Sunday, January 30, 2022

আত্মবিশ্বাস অতি প্ৰয়োজনীয়

ℂ𝕠𝕟𝕗𝕚𝕕𝕖𝕟𝕔𝕖 𝕔𝕠𝕞𝕖𝕤 𝕟𝕠𝕥 𝕗𝕣𝕠𝕞 𝕒𝕝𝕨𝕒𝕪𝕤 𝕓𝕖𝕚𝕟𝕘 𝕣𝕚𝕘𝕙𝕥 𝕓𝕦𝕥 𝕗𝕣𝕠𝕞 𝕟𝕠𝕥 𝕗𝕖𝕒𝕣𝕚𝕟𝕘 𝕥𝕠 𝕓𝕖 𝕨𝕣𝕠𝕟𝕘.

সকলো মানুহৰে আত্মবিশ্বাস থকা যথেষ্ট প্ৰয়োজন।

আত্মবিশ্বাস বঢ়াবলৈ আমি নিজকে ভালদৰে জনা উচিত।
আমি যিবিলাক বস্তুত ভাল তাৰ এখন তালিকা কৰিব লাগে, কিবা যদি বহুত সৰুও ভাল কাম কৰিছো তাকো তালিকাত উল্লেখ কৰিব লাগে। মাজে মাজে এই তালিকা খন উলিয়াই চালে নিজৰ ওপৰতে যথেষ্ট ভাল ভাব আহিব আৰু লাহে লাহে আত্মবিশ্বাস বাঢ়িব।
আনহাতে আন এখন তালিকা প্ৰস্তুত কৰিব লাগে য'ত আমাক দৰকাৰ হোৱা (কিন্তু আমাৰ নথকা) বস্তুবিলাকৰ উল্লেখ থাকে। এই বস্তুবিলাক আমি আহৰণ কৰাৰ চেষ্টা কৰিব লাগে।
উদাহৰণ হিচাবে যদি কোনো মানুহ বহুত খীণ কাৰণে কম আত্মবিশ্বাসত ভোগে, তেন্তে তেওঁ কেনেকে শকত হ'ব পাৰি তাৰ বাবে বিভিন্ন প্ৰচেষ্টা ল'ব পাৰে (যেনে উপযুক্ত আহাৰ খোৱা, উপযুক্ত ব্যায়াম কৰা আদি)।
মনত ৰাখিব লাগে যাতে আৰম্ভণীতে কৰা কাম বিলাক সৰু সৰু আৰু সহজ হয়, এই কাম বিলাকত সফল হ'লে লাহে লাহে আমাৰ নিজৰ ওপৰত বিশ্বাস বাঢ়িবলৈ ধৰিব।

আমি পৰাপক্ষত আনৰ লগত তুলনা কৰাৰ পৰা বিৰত থাকিব লাগে। সকলো মানুহেই ভিন্ন ভিন্ন, যদি কোনোবা এজনে এটা কাম কৰিব পাৰে তেন্তে সেইজন মানুহে আন এটা কাম কৰিব নোৱাৰিব পাৰে।
যি মানুহে সদায় আনৰ বেয়া বা দোখ হে দেখে তেনে মানুহৰ পৰা সদায় আতৰত থাকিব লাগে, তেনে মানুহৰ সংগই আত্মবিশ্বাস কম কৰে।
যি মানুহে উৎসাহ আৰু অনুপ্ৰেৰণা জগায়, তেনে মানুহৰ লগত থাকিলে ভাল।

আমি সকলোৱে নিজকে নিজে মনে মনে কিবা কিবি কৈ থাকো, সদায় মনত ৰাখিব লাগে যাতে আমাৰ মনৰ ভাববোৰ উৎসাহ যুক্ত আৰু সুখৰ হয়।

আমি নিজকে বহুত seriously ল'ব নালাগে, নিজৰ ভূল কাম আৰু মূৰ্খামিত আমি নিজেই হাঁহিব পাৰিব লাগে। যেতিয়া আনে আমাৰ ওপৰত হাঁহে, আমি খং নকৰি সকলোৰে লগত লগ হৈ হাঁহিব পাৰিলে ভাল।

