰ মাজে মাজে trekking কৰি গৈ অন্তৰগংগা মন্দিৰ পালোগৈ।


অন্তৰগংগা মন্দিৰ

এনেদৰে এটা ভাল লগা দিনৰ পৰিসমাপ্তি ঘটিল।

Saturday, November 7, 2020

অৱসৰ: আৰ্থিক দিশ


ৰাতিপুৱা শুই উঠি আইনাত নিজকে চালো - কঁপালত wrinkle, চুলিও পকিল; আৰু কেইবছৰমান পিছত চাকৰিৰ পৰা অৱসৰ (retire) হ'বৰ হ'ল। অৱসৰৰ কথা ভাবি মনত কিবা কিবি চিন্তা আহিল। অৱসৰৰ পিচত, সাচি থোৱা ধনেৰে বাকিথকা জীৱনৰ দিনবোৰ ভালদৰে কটাব পাৰিমনে ?

আমাৰ আগৰ প্ৰজন্ম বিলাকত অৱসৰক লৈ বিশেষ চিন্তা কৰা দেখা নাছিলো, হয়তো তাৰ কাৰণ আছিল
১) বেছিভাগ চাকৰিতে pension ৰ ব্যৱস্থা আছিল
২) অৱসৰৰ পিচত নিজৰ ল'ৰাৰ লগত থাকি চলিব পৰাৰ আশা আছিল (সেইকাৰণেই হয়তো মানুহে ল'ৰা হোৱাৰ ওপৰত ইমান গুৰুত্ত দিছিল)।
কিন্ত আজিকালি তেনে হয়তো নহয়। বেচি সংখ্যক চাকৰিতে pension ৰ ব্যৱস্থা নাই। বহুত কাৰণত মানুহে অৱসৰৰ পিচত নিজৰ ল'ৰা ছোৱালীৰ লগত থাকিব নোখোজে বা নোৱাৰে। গতিকে অৱসৰৰ পিচত চলিব পৰাকে ধন গোটাই ৰাখিলে বহুত সহায়ক হয়, অলপ কম চিন্তা মুক্ত জীৱন কটোৱাৰ আশা কৰিব পাৰি ।

আমি সকলোৱে জানো যে ভবিষ্যতৰ বাবে আমি ধন সাচিব লাগে, কিন্তু কিমান ? কিমান ধন হ'লে আমাৰ অৱসৰৰ পিচৰ সময়খিনিৰ ভালদৰে চলি যাব? ইয়াৰ ধাৰণা কৰা অলপ অসুবিধা।

মই মোৰ নিজৰ কাৰণে জানিবলৈ ইফালে সিফালে অলপ কিবা এটা চেষ্টা কৰিছিলো, তাকেই ইয়াত উল্লেখ কৰিছো।

অৱসৰৰ পিচত আৱশ্যক হবলগা ধনৰ পৰিমান জানিবলৈ প্ৰথমতে আমাৰ বৰ্তমান সময়ৰ মাহিলি খৰচ জানিব লাগিব। আমাক বৰ্তমান এমাহত কিমান ধনৰ প্ৰয়োজন হয়, সকলো ধৰণৰ খৰচ মিলাই (grocery, gas, electric bill, vehicle petrol expense, phone and internet bill, medicine, soap, powder, cosmetics, eating out, transportation, clothing, entertainment etc), তাক লিখক। তাক ১২ ৰে পূৰণ কৰি তাৰ লগত বছৰত হ'ব লগা আন খৰচবোৰ (যেনে vehicle insurance, servicing cost, children school fees, yearly health check up, property tax, yearly home maintenance, কৰবাত ফুৰিব যোৱা আদি) যোগ কৰক। আমি এবছৰত হ'ব লগা খৰচৰ এটা মোটামোটি অনুমান পালো।

বিভিন্ন তথ্যৰ পৰা জানিব পৰা গৈছে যে অৱসৰৰ পিচত মানুহ মোটামোটি আৰু ২৫ বছৰমান জীয়াই থাকে (assumed average life expectancy is 85 years)। গতিকে, এই বছৰেকীয়া খৰছখিনিক ২৫ ৰে পূৰণ কৰিলেই আমাৰ অৱসৰৰ পিছত লগা ধনৰ পৰিমান জানিম, অৱশ্যে আমি মুদ্রাস্ফীতি (inflation) মনত ৰাখিব লাগিব।

উদাহৰণ হিচাবে, এজন মানুহৰ বৰ্তমান বয়স ৫০ বছৰ, তেখেত ৬০ বছৰত অৱসৰ ল'ব, তেখেতৰ অৱসৰৰ পিচত আৱশ্যক হ'ব হবলগা ধনৰ পৰিমান গনণা কৰিম।

