Friday, February 25, 2022

শিক্ষা, সফলতা আৰু কিবা কিবি ...

মই স্কুলত পঢ়া সময়ত, প্ৰতিটো ক্লাচতে যদিও বিভিন্ন বিষয় (subject) আছিল, তথাপি বেছিভাগতে মন নবহিছিল। পিচত নবম্ দশম্ শ্ৰেণীত advanced Maths লোৱাৰ পিচত এনে লাগিছিল যেন মাত্ৰ Maths আৰু Science হে মূখ্য বিষয়, ঘৰতো মাত্ৰ এই কেইটাৰ ওপৰতহে গুৰুত্ব দিছিল। এনে এটা ভাৱ আছিল যে বিজ্ঞান শাখাৰ মানুহৰ বাবে আন বিষয় বিলাক অদৰকাৰী।

পিচত চাকৰি কৰা সময়ত লাহে লাহে বুজি উঠিলো যে সৰুকালৰ ধাৰণা ভূল আছিল, বিজ্ঞান শাখাৰ মানুহকো আন বহুত বিষয়ৰ ওপৰত জ্ঞান লাগে, জীৱনত সফল হ'বলৈ; তেনে কিছুমান বিষয় হ'ল:

পঢ়ি থকা সময়ত বিজ্ঞান বা কলা (arts) শাখাৰ যিয়েই নহওক কিয় সকলো বিষয়ৰে জ্ঞান আহৰণৰ যত্ন কৰিব লাগে। পাঠ্যপুথি পঢ়াৰ লগতে আন ধৰণৰ আলোচনী পঢ়িব, বিভিন্ন ধৰণৰ খেল, বিভিন্ন দক্ষতা (skill) আহৰণ কৰিব লাগে, বিভিন্ন ধৰণৰ সাঁথৰ (Puzzle) সমাধান কৰিব লাগে, balanced খাদ্য খাব লাগে আৰু উপযুক্ত পৰিমানে বিশ্ৰাম কৰিব লাগে।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

Monday, February 21, 2022

স্বাস্থ্যৰ যত্ন: খাদ্য, ব্যায়াম আৰু বিশ্ৰামৰ প্ৰয়োজনীয়তা

আমি সকলো সময়তে আমাৰ স্বাস্থ্যৰ যত্ন ৰাখিব লাগে। কিয়নো এবাৰ স্বাস্থ্যৰ ক্ষতি হ'লে তাক ঘূৰাই পোৱা কষ্টকৰ। স্বাস্থ্য ভালে নাথাকিলে আমি আন একো কাম ভালদৰে মন দি কৰিব নোৱাৰো।

মানুহে সাধাৰণতে যেতিয়া স্বাস্থ্য ভালে থাকে তাৰ মূল্য বুজি নাপায়। আমি যেতিয়া ভালদৰে দেখা আৰু শুনা পাওঁ, ভালদৰে টোপনি আহে, সকলো বস্তু খাব পাৰো, ভালদৰে খোজ কাঢ়িব পাৰো, সকলো কথা ভালদৰে মনত ৰাখিব পাৰো, তেতিয়া এইবিলাকৰ মূল্য বুজি নাপাও। কিন্তু কিবা কাৰণত বা বয়স বঢ়াৰ লগে লগে যেতিয়া আমি এই সাধাৰণ কাম বিলাক কৰোতে অসুবিধা পোৱা হ'ম তেতিয়া ইয়াৰ মূল্য বুজি পাম।

নিয়মিত ব্যায়াম কৰা স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। সৰুৰে পৰাই ব্যায়াম কৰাৰ অভ্যাস ৰাখিব লাগে। আজিকালি দেখা যায় যে বহুত সৰু ল'ৰা ছোৱালীয়ে খোজ কঢ়াকেই ব্যায়াম কৰা বুলি কয়। কিন্তু কম বয়সত দৌৰা, সাতোৰা, বিভিন্ন খেল ধেমালি আদিৰ দৰে high-impact কাৰ্য্য হে কৰিব লাগে। খোজ কঢ়াতো বয়সীয়াল মানুহৰ বাবেহে ব্যায়াম হ'ব পাৰে।
সূৰ্যৰ পোহৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়, বিশেষকে ৰাতিপুৱাৰ। গতিকে outdoor activity স্বাস্থ্য বাবে লাভজনক।

স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে আমি আমাৰ খোৱা খাদ্যৰ ওপৰত চকু ৰাখিব লাগে। Junk food, পেকেটৰ খাদ্য যিমান পাৰি কমাই খাব লাগে। ফল তৰকাৰি শাক পাছলী যিমান পাৰি কেচাই খাব লাগে। আমিষ (non veg) খাদ্য নিয়ন্ত্ৰণত খাব লাগে।

সুস্বাস্থ্যৰ বাবে উপযুক্ত পৰিমানে বিশ্ৰামৰো প্ৰয়োজন। ভাল টোপনি দেহ আৰু মনৰ বাবে আৱশ্যকীয়।