আমি জানিব লাগে যে জয় আৰু পৰাজয় জীৱনৰ অংগ, আমি সদায় সকলো ক্ষেত্ৰতে জয়ী হৈ থাকিব নোৱাৰিবও পাৰো, কেতিয়াবা কোনো কোনো ক্ষেত্ৰত পৰাজয়ৰ সন্মুখিন ও হ'ব লাগিব পাৰে।
আমাৰ মনৰ পৰা বিফলতাৰ ভয় (fear of failure) আতৰাব পাৰিলে ভাল, নহ'লে ভয়তে আমি যি কোনো কাম কৰাৰ পৰা বিৰত থাকিম আৰু জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰিম।

আমি আমাৰ কম আত্মবিশ্বাস সম্বন্ধীয় সমস্যাৰ বাবে phychologist বা phychiatrist আদিৰ দৰে professional ৰ সহায় ল'ব পাৰো। বহুত মানুহে আজিৰ দিনতো phychologist ৰ ওচৰত যাব বেয়া পায়, ভাবে যে আন মানুহে জানিলে বেয়া হ'ব। কিন্তু ইয়াত বেয়া ভাবিব লগা একো নাই, যেনেদৰে কিবা বেমাৰ হ'লে আমি ডক্তৰৰ ওচৰলৈ যাও, এইটোও একেই।

আত্মবিশ্বাসৰ অভাবে মানুহৰ জীৱনত বহুত সমস্যাৰ সৃষ্টি কৰিব পাৰে। যিমান সম্ভৱ সোনকালে ইয়াৰ সমাধান কৰিব পাৰিলে ভাল।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

Tuesday, January 25, 2022

পৰিবৰ্তন: Change is inevitable in life

পৰিবৰ্তন, আমাৰ জীৱনৰ এটা অভিন্ন অংগ।
আমি যদি ভালদৰে মন দিও দেখিম যে প্ৰায় সকলো ক্ষেত্ৰতে আমাৰ জীৱনত যথেষ্ট পৰিবৰ্তন আহিছে আৰু আগলৈও আহিব। প্ৰকৃততে আগলৈ আৰু বেছি পৰিবৰ্তনহে আহিব।

বহুত মানুহ আছে যিয়ে পৰিবৰ্তনৰ নাম শুনিলে ভয় খায়। তেনে মানুহে যেন জীৱনতো সদায় একে প্ৰকাৰেই চলাই নিব, একো বিশেষ উন্নতি নকৰিব।
এইখিনিতেই এটা পুৰণি ঘটনা মনত পৰে। মই এটা office automation কোম্পানীত Customer Support ইন্জীনিয়াৰ হিচাবে কাম কৰিছিলো। এবাৰ এটা চৰকাৰী বেংকত আমি নোট গনণা কৰা machine এটা দি তাৰ মানুহক কেনেকে চলাব লাগে ভালদৰে শিকাই দি আহিলো। কিছুদিন পিছত অফিচত বেংকৰ মেনেজাৰৰ ফোন আহিল যে machine টো চলা নাই। মই গৈ দেখিলো যে machine থিকেই আছে। পিছত গম পালো যে যিজন মানুহে টকা গনণা কৰে তেখেতে machine চলাব ইচ্ছা কৰা নাই, কিয়নো এটা নতুন বস্তু শিকিব লাগিল। Machine টোৱে আচলতে মানুহজনৰ জীৱন অতি সহজ কৰি তুলিলেহেতেন, কিন্তু তেখেত পৰিবৰ্তনৰ বাবে সাজু নাছিল।

আগৰ দিনত চৰকাৰী খন্ডত এনেদৰে মানুহ পৰিবৰ্তন নোহোৱাকে চলিবও পাৰিছিল, তেতিয়া union ও আছিল সহায়ৰ বাবে।
কিন্তু আজিকালি চলিব অসুবিধা, science আৰু technology ইমান ঘনে ঘনে সলনি হয় যে মানুহে প্ৰায়ে পুৰণি বস্তু এৰি নতুন বস্তু শিকিব বাধ্য হয়। বেচৰকাৰী খন্ডত চাকৰি কৰিলে কেতিয়াবা এনেও হয় যে মানুহে পৰিবৰ্তনৰ লগতে নিজকে সলনি নকৰিলে চাকৰিও হেৰুৱাব লগীয়া হয় আৰু বেলেগ চাকৰি পাবলৈও অসুবিধা হয়।