মাহিলি খৰচ১৫,০০০
বছৰত হ'ব লগা আন খৰচ২০,০০০
বছৰেকীয়া খৰচ(১৫,০০০ x ১২) + ২০,০০০ = ২,০০,০০০
মুদ্রাস্ফীতি ধৰি মুঠ বছৰেকীয়া খৰচ
(মুদ্রাস্ফীতি ৬%, ১০ বছৰৰ বাবে)
৩,৫৮,১৭০
অৱসৰৰ পিচত আৱশ্যক হ'ব লগা ধনৰ পৰিমান৩,৫৮,১৭০ x ২৫
=৮৯,৫৪,২৩৮

৮৯,৫৪,২৩৮ টকা ??? সচাকে কি ইমান ধনৰ প্ৰয়োজন হ'ব ?
ইয়াৰ উত্তৰ এতিয়াই ঠিক দিব নোৱাৰি, বহুত কাৰণৰ ওপৰত নিৰ্ভৰ কৰিব; দেশৰ অৰ্থনীতি, মুদ্রাস্ফীতি, আমাৰ আয়ুস আদি।
হয়তো আমাৰ জীৱনৰ শেষ মূহু্ৰ্তত আমি ইয়াৰ সথিক উত্তৰ দিব পাৰিম।
কিন্তু যি নহওক, এইটো খাটাং যে যথেষ্ট ধনৰ প্ৰয়োজন হ'ব।

এনেদৰে অৱসৰৰ পিচত আৱশ্যক হ'ব লগা ধনৰ পৰিমান এটা পোৱাৰ পিচত, আমি ধন সঞ্চয় কৰাৰ পৰিকল্পনা কৰিব লাগে।
ইয়াৰ ওপৰত মোৰ অলপ অভিজ্ঞতা আছে, সেই বিষয়ে আন কেতিয়াবা লিখিম।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

Monday, October 5, 2020

কটনত দুবছৰ


ক্লাচত সোমাই অহা ল'ৰাকেইজন দেখি হাঁহি উঠিল - মূৰত সৰু সৰু চুলি, কপালত ৰঙা সেন্দুৰেৰে কিবা লিখা আছে। ল'ৰাকেইজন ওচৰ চপাত দেখিলো মূৰত RKB লিখা আছে। মনে মনে হাঁহিলো, কাৰণ RKB (ৰজনীকান্ত বৰদলৈ / Cosmo) হোষ্টেলত ময়ো admission লৈছো, যদিও এতিয়ালৈ হোষ্টেল অহা নাই।

মই মালিগাওঁ ৰেলৱে হাইস্কুলৰ পৰা পাচ কৰি আহি HS science stream অত day shift অত নাম ভৰ্তি কৰিছো, লগতে ৰজনীকান্ত বৰদলৈ হোষ্টেলত থাকিবলৈ সিদ্ধান্ত কৰিছো। হোষ্টেলত admission লৈ আহিছো কিন্তু এমাহমান পিচত তালৈ যাম, তেতিয়ালৈ মামাৰ কামাখ্যা গেটৰ ঘৰৰ পৰাই অহা যোৱা কৰিম। হোষ্টেলৰ warden নাৰায়ন শৰ্মা চাৰ, তেখেতক লগ কৰি ইতিমধ্যে কথা পাতি থোৱা আছিল।


মোৰ Identity card
প্ৰথম এমাহ ধুনীয়াকৈ গ'ল - ক্লাচ আৰু ঘৰ। মই ইতিমধ্যে মোৰ ক্লাচত থকা হোষ্টেলৰ লৰাকেইজনৰ লগত চিনাকি হৈ হোষ্টেলৰ বিষয়ে খবৰ ললো। এইদৰে প্ৰায় এমাহমান ক্লাচ কৰাৰ পিচত হোষ্টেললৈ shift কৰিলো।