ইয়াৰ ওপৰিও সদায় মন উৎফুল্লিত কৰি ৰখা দৰকাৰ। আমি দৈনিক অলপ সময় আমাৰ নিজৰ বাবে ৰাখিব লাগে য'ত আমি ভাল পোৱা কাম কৰিব পাৰো।

দেহা থাকিলেহে বেহা, এইটো একেবাৰে সঁচা কথা। সুস্বাস্থ্য মানুহৰ প্ৰকৃত সম্পদ। আমি সকলোৱে সদায় স্বাস্থ্য ভালে ৰখাৰ যত্ন কৰিব লাগে।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

Comfort zone

আমাৰ সকলোৰে এটা স্বাভাৱিক স্বভাৱ থাকে, য'ত আমি সন্তুষ্ট আৰু সুৰক্ষিত অনুভৱ কৰো, য'ত আমাৰ উদ্বিগ্নতা আৰু মানসিক চাপ আটাইতকৈ কম। এইটোকেই আমাৰ Comfort zone বুলি ক'ব পাৰো।

আমি বেছিভাগেই সদায় আমাৰ Comfort zone ত থাকিব বিচাৰো। কিন্তু বহু সময়ত আমি Comfort zone ৰ পৰা আঁতৰি আহি কাম কৰিব লগীয়া হয়। সকলো সময়তে Comfort zone ত থাকিলে আমি নিজকে আৰু বেচি উন্নত কৰাত অসুবিধা হয়।
যেনে কোনো introvert বিজ্ঞানী মানুহ এজন এটা research ত কাম কৰি আছে, তেখেত কামক লৈ সন্তুষ্ট কিয়নো তেখেতৰ কামত মানুহৰ লগত বিশেষ সম্পৰ্ক নাই। কিন্তু মানুহজনক কিছু সময় পিছত মেনেজাৰ পদলৈ পদোন্নতি দিয়াৰ পিচত তেখেত কামত অসন্তুষ্ট হ'বও পাৰে, কিয়নো মেনেজাৰ হোৱাৰ পিচত তেখেত অকলশৰে বহি কাম কৰিব নোৱাৰিব পাৰে, তেখেতে তেতিয়া আন বহুত মানুহৰ লগত সম্পৰ্ক ৰাখি একেলগে কাম কৰিব লাগিব। গতিকে তেখেতে চাকৰিত উন্নতি কৰিব লাগিলে Comfort zone ৰ পৰা আতৰি আহিব লাগিব, মানুহৰ লগত সম্পৰ্ক গঢ়ি তোলা আৰু বহুত মানুহৰ লগত একেলগে কাম কৰা শিকিব লাগিব।

Comfort zone ৰ বাহিৰত কাম কৰিলে মানুহৰ কিছু পৰিমানে উদ্বিগ্নতা আৰু মানসিক চাপ হয়, কিন্তু লাহে লাহে পৰিস্থিতিৰ লগত মিলি গৈ ই বহুত পৰিমানে কম হৈ যায়।
সকলো মানুহৰে stress ল'ব পৰা ক্ষমতা সমান নহয়। গতিকে নিজৰ ক্ষমতা অনুসৰিহে কাম কৰিব লাগে।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

Sunday, February 13, 2022

আৰ্থিক সাক্ষৰতাৰ প্ৰয়োজনীয়তা

টকা পইচা হাতৰ মলি বুলি আমি যিমানেই নকও কিয় আমাৰ জীৱনত টকা পইচাৰ গুৰুত্ব যথেষ্ট। টকা পইচা আৰ্জন কৰি সঞ্চয় কৰি জীৱনটো ভালদৰে চলিবলৈ সকলোৰে আৰ্থিক সাক্ষৰতা থকাৰ প্ৰয়োজন।

কিন্তু প্ৰকৃততে আৰ্থিক সাক্ষৰতা আমাক কোনেও কেতিয়াও নিশিকায়। ঘৰতো ইয়াৰ বিষয়ে একো শিক্ষা পোৱা নাযায় কিয়নো বেছিভাগ অভিভাৱকে নিজেই নাজানে। চহৰত থকা সকল হয়তো অলপ সজাগ, কিন্তু বাকি মানুহ বিলাক আৰ্থিক দিশত নিৰক্ষৰ।
বহুত মানুহে কৰ্ম জীৱনত যথেষ্ট আৰ্জন কৰে কিন্তু আৰ্থিক নিৰক্ষৰতাৰ বাবে পিচলৈ বহুত বেয়া অৱস্থাত পৰে।


DO NOT SAVE WHAT IS LEFT AFTER SPENDING,
BUT SPEND WHAT IS LEFT AFTER SAVING.

– Warren Buffet

সকলো মানুহৰে সঞ্চয়ৰ আৱশ্যকতা, উপাৰ্জন আৰু ব্যয় (earning and spending), Asset & Liability, মুদ্রাস্ফীতি (inflation), আৰ্থিক লক্ষ্য (financial goal), emergency fund, interest rate, loan, insurance, credit card, retirement আদিৰ বিষয়ে ঠুলমুল জ্ঞান থকা প্ৰয়োজন। অভিভাৱক সকলে এইবিলাকৰ বিষয়ে জানিব চেষ্টা কৰিব লাগে আৰু ঘৰৰ আন বিলাককো (বিশেষকে সৰু ল'ৰা ছোৱালীক) শিকাব যত্ন কৰিব লাগে। ল'ৰা ছোৱালীয়ে যিমানে সৰুৰ পৰা এইবিলাকৰ বিষয়ে জানিব, ডাঙৰ হৈ সিমানে আৰ্থিক ক্ষেত্ৰত ভালদৰে চলিব পাৰিব।

Financial Literacy is just as important in life as the other basics.