আমি আমাৰ ল'ৰা ছোৱালীক সৰুৰে পৰাই পৰিবৰ্তনৰ লগত নিজকে মিলাই চলিব পৰাৰ শিকনি দিব লাগে। পৰিবৰ্তন অনুসৰি নতুন নতুন কথা শিকিব পৰা মনোভাব এটাও সৰুৰে পৰা গঢ়ি তুলিব লাগে।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

Friday, January 14, 2022

নিজৰ জীৱনৰ দ্বায়িত্ববোধ: Be responsible for own life

আমাৰ জীৱনত যেতিয়া কিবা ভাল হয় তেতিয়া আমি নিজেই ইয়াৰ credit লওঁ। কিন্তু যেতিয়া কিবা বেয়া হয় তেতিয়া ? আমাৰ নিজৰ বাহিৰে সকলোকে দোষ দি ফুৰো - এই মানুহজনৰ কাৰণে এইটো হ'ল, সেই মানুহজনৰ বাবে সেইটো হ'ল ... কোনো মানুহ নাপালে ভগবান বা গ্ৰহৰ ওপৰত দোষ দিও, বা ভাগ্যক।

কিন্তু আমাৰ জীৱনত যিয়েই নহওক কিয়, তাৰ বাবে জগৰীয়া মাত্ৰ আমি নিজেই। যদি কিবা ভাল চিন্তা বা কাম কৰিছো তাৰ সুফল পাইছো, যদি কিবা ভূল কৰিছো (জানি বুজি বা নজনাকে) তাৰ পৰিনামো পাইছো, হয়তো লগে লগে বা কেতিয়াবা কিছু সময় পিচত।

সকলোৱে এইটো মনত ৰাখিব লাগে যে নিজৰ জীৱনটোৰ দ্বায়িত্ব সদায় নিজৰহে। সকলোৱে জীৱনত যি কৰিব বা হ'ব সেইটো মাত্ৰ নিজৰ বাবেহে। যদি কোনোবাই জীৱনত উন্নতি কৰিব পাৰে, তাৰ সুফল সেই মানুহজনে নিজেহে পাব, আনে নাপায়। গতিকে নিজৰ জীৱনতো যাতে ভাল হয় তাৰ বাবে সকলোৱে চেষ্টা কৰিব লাগে।

বহুত ক্ষেত্ৰত দেখা যায় যে এইকথাটো বহুত ল'ৰা ছোৱালীয়ে (আনকি বহুত ডাঙৰ মানুহেও) বুজি নাপায়। জীৱনতো কিবা কিবি কৰি চলায়, কটাব লাগে বাবেই কটায়। ভবিষ্যতত কি কৰিব বিশেষ যেন একো চিন্তাই নাই। বহুতে ভাবে যে জীৱনতো এতিয়া যেনেদৰে চলিছে আগলৈও তেনেদৰেই চলিব।

মানুহ মৰণশীল - এই কথাটো আমাৰ বেছিভাগেই প্ৰায়েই পাহৰি যায়। আমাৰ কিছুমান মানুহ বহুত ক্ষেত্ৰত আনৰ ওপৰত নিৰ্ভৰশীল। তেনেক্ষেত্ৰত এইটো চিন্তা কৰিব লাগে যে আমি নিৰ্ভৰ কৰি থকা মানুহজন যেতিয়া আমাৰ মাজৰপৰা নোহোৱা হ'ৱ, তেতিয়া কি হ'ব ? গতিকে তাৰ ব্যৱস্থা আগতেই কৰিব লাগে।

মানুহে যিমান পাৰি সিমান আত্মনিৰ্ভৰ হোৱাৰ যত্ন কৰিব লাগে। ল'ৰা ছোৱালীকো অভিভাবকে সৰুৰে পৰাই আত্মনিৰ্ভৰ হোৱাৰ শিক্ষা দিব লাগে। নিজৰ জীৱনতো ভালদৰে চলাই নিব পৰা সকলো ধৰণৰ শিক্ষাই ল'ৰা ছোৱালীক শিকাব লাগে। এই ক্ষেত্ৰত অভিভাৱকৰ যথেষ্ট গুৰুত্ব আছে। আমাৰ বেছিভাগ অভিভাৱকে নিজেই জীৱনৰ দ্বায়িত্ববোধ বুজি পোৱা যেন নালাগে, গতিকে ল'ৰা ছোৱালীকো সেইবিষয়ে একো শিকাব নোৱাৰে। বেছিভাগ অভিভাৱকে ভাবে যে এখন ভাল স্কুলত ল'ৰা ছোৱালীৰ নাম লগাই দিব পাৰিলেই দ্বায়িত্ব শেষ। ঘৰত বিশেষ একো যত্ন নাই, নিজেও চিৰিয়েল চিনেমা চাই, সৰু ল'ৰা ছোৱালীকো দেখুৱায়। চিনেমা চিৰিয়েলত সৰু ল'ৰা ছোৱালীৰ বাবে উপযুক্ত একো নাথাকে, যথেষ্ট বেয়া শিকনি দিয়া বস্তুহে থাকে, সেইবোৰ চাই থাকিলে সৰু ল'ৰা ছোৱালীৰ মনত ভ্ৰান্ত ধাৰণাই স্থান পায় (আনকি ডাঙৰ মানুহৰ মনতো)।