ৰজনীকান্ত বৰদলৈ হোষ্টেলৰ মই থকা block টো
হোষ্টেলত যোৱাৰ দিনৰ পৰাই ৰেগিং অৰ সন্মুখিন হ'ব লগা হ'ল। সদায় বেলেগ বেলেগ ধৰণৰ - প্ৰথম দিনা dining hall অত বেন্সত থিয় দি চিঞৰি নিজৰ পৰিচয় দিয়া, সদায় ভাত খোৱাৰ পিচত new block অত গৈ ৰেগিং খোৱা, মাটিত সাঁতোৰা, senior অৰ নাম ক'ব লগা, LP দিক্ষা ইত্যাদি। সদায় ক্লাচৰ পিচত হাতত এখন বহি লৈ হোষ্টেলৰ ৰুমে ৰুমে গৈ senior অৰ লগত চিনাকি হোৱাৰ পৰ্ব আছিল, বহিত senior অৰ নাম আৰু ঠিকনা লিখো। বহি খুলি মাজে মাজে senior অৰ নাম মুখস্ত কৰো, নহলে ৰাতি নাম ক'ব নোৱাৰিলে অসুবিধা।
মাজে মাজে new comer অৰ বাবে কিবা কিবি প্ৰতিযোগিতা হৈ থাকে, যেনে কবিতা লিখা, গল্প লিখা, ভেকচন প্ৰতিযোগিতা আদি। মোৰ ভেকচন প্ৰতিযোগিতাত মদাহী হোৱা মনত আছে।
আমি fresher বোৰে rotation হিচাবত mess অৰ খোৱা বস্তুৰ marketing কৰিব লাগে। মই বিশেষ একো নকৰো, মাত্ৰ ঠাকুৰৰ লগত গৈ থাকো, তেখেতে বস্তু লৈ মোক কয় ইমান টকা দিয়া - মই দি দিওঁ। ৰাতি ভাত খাওতে এটা মাছ বা মাংসৰ বাটি extra পাই। কেতিয়াবা মাত্ৰ খোৱা বেয়া হ'লে senior ৰৰ দম খাব লাগে। এইখিনিতে এজন senior অক জোকোৱা নামতো মনত আহিছে, তেখেতক "পাৰ কলিতা" বুলিছিল, কিজানি তেখেতে mess secretary হৈ থাকোতে পাৰ খুৱাইছিল।
এনেদৰে ৰেগিং অৰ দিনবোৰ লাহে লাহে গ'ল আৰু আমাক welcome party দিলে।
বচ্ আৰু কোনে পায় !

হোষ্টেলৰ মই থকা block টোৰ corridor অত, ২০১০ অক্টোবৰত হোষ্টেলৰ ১০০ বছৰ উদ্যাপণৰ সময়ত উঠা ফটো, মোৰ লগত বদন মহন্ত আৰু কেইজনমান senior

এইকেইদিনতে আমাৰ লগৰ হোষ্টেলৰ আটাই খিনিৰে লগত ভাল বন্ধুত্ত গঢ়ি উঠিল - বিজিত নাৰায়ণ দেৱ চৌধুৰী, বিচিত্ৰ, বদন মহন্ত, চিৰন্জীৱ, সন্জীৱ কলিতা, ৰাজেন কলিতা, ধৰ্মেন্দ্ৰ, দিলীপ গোস্ৱামী, যগ্যেশ্বৰ, ৰন্জিত, ধ্ৰুৱ আদি। আৰু কিছু নাম মনলৈ অহা নাই। আমাৰ হোষ্টেলত নথকা আন বহুতৰ লগতো চিনাকি হ'ল - হৰেকৃষ্ণ, শান্তনু আদি।


ৰাজেন কলিতাৰ লগত, ননৈত পিকনিক খাব যাওতে
বহুকেইজন ভাল senior ও লগ পালো - বিভূ দা, ভাৰ্গৱ দা, বিশ্বনাথ লহকৰ দা, ৰাজীৱ ভূষণ কোৱঁৰ দা, প্ৰশান্ত মহন্ত দা, নৃপেণ দা, বাবুল দা, মহাদেৱ পাটগিৰি দা, ননী গোপাল মহন্ত দা, অতুল দা। ইয়াতো কিছু নাম পাহৰিছো। বিশ্বনাথ লহকৰ দা আৰু ৰাজীৱ ভূষণ কোৱঁৰ দা দুবছৰ মোৰ ৰুমমেট আছিল।