আৰ্থিক সাক্ষৰতাৰ জীৱনত অতি আৱশ্যক, নহ'লে যথেষ্ট আৰ্থিক সমস্যাৰ সন্মুখিন হ'ব লগাত পৰিব লগীয়া হয়।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.

Friday, February 4, 2022

Risk-taking ability: জীৱনত ইয়াৰ প্ৰয়োজনীয়তা

জীৱনত আমি কেতিয়াবা এনে পৰিস্থিতিৰ সন্মুখিন হও যে আমি সিদ্ধান্ত ল'ব নোৱাৰা হওঁ, কি কৰিম কি নকৰিম অৱস্থা হয়। কেতিয়াবা এনে লাগে যে কিবা এটা কাম কৰিলে আমাৰ বহুত ক্ষতি হোৱাৰ সম্ভাৱনা থাকে, কিন্তু কামটো নকৰিলে আমি জীৱনত পিচ পৰি ৰওঁ।

উদাহৰণ হিচাবে এজন নিবনুৱা যুবকে জীৱন নিৰ্বাহ কৰিবলৈ ব্যৱসায় কৰাৰ কথা চিন্তা কৰিব পাৰে। কিন্তু ইয়াত risk আছে, কিয়নো ব্যৱসায় আৰম্ভ কৰিবলৈ অৰ্থৰ প্ৰয়োজন আৰু ব্যৱসায় সফল নহ'লে ব্যৱসায়ত ব্যৱহাৰ কৰা সকলো পইচা, সময় আৰু কষ্ট অনৰ্থক যাব পাৰে।
কিন্তু যদি ব্যৱসায় নকৰি মাত্ৰ চাকৰিকে বিচাৰি ফুৰে, তেতিয়া হয়তো চাকৰি পাবলৈ হাবাথুৰি খাই ফুৰিব পাৰে আৰু জীৱনত বিশেষ একো কৰিব নোৱাৰিবও পাৰে।

এনেকুৱা পৰিস্থিতিত আমি calculated risk ল'ব পাৰো। ইয়াত আমি risky কামটো কৰাৰ আগতে কামত সফল হ'ব পাৰো নে নোৱাৰো সেইটো বিষদভাবে চালি জাৰি চাব লাগে। যেনে ব্যৱসায়ৰ বিষয়ে আমাৰ জ্ঞান কিমান, ব্যৱসায়ৰ demand আছে নে নাই, ভালদৰে আৰম্ভ কৰিবলৈ কিমান খৰচ পৰিব, competitor কোন কোন, কোন ঠাইত আৰম্ভ কৰিম, কিমান কৰ্মচাৰীৰ প্ৰয়োজন হ'ব, আৰম্ভনিতে ব্যৱসায় নচলিলেও কৰ্মচাৰীক দৰমহা দিব পাৰিম নে নাই, গ্ৰাহক আছে নে নাই, উৎপাদিত বস্তু কাক ক'ত কেনেকে কিমান দামত বিক্ৰি কৰিব পাৰিম, ব্যৱসায়ত লগা সামগ্ৰী ক'ৰ পৰা কেনেকে কিমান দামত আনিব পাৰিম, লাভ কিমান হ'ব পাৰে ইত্যাদি কথা ভালদৰে জানি ল'লে আমি ব্যৱসায়ত সফল হ'ব পাৰিম নে নাই এটা সম্যক ধাৰণা কৰিব পাৰিম। এই ক্ষেত্ৰত আমি ব্যৱসায়টোৰ ওপৰত জ্ঞান থকা কোনো মানুহৰ সহায় ল'ব পাৰো।
এনেদৰে risky কামৰ এটা সম্যক ধাৰণা হোৱাৰ পিচত আমি যদি কামটোত সফল হোৱাৰ আশা দেখা পাও, তেতিয়া কামটোত আগ বাঢ়িব পাৰো। এনে কৰিলে risk যথেষ্ট কমি যায়।

The Biggest Risk in life is not taking any Risks at all !

Risky কাম বা পৰিস্থিতিত আমি একো নভবা নিচিন্তাকৈ জাপ মাৰি পৰিলে বহুত কিবা কিবি হেৰোৱাৰ সম্ভাৱনা আছে। আনহাতে কামবিলাক risky বুলি ভাবি যদি আগ নাবাঢ়ো তেতিয়াহলে আমি বেছিভাগ ভাল কামকেই কৰিব নোৱাৰিম। গতিকে calculated risk লোৱাটো জীৱনত অতি প্ৰয়োজনীয়।


The views posted here are entirely mine and they are not necessarily correct. You are most welcome to differ to them. Please post your views as comment.