জীৱনৰ দ্বায়িত্ববোধ ল'ৰা ছোৱালীক সৰুৰে পৰাই শিকাব পাৰিলে ভাল, কিয়নো ultimately জীৱনতো সকলোৰে নিজৰ বাবেহে।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

Wednesday, January 5, 2022

লক্ষ্যত সফলতাৰ বাবে পৰিকল্পনাৰ গুৰুত্ব: proper Planning and continuous Execution

আমি লক্ষ্য স্থাপন কৰাৰ পিচত তাক বিশদভাবে পৰিকল্পনা কৰিব লাগে। লক্ষ্যত উপনীত হ'বলৈ আমাক কি কি আৱশ্যক হ'ব পাৰে, সেই বিষয়ে ভালদৰে অনুসন্ধান কৰি সেইবিলাকৰ বিশদ তথ্য ল'ব লাগে।
উদাহৰণ হিচাবে যদি আমি এজন কলেজৰ ভাল lecturer হ'ব বিচাৰো, তেতিয়া আমি তাৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ এনে কৰিব পাৰো:
১) এজন ভাল lecturer ৰ লগত কথা হৈ বা তেখেতৰ লিখনি পঢ়ি বা video চাই বহুত জানিব পাৰো।
২) Google আৰু Youtube ৰ সহায় লৈও আমি বহুত জানিব পাৰো।

এনেদৰে লক্ষ্যত উপনীত হোৱাৰ বাবে সহায়ক দক্ষতা (skill) ৰ তালিকা প্ৰস্তুত কৰিব লাগে।
উদাহৰণ হিচাবে এজন ভাল lecturer হোৱাৰ বাবে লাগিব পৰা দক্ষতা বিলাক হ'ব পাৰে:

  • Phd in the subject
  • ভাল Communication skills
  • অসমীয়া আৰু English ভাষাৰ ভাল জ্ঞানৰ লগতে শুদ্ধ উচ্ছাৰণ আৰু ভাল vocabulary.
  • Public/stage speaking, Presentation Skills
  • Teaching skills
  • Pleasing personality

লক্ষ্যৰ সহায়ক দক্ষতাৰ তালিকা প্ৰস্তুত কৰাৰ পিচত, প্ৰতিটো দক্ষতাৰ বিষয়ে বিশদভাবে পৰিকল্পনা কৰিব লাগে। আমি প্ৰতিটো দক্ষতা কেনেকে আৰু কেতিয়া আহৰণ কৰিম তাৰ ওপৰত পৰিকল্পনা কৰিব লাগে। পৰিকল্পনা কৰোতে সদায় SMART শব্দটো তো মনত ৰাখিব লাগে (বিশেষ ইয়াত পাব)।
পৰিকল্পনা কৰোতে milestone (পৰ্যায়) হিচাবত কৰিলে ভাল, তেতিয়া পৰিকল্পনাৰ অগ্রগতি জানিব পাৰি। প্ৰতিটো পৰিকল্পনাৰ প্ৰতিটো milestone ৰ দৈনিক বা সাপ্তাহিক হিচাবত কার্য্য (task) থাকিব লাগে।

এখন sample overall plan, এজন HS পঢ়ি থকা ল'ৰাৰ বাবে

উদাহৰণ হিচাবে ভাল lecturer হ'বলৈ লগা communication skills, public speaking আৰু pleasing personality আমি আমাৰ দৈনন্দিন পঢ়া শুনাৰ লগতে শিকিব পাৰো। আমি সাপ্তাহিক কিবা course ও কৰিব পাৰো। দৈনিক বা সাপ্তাহিক হিচাবত আমি সময় নিৰ্ধাৰণ কৰিব লাগে আৰু তাক নিয়মিত হিচাবত কৰি যাব লাগে।