বিশ্বনাথ লহকৰ দাৰ লগত, ২০১০ অক্টোবৰত হোষ্টেলৰ ১০০ বছৰ উদ্যাপণৰ সময়ত উঠা ফটো

কটনৰ আৰু হোষ্টেলৰ বহুত স্মৃতি মনত এতিয়াও সজীৱ হৈ আছে।
বিজিত, চিৰন্জীৱ হঁতৰ লগত একেলগে বহুত দিন চিনেমা চোৱা, এবাৰ এটা হ'লতে একেলগে দুটা show continuously চোৱা, Tarzan চিনেমা ৰাতি show চাব যোৱা, ৰাতি হোষ্টেলৰ গেট পাৰ হৈ মনে মনে warden এ নেদেখাকে অহাৰ প্ৰথম experience, লতাশিলত বহাগী বিদায় চাব গৈ প্ৰথম শাৰীত বহি একেবাৰে শেষ কৰি ৰাতিপুৱালৈ চোৱা , ধৰ্মেন্দ্ৰৰ লগত gym অত যোৱা, জৰ্জ খেলপথাৰত গ্ৰন্থ মেলাৰ লগতে আন কিবা কিবি মেলাত যোৱা, হোষ্টেল বিলাকৰ মাজত হোৱা ভলিবল প্রতিযোগিতা চাব যোৱা, বিশ্ব দাৰ লগত তেখেতৰ ঘৰত যোৱা, প্ৰশান্ত দাৰ নেতৃত্বত কলেজ march past অত ভাগ লৈ পুৰস্কাৰ পোৱা, NCC (navy) firing camp অত গৈ কান্ধত দূষ পোৱা আদি এতিয়াও মনত পৰে।


বিজিত নাৰায়ণ দেৱ চৌধুৰী। আমি কিবা চিনেমা চাব যাব ওলাওতে উঠা ফটো (২৬ মাৰ্চ ১৯৮৮), বিজিতৰ পিচফালে দূৰত মই আৰু চিৰন্জীৱ।

পিচত 2nd year পালো আৰু পঢ়াশুনাত অলপ serious হ'লো।
মহাৰাণা ক্লাবত tuition ললো, তাত স্কুলৰ বন্ধু কিশোৰক লগ পালো।
তেতিয়া মোৰ দৈনিক routine এনেধৰণৰ - ৰাতিপুৱা উঠি অলপ পঢ়ি, কিবা খাই কলেজ যাওঁ (কলেজত ক্লাচ কৰোতে বহুত দৌৰাদৌৰি কৰিব লাগে, english ক্লাচ কৰি উঠি physics ক্লাচলৈ দৌৰিব লাগে, তাৰপৰা আকৈ biology ক্লাচত আহিব লাগে - science stream অৰ বন্ধুসকলে জানে), কলেজৰ পৰা আহি কিবা খাই আৰু tuition অৰ কাৰণে বেগাবেগিকে যাওঁ।


হোষ্টেলৰ মই থকা room টো, ২০১০ অক্টোবৰত হোষ্টেলৰ ১০০ বছৰ উদ্যাপণৰ সময়ত উঠা ফটো।

কলেজৰ কেইজনমান চাৰৰ কথা ভালদৰে মনত আছে।
দিলীপ শৰ্মা চাৰে physics, Saitendra Chowdhury চাৰে chemistry, Biswajit Bhagawati চাৰে maths, Sitanath Lahkar চাৰে maths, K D Krori চাৰে physics পঢ়োৱা মনত আছে।
Physics অত Light পঢ়োৱা চাৰৰ কথাওঁ মনত আছে, আমি একো শুনি নাপাইছিলো, সেয়েহে gallery ৰ পিচফালৰ দুৱাৰেদি পলাইছিলো।

এনেদৰে দুটা বছৰ হাঁহি ধেমালিৰ মাজেৰে কেনেকে পাৰ হৈ গ'ল একো গমকে নাপালো।
Final exam আহিল, আমি পৰীক্ষা দি উঠি এটা সময়ত হোষ্টেল এৰি নিজৰ নিজৰ ঘৰমুৱা হ'বলৈ ধৰিলো।
হোষ্টেল এৰাৰ দিনটো আজিও ভালদৰে মনত আছে।
মই ৰিক্সা মাতি আনি বিশ্বদাক মাত লগাৱ গলো। তেখেত মোৰ ৰুমমেট আছিল, মোৰ local guardian অৰ নিচিনা, মই কৰবাত গ'লে সদায় তেখেতক কৈ গৈছিলো।
তেখেত বহুত sentimental হৈ গ'ল, মোৰ হাতত ধৰি কান্দিব ধৰিলে। মই একো কথা কব পৰা নাই (মই এনেয়েও কম কথা কঁও, তাতে এনে অবস্থাত কি ক'ম একো বুজি নাপালো), দিঙিত যেন কিবাই সোপা মাৰি ধৰিছে।
কিছু সময় পিছত মই ৰিক্সাত উঠি গুচি আহিলো, বিশ্বদা আৰু আনকেইজনমানে হাত জোকাৰি বিদাই দিলে। মোৰ চকুৰে একেৰাহে পানী ব'ব ধৰিলে, উভতি চাবৰ সাহস ন'হল, মাত্ৰ আগলৈ চাই গৈ থাকিলো ...

এনেদৰে জীৱনৰ দুটা সোণালী বছৰৰ স্মৃতি মন্থণ কৰি মনটো সতেজ হৈ উঠে।