সকলো দক্ষতা একেলগতে শিকা সম্ভৱপৰ নহ'ব পাৰে, গতিকে দক্ষতাৰ গুৰুত্ব (importance) ৰ ওপৰত নিৰ্ভৰ কৰি শিকিব লাগে।
যেনে, ইয়াত দিয়া উদাহৰণত, Teaching skills আমি লাহে লাহে শিকিলেও হ'ব, গতিকে তাৰ বাবে আমি কিছু বছৰ পিচৰ পৰিকল্পনা কৰিলেও হ'ব। কিন্তু তাৰ বাবেও লিখিত পৰিকল্পনা কৰিব লাগে।

এখন sample detailed plan for acquiring communication skills

আমাৰ লক্ষ্যত লগা দক্ষতা বিলাক সুবিধা পালেই দৈনন্দিন কামত ব্যৱহাৰ কৰিব লাগে। উদাহৰণ হিচাবে public speaking ৰ বাবে য'তেই সুবিধা পোৱা যায় তাতেই stage বা বহুত মানুহৰ সমুখত কথা কোৱাৰ সুবিধা বিচাৰি ল'ব লাগে।

মাজে মাজে আমাৰ পৰিকল্পনা হিচাবে আমি দক্ষতা শিকি আছো নে নাই চাব লাগে। যদি হোৱা নাই তাৰ বাবে উপযুক্ত ব্যৱস্থা ল'ব লাগে।

Routine ৰ গুৰুত্ব:
আমাৰ সাপ্তাহিক routine থাকিব লাগে। প্ৰতিদিনে আমি কেতিয়া কি কি কৰিম, তাক লিখিত আকাৰে বনাই থ'ব লাগে। Routine ত পঢ়া শুনা, দক্ষতাৰ লগতে physical activity / game, creativity, মনোৰন্জন আদিৰ বাবেও সময় ৰাখিব লাগে।

এখন sample weekly routine

মাত্ৰ লক্ষ্য নিৰ্ধাৰণ কৰিলেই আমি লক্ষ্যত সফল হ'ব নোৱাৰো। সফলতাৰ বাবে এখন উপযুক্ত লিখিত পৰিকল্পনা প্ৰস্তুত কৰি সেই হিচাবত দৈনিক কাম কৰি যোৱাও যথেষ্ট দৰকাৰ। সাপ্তাহিক routine ৰ ব্যৱহাৰে আমাক লক্ষ্যত সফল হোৱাত সহায়ক হয়।

Related:

The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

Tuesday, December 21, 2021

জীৱনত লক্ষ্যৰ গুৰুত্ব: Dream Big, Aim High


আমাৰ বেছিভাগৰে সৰুৰ পৰা একো লক্ষ্য নাথাকে, ডাঙৰ হৈ জীৱনত কি কৰিম আমি বেছিভাগেই নাজানো। যিবিলাকৰো থাকে, সিহতৰ লক্ষ্যও সৰু ।
ইয়াত হয়তো আমাৰো বিশেষ দোষ নাই, আমি সৰুৰে পৰা আমাৰ ওচৰে পাজৰে যি দেখি ডাঙৰ হও, তাকে সঁচা বুলি ভাবো। আমাৰ সমাজৰ বেচিভাগ মানুহেই অলপতে সন্তুষ্ট হৈ থকা বিধৰ, অসমৰ ভিতৰতে আন ঠাইত পদোন্নতি দি চাকৰিত স্থানান্তৰণ কৰিলে নলয়, বেচিভাগেই শেষ কিতাপখন কলেজৰ দিনতে পঢ়া, যদিও পঢ়িছে তাকো চিনেমা, গল্প আদিৰ দৰে মনোৰন্জক কিতাপহে পঢ়ে, নিজৰ জীৱনতো উন্নত কৰিব পৰা ধৰণৰ বিশেষ একো প্ৰবন্ধ বা কিতাপ নপঢ়ে। গতিকে ডাঙৰক দেখি দেখি সৰু ল'ৰা ছোৱালী বিলাকৰো চিন্তা তেনেকুৱা হৈ যায়।

মই সৰুতে ভাবিছিলো যে আমাৰ যিমানে জ্ঞান বেছি হ'ব সিমানে আমি জীৱনত উন্নতি কৰিব পাৰিম, কিন্তু এইটো সম্পূৰ্ণ সত্য নহয়। মানুহে জীৱনত কিমান উন্নতি কৰিব পাৰে তাৰ বাবে জ্ঞানৰ লগতে ডাঙৰ লক্ষ্য আৰু risk taking ability লাগে।
যদিহে মানুহ এজনৰ একো বিশেষ লক্ষ্য নাথাকে, ভাবে যে জীৱনতো সাধাৰণ ভাবে চলি গলেই হ'ল, তেনেহলে মানুহজনে জীৱনত বিশেষ একো কৰিব নোৱাৰে, উপযুক্ত জ্ঞান থাকিলেও।

Role model ৰ গুৰুত্ত: আমাৰ পৰিয়াল আৰু থকা ঠাইৰ ওচৰে পাজৰে role model ৰ প্ৰয়োজনীয়তা আছে। আমি লক্ষ্য ৰাখিব লাগে যাতে থকা ঠাইৰ ওচৰে পাজৰে কোনো সফল ব্যক্তি (যি কোনো বিষয়ত) থাকে যাতে ল'ৰা ছোৱালী তেনে ব্যক্তিক দেখি অনুপ্ৰানীত হ'ব পাৰে। সফল ব্যক্তিৰ সাক্ষাৎকাৰ আদি শুনিলেও লাভবান হ'ব পাৰি।

সৰুৰে পৰাই ল'ৰা ছোৱালীক জীৱনত ডাঙৰ লক্ষ্য স্থাপন কৰিবলৈ উৎসাহিত কৰিব লাগে। লক্ষ্য ডাঙৰ হ'লে জীৱনত বহুত উন্নতি কৰিব পাৰি, যদিও কিবা কাৰণত লক্ষ্যত উপনীত হ'ব নোৱাৰি।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

Thursday, December 9, 2021

Communication skills


এটা ভাল communication skills থকাটো অতি আৱশ্যক, সকলোৰে বাবে। বিভিন্ন সময়ত আমাৰ মনৰ ভাৱ আৰু ধাৰণা আমাৰ লগত থকা আন মানুহৰ লগত clearly প্ৰকাশ কৰিব লগা হয়।
বহুতেই বেচিকে কথা কোৱাকেই ভাল communication skills বুলি ভাবে, কিন্তু কথাৰে মনৰ ভাব ভালদৰে প্ৰকাশ কৰিব পাৰিব লাগিব। বহু সময় কথা কোৱাৰ পিচতো বহুজনে মনৰ ভাৱ ভালদৰে বুজাব নোৱাৰে, আনহাতে কোনোজনে অলপ কৈয়ে বুজাব পাৰে।

বহু ক্ষেত্ৰত বিভিন্ন ভাষাৰ মানুহ একেলগে কাম কৰে, তেনে অৱস্থাত common ভাষা শিকিব লগা হয়। নিজৰ প্ৰাদেশীক ভাষাৰ ওপৰিও হিন্দী আৰু ইংৰাজী ভাষা জনাতো অতি প্ৰয়োজনীয়।
আজিকালি বহুতেই ভাৰতৰ বাহিৰৰ আন দেশৰ মানুহৰ লগত একেলগে কাম কৰিব লগা হয়। তেনে ক্ষেত্ৰত ইংৰাজী ভালদৰে বুজিব, ক'ব আৰু লিখিব পাৰিলে যথেষ্ট সুবিধা হয়।
এইখিনিতেই এটা বহু পুৰণি কথা মনত পৰে। এটা কোম্পানীত কাম কৰোতে আমি ইংলন্ডৰ এটা team ৰ লগত একেলগে কাম কৰিব লৈছিলো, সদায় ৩০ মিনিটৰ মিটিং হয়, আমি কি কাম কৰি আছো আৰু কৰিম ক'ব লাগে। সিহতৰ মানুহে কোৱা কথাবিলাক আমি ভালদৰে বুজি নাপাও, সিহতৰ ইংৰাজী কোৱা ধৰণ বেলেগ আৰু খৰকৈ কয়, সিহতে ১০ টা শব্দ কোৱা শেষ কৰিলে তেতিয়ালৈ আমি মাত্ৰ ৫ টা শব্দহে বুজি উঠো। কেতিয়াবা সিহতে কিবা সুধিলে আমি বুজি নাপায় বেঙাৰ দৰে yeah কৈ থও, পিচত লাহে লাহে বুজি উঠাৰ পিচত নিজৰে হাঁহি উঠা হ'ল।

আন মানুহে কোৱা কথা ধৈৰ্য্য সহকাৰে শুনা আৰু বুজাও communication skills ৰে অংশ। কিয়নো যেতিয়ালৈ আনজন মানুহে কি কৈছে আমি বুজি নাপাও, আমি ভালদৰে তাৰ ওপৰত মন্তব্য় কৰিব নোৱাৰো।

আমাৰ চাকৰি জীৱনত আমি যিমানে আগুৱাই যাম সিমানেই আমাক communication skills ৰ বেছি প্ৰয়োজন হয়। আমি বহুত কথা বেচি সংখ্যক মানুহৰ লগত আদান প্ৰদান কৰিব লগা হয়। তেতিয়া আমাক presentation আৰু public speaking skills ৰো আৱশ্যকতা হয়।

আমাৰ ল'ৰা ছোৱালীৰ সৰুৰে পৰা ভাল communication skills গঢ়ি উঠাত গুৰুত্ত দিব লাগে । ইংৰাজী ভাষা সলসলিয়াকৈ ক'ব, বুজিব, পঢ়িব আৰু লিখিব পৰাটোৱে জীৱনত যথেষ্ট অৰিহনা যোগাব।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

Monday, December 6, 2021

Parenting is challenging


কিছুদিন ধৰি মই মোৰ ল'ৰাৰ online ক্লাচত লৰাৰ লগত বহিছো। Pre-primary ক্লাচতে কিমান যে জানিব লাগে, আমাৰ দিনত হয়তো আমি পঞ্চম বা ষষ্ঠ শ্ৰেণীতহে জানিছিলো। সৰুৰ পৰাই ল'ৰা ছোৱালীয়ে বহুত জানিব শিকিব লগা হয়।

আনহাতে এনেকুৱা লাগে যে আজিকালি ল'ৰা ছোৱালী ডাঙৰ কৰা মাক বাপেকৰ বাবে যথেষ্ট কষ্টকৰ কাম হৈ উঠিছে।
জন্ম হোৱাৰ পৰাই ডক্তৰে যেন প্ৰতিটো বস্তুৰে খবৰ লৈ থাকে। যিমান বাৰ ভেকচিন্ ল'ব যোৱা হয়, প্ৰতিবাৰে উচ্চতা, ওজন, মূৰৰ জোখ লয়। মানুহৰ ফালে চাই নে নাই, হাহে নে নাহাহে, মুখেৰে শব্দ কৰে নে নাই, শব্দ শুনিলে চাই নে নাই, eye contact কৰে নে নাই, কথা কয় নে নাই, কিমান word জানে, ইমান বয়সত ইমান word জানে নে নাই, খোজ কাঢ়ে নে নাই, কিমান বয়সত খোজ কাঢ়িচে, অকলে কতো নধৰাকৈ steps বগাব পাৰে নে নাই, লৰা ছোৱালীৰ লগত খেলে নে নাই, খেলোতে কেনে ব্যৱহাৰ কৰে, কিবা এটা কৰিব দিলে কৰে নে নাই .... আৰু কত কি ...
যদিহে কিবা এটা হোৱা নাই, ভয় খুৱাবলৈহে যেন ডক্তৰ ৰৈ থাকে। ইয়াত যাওক, এইজন specialist ক লগ কৰক, এইটো therapy কৰক .... ইমান যে specialist আৰু therapist থাকে ইয়াৰ আগত নাজানিছিলো।

আগৰ সময়তো ল'ৰা ছোৱালীক লৈ অভিভাবকে ইমানেই কষ্ট কৰিব লাগিছিল নে? মেট্ৰিক বা হায়াৰ চেকেন্দাৰী পৰীক্ষাক লৈ চিন্তিত হোৱা দেখিছিলো, কিন্তু তাৰ বাহিৰে ? নে মহানগৰৰ অত্যাধুনিকতা এয়া ? নে আজিৰ যুগৰ এইবোৰ নতুন সমস্যা ?